এইবাৰ আমেৰিকাৰ বিদ্যালয় চৌহদত গুলীচালনাৰ ঘটনা। খবৰ অনুসৰি ফুটবল খেলক লৈ উত্তেজনা সৃষ্টি হোৱাৰ ফলত মাজনিশা বন্দুকধাৰীৰ আক্ৰমণত ৪ জন লোক নিহত হয়। এই ঘটনাত আহত হয় ১২ জন লোক। শুকুৰবাৰে মাজনিশা সংঘটিত হয় এই ঘটনা।
মিচিচিপি প্ৰদেশৰ ৰাজধানী চহৰ জেকচন। খবৰ অনুসৰি জেকচনৰ পৰা ১৯০ কিলোমিটাৰ নিলগৰ লেলেণ্ডৰ এখন বিদ্যালয়ত গুলীচালনাৰ ঘটনা সংঘটিত হয়। এই খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আহতসকলৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক। চিকিৎসাৰ বাবে বিমানেৰে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
মেয়ৰ জন লীয়ে কয় যে লেলেণ্ডৰ মূল পথত গুলীচালনা সংঘটিত হৈছে। কোনো সন্দেহযুক্ত লোকক চিনাক্ত কৰা নাই আৰক্ষীয়ে। এই পৰ্যন্ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও খবৰ পোৱা গৈছে।
লেলেণ্ডৰ মূল ৰাস্তাত সাধাৰণতে শুকুৰবাৰে নিশা ভিৰ হয়। স্থানীয় বাসিন্দাসকলে সপ্তাহৰ শেষত ঘৰলৈ উভতি অহাৰ আনন্দ উদযাপন কৰে। আমেৰিকাত বিদ্যালয়সমূহে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সামূহিক অনুষ্ঠানত আদৰণি জনোৱাৰ প্ৰথা আছে। সেই সময়ছোৱাত ফুটবল খেলকে ধৰি কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হয়।
তাতেই হঠাৎ হুলস্থুলৰ মাজতে নিৰ্বিচাৰ গুলীচালনা ঘটিল। ফলত ৪ জন লোকৰ মৃত্যু হয়। আহত হৈছে কমেও ১২জন লোক। আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি তদন্ত আৰম্ভ কৰিছে।





