কাষৰ কোনোবাই জোৰেৰে খাদ্য চোবালে বা উশাহ ল’লে আপোনাৰ মেজাজ গৰম হয় নেকি? বা কোনোবাই কলম টুকুৰিয়াই থকা বা পানীয় পান কৰাৰ শব্দই আপোনাৰ মূৰ গৰম কৰি তোলে নেকি? এনেধৰণৰ কিবা এটা হ’লে জানি থওক যে ই কেৱল বেয়া মেজাজৰ লক্ষণ নহয়, প্ৰকৃততে এক মানসিক সমস্যাও। চিকিৎসা বিজ্ঞানত ইয়াক ‘মিছ’ফ’নিয়া’ বুলি কোৱা হয়।
বিশেষজ্ঞসকলৰ মতে মিছ’ফ’নিয়া হৈছে এক প্ৰকাৰৰ মানসিক স্বাস্থ্যজনিত সমস্যা য’ত মানুহৰ কিছুমান বিশেষ শব্দৰ প্ৰতি সহনশীলতা অস্বাভাৱিকভাৱে কমি যায়। এই শব্দবোৰ শুনি হঠাতে তীব্ৰ খং, অস্বস্তি, উদ্বেগ আদিৰ সৃষ্টি হয়। আনকি শাৰীৰিক প্ৰতিক্ৰিয়া যেনে হৃদস্পন্দন বৃদ্ধি, ঘাম ওলোৱা বা শৰীৰত উত্তেজনা অনুভৱ হোৱা আদিও হ’ব পাৰে।
সাধাৰণতে এই প্ৰতিক্ৰিয়া দৈনন্দিন শব্দ যেনে চোবাই খোৱা, উশাহ লোৱা, ধক ধক কৈ পানীয খোৱা, টুকুৰিওৱা, কিবৰ্ডত টাইপ কৰা বা খোজৰ শব্দত দেখা দিয়ে। বহুতে ভাবে যে এনে প্ৰতিক্ৰিয়া কেৱল ‘খেয়ালী মনৰ’ বা ‘অতি সংবেদনশীলতা’ৰ ফল। কিন্তু চিকিৎসকৰ মতে এই বিৰক্তি আচলতে মগজুৰ শব্দ প্ৰক্ৰিয়াকৰণ ব্যৱস্থাৰ সৈতে জড়িত স্নায়ুজনিত অস্বাভাৱিকতা।
বৰ্তমান এই ৰোগৰ ওপৰত সমগ্ৰ বিশ্বতে গৱেষণা চলি আছে। বিজ্ঞানীসকলৰ মতে মিছ’ফ’নিয়া মগজুৰ এমিগডালা নামৰ অংশটোৰ সৈতে জড়িত, যিয়ে আমাৰ আৱেগ নিয়ন্ত্ৰণ কৰে। বিশেষজ্ঞসকলৰ মতে কগনিটিভ বিহেভিয়াৰ থেৰাপী (BCT)ৰ দৰে মানসিক চিকিৎসাই এই ৰোগ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। লাহে লাহে ৰোগীয়ে নিজৰ ট্ৰিগাৰ চিনি পাবলৈ শিকে আৰু নিজৰ প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰিবলৈ শিকে।
চিকিৎসকে পৰামৰ্শ দিয়ে যে এনেধৰণৰ শব্দত যদি আপুনি বিৰক্ত অনুভৱ কৰে তেন্তে নিজকে দোষ নিদিব। এইটো আপোনাৰ বাবে বিশেষ সমস্যা নহয়, বৰঞ্চ প্ৰকৃত স্নায়ুজনিত অৱস্থা। মিছ’ফ’নিয়াত আক্ৰান্ত লোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল সজাগতা আৰু সহানুভূতি। পৰিয়াল বা বন্ধু-বান্ধৱীয়ে বুজিব লাগে যে এইটো কেৱল এটা আমনিৰ বিষয় নহয়, বৰঞ্চ চিকিৎসাযোগ্য অৱস্থা। লক্ষণসমূহ চিনাক্ত কৰি সঠিক চিকিৎসা গ্ৰহণ কৰিলেই আৰোগ্য লাভ সম্ভৱ।





