অষ্ট্ৰেলিয়াই ভাবিছিল যে তেওঁলোকে ৰাণৰ পাহাৰ গঢ়ি দুৰ্গ জয় কৰিছে! কিন্তু স্মৃতি বাহিনীয়ে তেওঁলোকৰ আশাত চেঁচাপানী ঢালি দিলে। ৰানৰ পাহাৰ অতিক্ৰম কৰি বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিলে জেমাইমা-হৰমনপ্ৰীতৰ দলটোৱে।
ৰান অনুসৰণ কৰি জয়ী হোৱাৰ ক্ষেত্ৰত এয়া এক নতুন বিশ্ব অভিলেখ। অষ্ট্ৰেলিয়া শেষবাৰৰ বাবে ২০১৭ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতৰ হাততে পৰাস্ত হৈছিল। তাৰ পিছত এইবাৰ। তৃতীয়বাৰৰ বাবে ভাৰতীয় মহিলা দলৰ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ।
টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে ক্ৰান্তি গৌৰে আৰম্ভণিতে তেওঁলোকক এটা আঘাত দিয়ে। অষ্ট্ৰেলিয়াৰ অধিনায়ক এলিছা হিলীক ৫ ৰানত আউট কৰে। কিন্তু তাৰ পিছত ফিবি লিচফিল্ড আৰু এলিছ পেৰীৰ বিধ্বংসী ফৰ্মেৰে অষ্ট্ৰেলিয়াই বিশাল ৰান সংগ্ৰহ কৰে।
লিচফিল্ডে ৯৩টা বলত ১১৯ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছত আছিল ১৭টা চাৰি আৰু ৩টা ছয়। অমনজ্যোত কৌৰে তেওঁক ঘূৰাই পঠিওৱাৰ লগে লগে দ্বিতীয় উইকেটৰ বাবে ১৫৫ ৰানৰ পাৰ্টনাৰশ্বিপ ভাঙি যায়। পেৰীয়ে ৭৭ ৰানত আউট হয়। তেওঁক ৰাধা যাদৱে বল্ড কৰে।
অৱশ্যে তাৰ পাছত ভাৰত পুনৰ মেচলৈ উভতি আহে। এটা সময়ত অষ্ট্ৰেলিয়াৰ স্ক’ৰ আছিল ৬ উইকেটত ২৬৫ ৰান।কিন্তু এছলী গাৰ্ডনাৰ আৰু কিম গাৰ্থে পুনৰ স্ক’ৰব’ৰ্ড দ্ৰুততৰ কৰি তুলিছিল। এই দুজন বেটছমেনৰ বাবেই অষ্ট্ৰেলিয়াই ৪৬ অভাৰত ৩০০ ৰান অতিক্ৰম কৰে। বিশেষকৈ গাৰ্ডনাৰে অষ্ট্ৰেলিয়াক ৩৫০ ৰানৰ ওচৰলৈ লৈ যায়। তেওঁ ৬৩ ৰানত ৰান আউট হয়।
ভাৰতৰ হৈ শ্ৰী চৰণীয়ে ২টা উইকেট দখল কৰে। ক্ৰান্তি গৌড়, ৰাধা যাদৱ আৰু অমনজ্যোতে এটাকৈ উইকেট দখল কৰে। শেষৰ অভাৰত দীপ্তি শৰ্মাই দুটা উইকেট দখল কৰে। বাকী তিনিটা ৰান আউট হয়। হৰমনপ্ৰীত বাহিনীৰ বাবে জয়ৰ লক্ষ্য আছিল ৩৩৯ ৰান।
ইমান ডাঙৰ ৰানৰ লক্ষ্য লোৱাৰ সময়ত অপেনিং যুটীৰ বাবে সফল হোৱাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছিল। কিন্তু ভাৰতে দিনটোৰ আৰম্ভণিতে শ্বেফালীক হেৰুৱাইছিল। তেওঁ মাত্ৰ ১০ ৰানহে কৰে। স্মৃতি মান্ধনা আৰু জেমাইমা ৰড্ৰিগেছে দলটোক নেতৃত্ব দিছিল। প্ৰতি অভাৰত প্ৰায় ৬ ৰান লৈ স্ক’ৰব’ৰ্ডক গতিশীল কৰি ৰাখিছিল। কিন্তু হঠাৎ মান্ধানা কিম গাৰ্থৰ বলত আউট হৈ গ’ল। তেওঁ ২৪ ৰান কৰি উভতি আহিছিল। সেই সময়ত ভাৰতৰ স্ক’ৰ আছিল ৫৯/২। দশম অভাৰ চলি আছিল।
