• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদান কৰক, ন্যায় নোপোৱালৈকে পোষ্ট মেল’নৰ কনছার্ট স্থগিত ৰাখক : অসম জাতীয় পৰিষদৰ সংবাদমেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2025 9:31 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক মৰোণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্ৰদান কৰিবলৈ অসম জাতীয় পৰিষদে যোৱা ২১ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰি দাবী উত্থাপন কৰিছিল।

প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত অসম জাতীয় পৰিষদৰ ফালৰ পৰা কোৱা হৈছিল যে জুবিনদা কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলৰে নহয়, সমগ্ৰ ভাৰতৰে একক আৰু অনন্য সম্পদ আছিল। তেখেতৰ কণ্ঠ আছিল সমগ্ৰ ভাৰতৰ ভিতৰত অদ্বিতীয়। তেখেতৰ দৰে ৪০টা ভাষাত ৩৪ হেজাৰ গান গোৱা কণ্ঠশিল্পী সমগ্ৰ ভাৰততে বৰ কম আছে। তেখেতে মানৱতাৰ গান গাইছিল, ভালপোৱাৰ কথা কৈছিল, দেশজুৰি সমন্বয়ৰ সেঁতু গঢ়িছিল।

Apply Now

যিসময়ত সাম্প্রদায়িক তথা গোষ্ঠীগত বাদ-বিবাদ সমগ্ৰ দেশৰ সাতামপুৰুষীয়া একতা, সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতি প্ৰত্যাহ্বান হৈ দেখা দিছে, সেই সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ আদর্শই কেৱল অসম তথা উত্তৰ পূৰ্বাঞ্চলেই নহয়, সমগ্ৰ ভাৰতজুৰি সমন্বয়ৰ সেঁতু হিচাপে কাম কৰিছে।

সেয়েহে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰোণোত্তৰভাৱে ২০২৫ চনৰ ভাৰতৰত্ন সন্মান প্রদান কৰিবলৈ আজি অসম জাতীয় পৰিষদে পুনৰ দাবী উত্থাপন কৰে।

উল্লেখযোগ্য যে কলা, সাহিত্য, বিজ্ঞান আৰু জনসেৱা খণ্ডত উৎকৃষ্ট আৰু ব্যতিক্রমী সেৱা আগবঢ়োৱা ব্যক্তিলৈ ভাৰতৰ সৰ্বোচ্চ এই চৰকাৰী সন্মান প্ৰদান কৰা হয়। জুবিনদাই তেওঁৰ জীৱন কালত কলা, সাহিত্য আৰু জনসেৱাৰ ক্ষেত্ৰত উৎকৃষ্ট আৰু ব্যতিক্রমী সেৱা আগবঢ়াই গৈছে – যি ভাৰত ৰাষ্ট্ৰৰ বাবে গৌৰৱৰ বিষয় হোৱাৰ যোগ্য। জুবিনদাই গান আৰু কবিতা লিখাৰ লগতে গান গোৱা, সংগীত পৰিচালনা, কথাছবি পৰিচালনা, প্রযোজনা, সামাজিক সংস্কাৰ আদি বহুকেইটা খণ্ডত কাম কৰি গৈছে।

ইয়াৰ পূৰ্বে লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকালৈ মৰোণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্ৰদান কৰা হৈছিল।       ভাৰতৰ মাননীয় প্রধানমন্ত্রীয়ে ‘মন কি বাত’ বা আন কোনোবা কাৰ্য্যসূচীৰে দেশবাসীক সম্বোধন কৰোতে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰসংগ উল্লেখ কৰি তেখেতলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদানৰ কথাটো উক্ত কার্য্যসূচীতে ঘোষণা কৰিবলৈয়ো আমি দাবী জনাওঁ।

আনহাতে প্ৰাণৰ শিল্পীগৰাকীৰ নামত অসমত এখন সংগীত বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ অসম জাতীয় পৰিষদে ৰাজ্য চৰকাৰক আহ্বান জনায়।

জুবিনদাৰ ন্যায় প্রক্রিয়া সম্পূর্ণ নোহোৱালৈকে পোষ্ট মেল’নৰ কনছার্ট স্থগিত ৰাখক

অহা ৮ ডিচেম্বৰত গুৱাহাটী খানাপাৰা ফিল্ডত পোষ্ট মেল’নৰ সংগীতানুষ্ঠান হ’ব। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুদিন পূর্বে এই ঘোষণা আগবঢ়াইছিল। মুখ্যমন্ত্রীয়ে কৈছিল যে তেওঁৰ চৰকাৰে অসমত’ কনছার্ট ইকনমি’ৰ সূত্রপাত কৰিছে আৰু পোষ্ট মেল’নৰ সংগীতানুষ্ঠানে অসমৰ অৰ্থনীতি বিকশিত কৰিব।

কিন্তু অসমত বর্তমানে এক শোকৰ পৰিৱেশ বিৰাজ কৰি আছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কায়িক দেহাৱসানৰ পিছত সমগ্ৰ ৰাজ্যবাসীৰ লগতে দেশ-বিদেশৰ অগণন জুবিনপ্রেমী তথা সংগীতানুৰাগী শোকৰ সাগৰত ডুব গৈ আছে। আনহাতে জুবিনদাৰ ন্যায়ৰ বিষয়টো এতিয়াও এক অস্পষ্ট আৰু বিভ্রান্তিকৰ পৰিৱেশৰ মাজত আছে। চৰকাৰে জুবিনদাৰ ন্যায়ৰ প্ৰসংগত জনসাধাৰণৰ দৃষ্টি অন্যফালে ঢাল খুৱাবলৈ (ইছ্যু ডাইভার্ট কৰিবলৈ) চেষ্টা কৰি থকাও পৰিলক্ষিত হৈছে।

গতিকে জুবিনদাৰ প্ৰকৃত ন্যায় নিশ্চিত নোহোৱালৈকে পোষ্ট মেল’নৰ সংগীতানুষ্ঠান স্থগিত ৰাখিবলৈ আমি চৰকাৰক আহ্বান জনাওঁ।

ৰাজ্যবাসী শোকত দগ্ধ হৈ থকা অৱস্থাত পোষ্ট মেল’নৰ সংগীতানুষ্ঠানৰ দৰে মনোৰঞ্জনমূলক কাৰ্য্যসূচীৰ আয়োজন নিশ্চয় অনুচিত। এয়া প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিও এক অপমান হ’ব।

পোষ্ট মেল’নৰ অনুষ্ঠান পতাৰ নামত যিখিনি ধন ব্যয় হ’ব, সেইখিনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত বিশ্ববিদ্যালয় স্থাপন কৰিব পৰা যাব। তাত পোষ্ট মেল’নে ব্যৱহাৰ কৰা বা তাতোকৈ উচ্চ মানৰ বাদ্য যন্ত্ৰ আদিৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিলে অসমতো শশ পোষ্ট মেল’নৰ জন্ম হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd