দিল্লীৰ চৰকাৰী মুক্ত বিদ্যালয়সমূহত দূৰ শিক্ষাৰ জৰিয়তে দশম শ্ৰেণীৰ পৰীক্ষাত বহা ছাত্ৰ-ছাত্ৰীৰ গড়ে ৭০ শতাংশই ব্যৰ্থ হৈছে। আৰটিআইৰ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে এন আই অ’ এছ ব’ৰ্ডৰ পৰা এই তথ্য ৰাজহুৱা কৰিছে। ছাত্ৰ-ছাত্ৰীৰ এই বিফলাতাই শিক্ষক আৰু অভিভাৱকসকলক ভাবিবলৈ বাধ্য কৰিছে যে চৰকাৰী বিদ্যালয়সমূহে দুৰ্বল ছাত্ৰ-ছাত্ৰীক ইচ্ছাকৃতভাৱে এন আই অ’ এছলৈ প্ৰেৰণ কৰিছে।
বিগত চাৰি বছৰৰ তথ্য অনুসৰি, ২০২১ চনত ১১,৩২২ জনৰ ভিতৰত মাত্ৰ ২,৭৬০ জন (২৪ শতাংশ), ২০২২ চনত ১০,৫৯৮ জনৰ ভিতৰত ৩,৪৮০ জন (৩৩ শতাংশ), ২০২৩ চনত ২৯,৪৩৬ জনৰ ভিতৰত ৭,৬৫৮ জন (২৬ শতাংশ) আৰু ২০২৪ চনত ৭,৭৯৪ জনৰ ভিতৰত কেৱল ২,৮৪২ জন (৩৭ শতাংশ) উত্তীৰ্ণ হৈছে। অৰ্থাৎ, গড়ে মাত্ৰ ৩০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে সফলতা লাভ কৰিছে।
উল্লেখ্য যে এন আই অ’ এছ আঁচনি ১৯৮৯ চনত দিল্লী চৰকাৰে নৱম-দশম শ্ৰেণীত ব্যৰ্থতা হ্ৰাস কৰিবলৈ আৰম্ভ কৰিছিল, য’ত দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে পৃথক ক্লাছ আৰু দূৰ শিক্ষাৰ সুবিধা প্ৰদান কৰা হয়। কিন্তু প্ৰৱেশ মাচুল ক্ৰমে পৰীক্ষাৰ বাবে ৫০ টকা, প্ৰতিটো বিষয়ৰ বাবে ৫০০ টকা, ব্যৱহাৰিক বিষয়ৰ বাবে অতিৰিক্ত ৫০ টকা, পাঁচটা বিষয়ৰ প্ৰৱেশ মাচুল ৫০০ টকা আৰু ক্ৰেডিট ট্ৰান্সফাৰৰ বাবে ২৩০ টকা নিৰ্ধাৰণ কৰিছিল। যিদৰিদ্ৰ পৰিয়ালক অতিৰিক্ত বোজাৰ হে সৃষ্টি কৰিছে।
প্ৰতিবেদনত প্ৰকাশিত পৰিসংখ্যাই অভিভাৱক আৰু শিক্ষাবিদসকলক উদ্বিগ্ন কৰি তুলিছে। নিখিল ভাৰতীয় অভিভাৱক সন্থাৰ সভাপতি আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অশোক আগৰৱালে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, “দৰিদ্ৰ পৰিয়ালৰ শিশুসকল চৰকাৰী বিদ্যালয়লৈ আহে, কিন্তু বিদ্যালয়সমূহে তেওঁলোকক এন আই অ’ এছত ভৰ্তি কৰি সামগ্ৰিক ফলাফল উন্নত কৰিবলৈ ব্যৱহাৰ কৰে।” বহু অভিভাৱকে এন আই অ’ এছৰ পাঠ্যক্ৰমক অন্যান্য শিক্ষা ব’ৰ্ডৰ তুলনাত নিম্নমানৰ বুলি দাবী কৰি আহিছে, যি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন কৰিছে।