এই পৰিস্থিতিত জেমাইমা ৰড্ৰিগেছ আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰে এক দুৰ্দান্ত পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। পৰৱৰ্তী অভাৰত তেওঁলোকে কাৰ্যতঃ অষ্ট্ৰেলিয়াৰ বলিঙক বিধ্বস্ত কৰি দিয়ে। এটা সময়ত এনে লাগিছিল যেন ইমান বিশাল ৰানৰ সন্মুখত ভাৰতীয় বেটিং ভাঙি যাব। কিন্তু এই যুটিৰ বাবে সেয়া হৈ নুঠিল।
কিন্তু ক্ষীপ্ৰতাৰে ৰান সংগ্ৰহ কৰাৰ পিছতো হৰমনপ্ৰীতে ডাঙৰ শ্বট মৰাৰ মূল্য ভৰিবলগীয়া হয়। ছাথাৰলেণ্ডৰ বলত (৮৯, ১০x৪, ২x৬) আউট হোৱাৰ পিছত শতক অৰ্জনৰ সুযোগ হেৰুৱাই খেলপথাৰ এৰে। বিশ্বকাপৰ যিকোনো নকআউট মেচত ভাৰতৰ এয়া সৰ্বোচ্চ পাৰ্টনাৰশ্বিপ। আনহাতে, বিশ্বকাপৰ খেল এখনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেও ই সৰ্বোচ্চ পাৰ্টনাৰশ্বিপ।
দীপ্তি শৰ্মাই ভাল আৰম্ভণি কৰিছিল। কিন্তু ১৭টা বলত ২৪ ৰান কৰি ৰান আউট হয় দীপ্তি। অপ্ৰয়োজনীয় ৰান লোৱাৰ সমান্তৰালকৈ অষ্ট্ৰেলিয়াক উইকেটটো উপহাৰ দিয়ে টিম ইণ্ডিয়াই। যদিও জেমিাইমা ৰড্ৰিগেছে নিজৰ দমনীয় বেটিঙেৰে দলটোক আগুৱাই লৈ গৈছিল। তেওঁৰ দুৰন্ত শতকে কেতিয়াও অষ্ট্ৰেলিয়ান দলটোক মেচৰ মাজলৈ আহিবলৈ নিদিলে। অৱশ্যে ৮২ ৰানৰ অন্তত কেচ তুলি দিও তেওঁ ৰক্ষা পৰে। অষ্ট্ৰেলিয়াৰ অধিনায়কে কেচটো পেলাইছিল। এলিছা হিলীয়ে স্পষ্টকৈ বুজি পাইছিল যে ‘মিছ এ কেচ, মিছ এ মেচ’।
কিন্তু বাকী থকা সময়ত জেমাইমাই আৰু কোনো ভুল নকৰিলে। ৰিচা ঘোষক সংগী কৰি লৈ জয়ৰ দিশে আগুৱাই যায়। ৰিচাই দলৰ ৩১০ ৰান (২৬)ৰ অন্তত পেভলিয়নমুখী হয়। কিন্তু জেমাইমা অটল আছিল। অমনজ্যোতৰ সৈতে যুটী বান্ধি দলটোক বিশ্বকাপৰ ফাইনেললৈ লৈ যায়। নিজেই ১২৭ ৰাণ (১৪x৪)ত অপৰাজিত হৈ থাকে। স্বাভাৱিকতে তেওঁৰ বাহিৰে আৰু কোন হ’ব পাৰে মেচৰ মেন অৱ দ্য মেচ! এইবাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব উইমেন ইন ব্লু।
সংক্ষিপ্ত স্কোৰঃ
অষ্ট্ৰেলিয়াঃ ৩৩৮ (লিচফিল্ড ১১৯, পেৰী ৭৭, গাৰ্ডনাৰ ৬৩, শ্ৰী চৰণী ৪৯/২)
ভাৰতঃ ৩৪১/৫ (জেমাইমা ১২৭ নট আউট, হৰমনপ্ৰীত ৮৯, কিম গাৰ্থ ৪৬/২)
ফলাফলঃ ৫ উইকেটত জয়ী ভাৰত।





