• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আপুনি মিছ’ফ’নিয়াত ভুগি থকা নাইতো! এই ৰোগ কি জানেনে? ইয়াৰ লক্ষণসমূহ কি কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2025 7:21 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাষৰ কোনোবাই জোৰেৰে খাদ্য চোবালে বা উশাহ ল’লে আপোনাৰ মেজাজ গৰম হয় নেকি? বা কোনোবাই কলম টুকুৰিয়াই থকা বা পানীয় পান কৰাৰ শব্দই আপোনাৰ মূৰ গৰম কৰি তোলে নেকি? এনেধৰণৰ কিবা এটা হ’লে জানি থওক যে ই কেৱল বেয়া মেজাজৰ লক্ষণ নহয়, প্ৰকৃততে এক মানসিক সমস্যাও। চিকিৎসা বিজ্ঞানত ইয়াক ‘মিছ’ফ’নিয়া’ বুলি কোৱা হয়।

বিশেষজ্ঞসকলৰ মতে মিছ’ফ’নিয়া হৈছে এক প্ৰকাৰৰ মানসিক স্বাস্থ্যজনিত সমস্যা য’ত মানুহৰ কিছুমান বিশেষ শব্দৰ প্ৰতি সহনশীলতা অস্বাভাৱিকভাৱে কমি যায়। এই শব্দবোৰ শুনি হঠাতে তীব্ৰ খং, অস্বস্তি, উদ্বেগ আদিৰ সৃষ্টি হয়। আনকি শাৰীৰিক প্ৰতিক্ৰিয়া যেনে হৃদস্পন্দন বৃদ্ধি, ঘাম ওলোৱা বা শৰীৰত উত্তেজনা অনুভৱ হোৱা আদিও হ’ব পাৰে।

Apply Now

সাধাৰণতে এই প্ৰতিক্ৰিয়া দৈনন্দিন শব্দ যেনে চোবাই খোৱা, উশাহ লোৱা, ধক ধক কৈ পানীয খোৱা, টুকুৰিওৱা, কিবৰ্ডত টাইপ কৰা বা খোজৰ শব্দত দেখা দিয়ে। বহুতে ভাবে যে এনে প্ৰতিক্ৰিয়া কেৱল ‘খেয়ালী মনৰ’ বা ‘অতি সংবেদনশীলতা’ৰ ফল। কিন্তু চিকিৎসকৰ মতে এই বিৰক্তি আচলতে মগজুৰ শব্দ প্ৰক্ৰিয়াকৰণ ব্যৱস্থাৰ সৈতে জড়িত স্নায়ুজনিত অস্বাভাৱিকতা।

বৰ্তমান এই ৰোগৰ ওপৰত সমগ্ৰ বিশ্বতে গৱেষণা চলি আছে। বিজ্ঞানীসকলৰ মতে মিছ’ফ’নিয়া মগজুৰ এমিগডালা নামৰ অংশটোৰ সৈতে জড়িত, যিয়ে আমাৰ আৱেগ নিয়ন্ত্ৰণ কৰে। বিশেষজ্ঞসকলৰ মতে কগনিটিভ বিহেভিয়াৰ থেৰাপী (BCT)ৰ দৰে মানসিক চিকিৎসাই এই ৰোগ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। লাহে লাহে ৰোগীয়ে নিজৰ ট্ৰিগাৰ চিনি পাবলৈ শিকে আৰু নিজৰ প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰিবলৈ শিকে।

চিকিৎসকে পৰামৰ্শ দিয়ে যে এনেধৰণৰ শব্দত যদি আপুনি বিৰক্ত অনুভৱ কৰে তেন্তে নিজকে দোষ নিদিব। এইটো আপোনাৰ বাবে বিশেষ সমস্যা নহয়, বৰঞ্চ প্ৰকৃত স্নায়ুজনিত অৱস্থা। মিছ’ফ’নিয়াত আক্ৰান্ত লোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সজাগতা আৰু সহানুভূতি। পৰিয়াল বা বন্ধু-বান্ধৱীয়ে বুজিব লাগে যে এইটো কেৱল এটা আমনিৰ বিষয় নহয়, বৰঞ্চ চিকিৎসাযোগ্য অৱস্থা। লক্ষণসমূহ চিনাক্ত কৰি সঠিক চিকিৎসা গ্ৰহণ কৰিলেই আৰোগ্য লাভ সম্ভৱ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd