• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৌদিশে ধিক্কাৰ পিতা-পুত্রক! হিতেশ দেৱ শৰ্মা-গীতার্থ দেৱ শৰ্মাৰ উদ্ধতালিক গৰিহণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2025 12:12 pm
266
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ নিকাচিস্থিত জিলা কাৰাগাৰ চৌহদৰ প্ৰৱেশদ্বাৰত কালি সম্পূর্ণ অপ্রত্যাশিতভাবে উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে দায়ী কোন? কাৰ প্ৰৰোচনাৰ বাবে ১৫ অক্টোবৰত বাক্সা জিলাত সৃষ্টি হ’ল অনাকাংক্ষিত পৰিস্থিতিৰ? প্ৰতিবাদকাৰীক লাঠিচালনা কৰি পৰিস্থিতি গুৰুতৰ কৰাৰ অভিযোগত নাম আহিছে বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাৰ। সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমত হাতত লাঠি লৈ প্ৰতিবাদকাৰীক খেদি যোৱা এইজন আৰক্ষী বিষয়াৰ মুখ স্পষ্টকৈ ৰাইজে দেখাৰ পাছতে সৰ্বত্ৰে দিছে গৰিহণা।

কালিৰ দিনটোত গীতাৰ্থ দেৱ শৰ্মাৰ চূড়ান্ত ব্যর্থতাৰ বাবে নিমিষতে নিকাচিত জ্বলি উঠিল ক্ষোভৰ জুই। প্রাণৰ জুবিনক হেৰুৱাই ২৭টা দিনে ৰাইজ কিমান দুখ, ক্ষোভ, বেদনাত জর্জৰিত হৈ থাকিব পাৰে সেয়া অনুধাৱন কৰাত ব্যর্থ হ’ল আৰক্ষী-প্রশাসন অথবা চৰকাৰী চোৰাংচোৱা। যাৰ বাবেই জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত গ্রেপ্তাৰ হোৱা শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মাসহ পাঁচ অভিযুক্তক বাক্সাৰ নিকাচিৰ জিলা কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে সংঘটিত হয় হিংসাত্মক ঘটনা। উল্লেখযোগ্য যে বিশেষ তদন্তকাৰী গোটে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মাসহ ৫ অভিযুক্তক সুৰক্ষাজনিত কাৰণত গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ পৰিৱর্তে লৈ যায় নিকাচিস্থিত বাক্সা জিলা কাৰাগাৰলৈ।

Apply Now

পাঁচ অভিযুক্তক বাক্সালৈ নি থকাৰ খবৰ সংবাদ মাধ্যমত বিয়পি পৰাৰ পাছতে কাৰাগাৰৰ সন্মুখত বহু লোক সমৱেত হৈ পৰে।

আশ্চর্যজনকভাৱে পৰিস্থিতিৰ উমান লোৱাত ব্যর্থ বাক্সা জিলা আৰক্ষী-প্রশাসনে জিলা কাৰাগাৰৰ সন্মুখত প্ৰাৰম্ভিক পর্যায়ত নিয়োগ কৰে নামমাত্র আৰক্ষী-নিৰাপত্তাৰক্ষী। কিন্তু যেতিয়াই জনতাৰ সোঁত বৃদ্ধি পাই তেতিয়াহে সম্বিৎ ঘূৰি অহা আৰক্ষী-প্রশাসনৰ বৰমূৰীয়াই কাৰাগাৰৰ সন্মুখত অধিক মাত্রাত নিৰাপত্তাৰক্ষী নিয়োগ কৰে।

ইতিমধ্যে কাৰাগাৰৰ সন্মুখত জনতাই ‘জয় জুবিন দা’ ধ্বনি দি পাঁচ অভিযুক্তক লৈ অহাৰ বাবে প্রতিবাদ সাব্যস্ত কৰে। শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মাসহ পাঁচ অভিযুক্তক কঢ়িয়াই অনা বাহন আগবাঢ়ি যোৱাত বাধা প্রদান কৰে ৰাইজে। আনকি ৰাজপথত বহিও একাংশই প্রতিবাদ সাব্যস্ত কৰে। কিন্তু সেই সময়তে ক্ষমতাই মুৰত ধৰা অতিৰিক্ত আৰক্ষী অধীক্ষক গীতার্থ দেৱ শর্মাই প্রতিবাদী ৰাইজৰ ওপৰত পোনপ্রথমে লাঠিচালনা কৰে। লগে লগে অন্যান্য আৰক্ষীয়েও এফালৰ পৰা ৰাইজৰ ওপৰত জঁপিয়াই পবে। অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱ শৰ্মাৰ নেতৃত্বত আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগে লগে উত্তেজিত হৈ পৰে ৰাইজ।

পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত গীতার্থ দেৱ শৰ্মাৰ দৰে বিষয়াৰ অবিবেচকী কাণ্ডৰ বাবেই উত্তেজিত হৈ পৰা বাইজে ওলোটাই শিলাবর্ষণ কৰে। পৰিণতিত সমগ্র অঞ্চলটোত বহু আৰক্ষী, সাংবাদিক আহত হ’বলগা হয়। এইখিনিতে প্রশ্ন হয় যে কাৰ নিৰ্দেশত এই লাঠিচালনা কৰিছিল গীতাৰ্থ দেৱ শৰ্মাই? পূৰ্বেও APSC কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খোৱা এইজন বিতৰ্কিত এপিএছক নিয়ন্ত্ৰণ কৰিব কোনে তাক লৈ সাধাৰণ ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে। ইপিনে এইজন বিতৰ্কিত আৰক্ষী বিষয়াৰ পিতৃ প্ৰাক্তন IAS বিষয়া হিতেশ দেৱ শৰ্মা। জুবিন বিদ্বেষী এইজন হিতেশ দেৱ শৰ্মাই কালিৰ দিনটোতো ‘বাক্সাত জুবিনৰ আদৰ্শ’ৰ দৰে কুৰুচিপূৰ্ণ মন্তব্য কৰিছিল। যাৰ বাবে গণৰোষত পৰি পাছত নিজৰ ফেচবুক পোষ্ট হিতেশ দেৱ শৰ্মাই ডিলিট কৰিবলৈ বাধ্য হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd