নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু অসমত ক্ৰমাৎ বৃদ্ধি পোৱা সন্ত্ৰাসবাদী ভাবুকিৰ মাজতে নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা আৰু সমন্বয় বৃদ্ধিৰ বাবে শনিবাৰে লেখাপানীত অসামৰিক আৰু সামৰিক বিষয়াকে ধৰি শীৰ্ষ নিৰাপত্তাৰক্ষী বিষয়াসকলে বৈঠকত মিলিত হয়। বিশেষকৈ শেহতীয়াকৈ আলফা স্বাধীন আৰু ইয়াৰ সংযুক্ত প্ৰতিষ্ঠানসমূহৰ আক্ৰমণৰ পিছত বিদ্ৰোহীৰ কাৰ্যকলাপ প্ৰতিহত কৰাত অপাৰেচনেল গ্ৰুপৰ বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। অঞ্চলটোৰ কিছু অংশত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (AFSPA) সম্প্ৰসাৰণৰ লগতে আৰু অধিক ঘটনা ৰোধৰ বাবে উচ্চ সতৰ্কতা বজাই ৰখাৰ বিষয়ে আলোচনা কৰা হয় বুলি সদৰী কৰিছে।
অসম ৰাইফলছৰ উপ-মহাপৰিদৰ্শকে নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাসমূহৰ মাজত নিৰৱচ্ছিন্ন সহযোগিতাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। ইয়াৰোপৰি ম্যানমাৰত থকা তেওঁলোকৰ শিবিৰত ড্ৰ’ন আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ১৯ ছেপ্টেম্বৰ আৰু ১৬-১৭ অক্টোবৰত “অপাৰেচন ভেঞ্জেন্স” নামেৰে অভিহিত আক্ৰমণৰ দায়িত্ব লোৱা আলফাস্বাধীন, এনএছচিএন,জিআৰপিএন, আৰপিএফ, পিএলএৰ দৰে গোটৰ পৰা অহা ভাবুকি বিফল কৰাৰ বাবে ঐক্যবদ্ধ সঁহাৰিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে বৈঠকত।
ইফালে অসমত ভুৱা চিকিৎসকৰ বিৰুদ্ধে একেধৰণৰ দমন অভিযানত কাছাৰ আৰক্ষীয়ে “ডাঃ বি.চি. নাথ”ৰ নাম লোৱা মেট্ৰিক উত্তীৰ্ণ বিপুল চন্দ্ৰ নাথক গ্ৰেপ্তাৰ কৰে। এইটো জিলাখনৰ ভিতৰত ত্ৰয়োদশতম এনে গোচৰ। বিষয়াসকলে শিলচৰত থকা তেওঁৰ অম্বিকাপট্টি ক্লিনিকত অভিযান চলাই জব্দ কৰে ভুৱা এম বি বি এছৰ নথি-পত্ৰ। এছ এছ পি নুমল মহত্তই উল্লেখ কৰে যে নাথে লাভৰ বাবে বছৰ বছৰ ধৰি ৰোগীক প্ৰতাৰণা কৰি আহিছে। তেওঁ ৰাজ্যজুৰি চলি থকা এনে প্ৰৱঞ্চকৰ পৰা জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনায়। উল্লেখ্য যে এই অভিযানত এতিয়ালৈকে ২২ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে।





