• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ‘ন্যায় যাত্ৰা’ক লৈ তীব্ৰ সমালোচনা: ‘ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কৌশল’ বুলি অভিহিত বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2025 5:08 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে আৰম্ভ কৰা ‘ন্যায় যাত্ৰা’ই ৰাজ্যজুৰি তীব্ৰ সমালোচনাৰ সৃষ্টি কৰিছে। নিজৰেই চৰকাৰৰ অধীনত চলা তদন্তৰ ওপৰত জনসাধাৰণৰ আবেগক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে বিৰোধী দল আৰু সচেতন মহলে।

বিৰোধী ৰাজনৈতিক দলসমূহে বিজেপিৰ এই যাত্ৰাক নাটক বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে অসম চৰকাৰেই বিশেষ তদন্তকাৰী দল (SIT) আৰু ন্যায়িক আয়োগ গঠন কৰিছে। তেনেস্থলত, শাসকীয় দলটোৱে নিজেই ‘ন্যায়’ বিচাৰি ৰাজপথলৈ ওলাই অহাটো হাস্যকৰ। এয়া নিজৰ চৰকাৰৰ ওপৰত বিশ্বাস নথকাৰেই এক প্ৰমাণ।

Apply Now

বিৰোধীয়ে অভিযোগ কৰিছে যে শাসকীয় দলটোৱে আসন্ন নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জুবিনৰ দৰে জনপ্ৰিয় শিল্পীৰ মৃত্যুক লৈ ৰাজনীতি কৰিছে। ৰাইজৰ আৱেগক মূলধন কৰি জনসমৰ্থন গোটোৱাটোৱেই এই যাত্ৰাৰ মূল উদ্দেশ্য।

বহু সচেতন মহলে মন্তব্য কৰিছে যে, জুবিনৰ ন্যায়ৰ দোহাই দি বিজেপি চৰকাৰে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু চলি থকা উচ্ছেদৰ দৰে প্ৰকৃত জনসাধাৰণৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰাবলৈ চেষ্টা কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ বিয়োগৰ পিছত সৃষ্টি হোৱা জনমতৰ মাজত ‘ভুৱা অনুৰাগী’ ওলোৱাৰ কথা উল্লেখ কৰিছে। এই মন্তব্যক বিৰোধীয়ে তেওঁলোকৰ ন্যায় যাত্ৰাৰ সমালোচনাক প্ৰতিহত কৰাৰ কৌশল হিচাপে ব্যৱহাৰ কৰা বুলি অভিহিত কৰিছে।

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অন্যান্য জ্যেষ্ঠ মন্ত্ৰীসকলে এই সমালোচনাৰ প্ৰত্যুত্তৰ দি কৈছে যে, এই যাত্ৰা কোনো ৰাজনৈতিক উদ্দেশ্যত কৰা হোৱা নাই। তেওঁলোকৰ মতে, প্ৰকৃত জুবিন অনুৰাগী আৰু কৰ্মীসকলে শিল্পীগৰাকীক আদালতৰ জৰিয়তে শীঘ্ৰে আৰু সঠিক ন্যায় প্ৰদানৰ দাবীত একত্ৰিত হৈছে। তেওঁলোকে দাবী কৰে যে তেওঁলোকেহে একাংশ বিৰোধীয়ে জুবিনৰ মৃত্যুক লৈ ৰাজনৈতিক ষড়যন্ত্ৰ কৰি অসমত অস্থিৰতাৰ সৃষ্টি কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে এই যাত্ৰা আৰম্ভ কৰিছে।

এফালে শাসকীয় দলৰ ‘ন্যায় যাত্ৰা’ আৰু আনফালে বিৰোধীৰ তীব্ৰ সমালোচনাৰ বাবে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীটো এতিয়া ৰাজ্যখনত এক প্ৰধান ৰাজনৈতিক বিতৰ্কৰ বিষয় হৈ পৰিছে। এই সংগ্ৰামত ৰাইজে কাৰ পক্ষত ঠিয় হয়, সেয়াই হ’ব লক্ষণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd