ট্ৰাম্প প্ৰশাসনে জলাকলা খুৱাইছে আমেৰিকাবাসীক। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ক্ৰমবৰ্ধমান স্বৈৰাচাৰী মনোভাৱৰ বিৰোধিতা কৰি আমেৰিকাৰ কেইবাখনো চহৰত হাজাৰ হাজাৰ লোকে “ন’ কিংছ” ধ্বনিৰে উত্তাল কৰি তুলে পৰিৱেশ। নিউয়ৰ্কৰ টাইমছ স্কোৱাৰ, বষ্টন, আটলান্টা, চিকাগোৰ উদ্যান, ৱাশ্বিংটন ডি.চি. আৰু লছ এঞ্জেলছৰ ৰাজপথত প্ৰতিবাদকাৰীয়ে ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰকাশিত তথ্য অনুসৰি ৰিপাব্লিকান নেতৃত্বাধীন ৰাজ্যৰ ৰাজধানী, মন্টানাৰ এটা আদালত গৃহ আৰু বহুতো সৰু ৰাজহুৱা স্থানতো লোকসকল সমবেত হৈছিল।
উল্লেখ্য যোগ্য যে ট্ৰাম্পৰ হোৱাইট হাউছলৈ পুনৰ প্ৰত্যাৱৰ্তনৰ পিছত এইটো তৃতীয় বৃহৎ প্ৰতিবাদ। যিহেতু আমেৰিকাত চৰকাৰী কাৰ্য্যকলাপ বন্ধ হৈ আছে। ইয়াৰ ফলত ফেডাৰেল সেৱা বন্ধ হৈ পৰিছে আৰু কাৰ্যবাহী ক্ষমতাৰ ওপৰত ট্ৰাম্পৰ নিয়ন্ত্ৰণ বৃদ্ধি পাইছে।
ইৰাক যুদ্ধৰ প্ৰবীণ সৈনিক শ্বেন হাৱাৰ্ডে ৱাশ্বিংটনত প্ৰথমবাৰৰ বাবে প্ৰতিবাদত অংশ লৈ কয় যে, “ট্ৰাম্পৰ অভিবাসন, আটক আৰু চহৰত সৈন্য মোতায়েনৰ সিদ্ধান্ত গ্ৰহণযোগ্য নহয়। মই বিদেশত স্বাধীনতাৰ বাবে যুঁজিছিলোঁ, কিন্তু এতিয়া আমেৰিকাত উগ্ৰপন্থীসকলে আমাক গৃহযুদ্ধৰ দিশে ঠেলি দিছে।” ছান ফ্ৰান্সিস্কোৰ অ’চেন বিচত শতাধিক লোকে “নো কিং! ধ্বনিৰে পৰিৱেশ উত্তপ্ত কৰি তুলে। ষ্টেচু অৱ লিবাৰ্টিৰ সাজ পৰিধান কৰা হেলী উইংগাৰ্ডে কয়, “মোৰ গৃহ চহৰ পৰ্টলেণ্ডৰ দৰে ঠাইত সৈন্য মোতায়েনে মোক ট্ৰাম্পক একনায়ক বুলি ভাবিবলৈ বাধ্য কৰিছে। মোৰ ৰাজপথত সৈন্য দেখি ভয় লাগে।”
ট্ৰাম্পে প্ৰতিবাদক নস্যাৎ কৰি ফক্স নিউজৰ সৈতে সাক্ষাৎকাৰত তেওঁ কয়, “তেওঁলোকে মোক ৰজা বুলি কয়, কিন্তু মই ৰজা নহয়।” সম্প্ৰতি আমেৰিকাৰ পৰিস্থিতিৰ পৰা অনুমান কৰিব পাৰি যে ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ জনসাধাৰণকো ব্যতিব্যস্ত কৰি তুলিছে।




