শনিবাৰে নিশা ডুৰাণ্ড লাইন (পাক-আফগান সীমান্ত)ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। কাবুলত পাকিস্তানে কৰা আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ নিশা আফগানিস্তানে প্ৰতিশোধ লয়। খবৰ অনুসৰি সেই আক্ৰমণত কমেও ১২ জন পাকিস্তানী সেনা জোৱান নিহত হৈছে। ইয়াৰ উপৰিও কেইবাজনো জোৱান আহত হয়।
শনিবাৰে আফগান সেনাই পাকিস্তানৰ সামৰিক ঘাটিত আক্ৰমণ চলায়। কিন্তু সেই সময়ত কেৱল পাকিস্তানী সৈন্যই নহয়, আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে তালিবান নেতৃত্বাধীন বাহিনীয়ে পাকিস্তানী সেনাৰ কেইবাটাও সীমান্ত আউটপোষ্ট দখল কৰিছে। ইয়াৰ ভিতৰত কুনাৰ আৰু হেলমাণ্ড প্ৰদেশৰ অঞ্চলসমূহো অন্তৰ্ভুক্ত।
বাতৰি অনুসৰি, বাহৰামচা জিলাৰ ছাকিজ, বিবি জানি আৰু ছালেহান অঞ্চলৰ লগতে পাকটিয়াৰ আৰিউব জাজী জিলাতো সংঘৰ্ষ সংঘটিত হয়। আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এজন বিষয়াই এক বিবৃতিত কয় যে তালিবান বাহিনীয়ে কুনাৰ আৰু হেলমাণ্ড প্ৰদেশৰ ডুৰাণ্ড লাইনৰ কাষৰীয়া কেইবাটাও পাকিস্তানী সেনাৰ চকী দখল কৰিছে।
বৃহস্পতিবাৰে নিশা কাবুলত ধাৰাবাহিক বিস্ফোৰণে জোকাৰি যায়। আফগান তালিবান চৰকাৰে দাবী কৰে যে পাকিস্তানী বায়ুসেনাৰ যুদ্ধ বিমানে তেওঁলোকৰ আকাশমাৰ্গ উলংঘা কৰি কাবুলত বোমা নিক্ষেপ কৰে। ইয়াৰ উপৰিও আফগান তালিবান চৰকাৰে দাবী কৰিছিল যে পাক-আফগান সীমান্তৰ পাটিকা প্ৰদেশতো বোমা পৰিছে। ইয়াৰ পিছত আফগানৰ তালিবান চৰকাৰে পাকিস্তানে তেওঁলোকৰ সাৰ্বভৌমত্ব ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতে শনিবাৰে আফগানিস্তানে প্ৰতিশোধ লয়।
আফগানিস্তানৰ ২০১খালিদ বিন ৱালিদ আৰ্মী কৰ্পছে আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানী সামৰিক ঘাটি এটাক লক্ষ্য কৰি প্ৰতিশোধমূলক আক্ৰমণ চলাইছিল বুলি জানিবলৈ দিয়ে। আফগান সেনাবাহিনীৰ এই আক্ৰমণত বহু পাকিস্তানী জোৱান নিহত হোৱা বুলি দাবী কৰিছে আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে। ইয়াৰ উপৰিও কেইবাখনো পাকিস্তানী অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক বাহনও ধ্বংস কৰা হয়। বিশ্লেষকসকলে কয় যে ২০২১ চনত তালিবানে পুনৰ ক্ষমতালৈ অহাৰ পিছত দুয়োখন দেশৰ সীমান্তত এইটোৱেই আছিল আটাইতকৈ ডাঙৰ সংঘৰ্ষ।





