আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ চাৰি মাহতকৈ অধিক সময় পাৰ হৈ গ’ল। কিন্তু দুৰ্ঘটনাটোৰ পৰা একমাত্ৰ জীৱিত বিশ্বকুমাৰ ৰমেশৰ মনত ভয় এতিয়াও কমি যোৱা নাই। চকু মুদিলেই তেওঁৰ মনত পৰে সেই বিভীষিকা। শৰীৰৰ ঘাবোৰ ভাল হ’লেও মানসিক যন্ত্ৰণাই যেন তেওঁক এৰা নাই।
দুৰ্ঘটনাটোৰ পিছত কিছুদিন ভাৰতত চিকিৎসা গ্ৰহণ কৰে ৰমেশে। তাৰ পিছত ব্ৰিটেইনলৈ উভতি যায়। বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতীয় মূলৰ যুৱকজনে কয় যে, “মই একমাত্ৰ জীৱিত যাত্ৰী। তথাপিও মই বিশ্বাস নকৰো যে এইটো এটা অলৌকিক ঘটনা। মই মোৰ ভাতৃক হেৰুৱাইছো। মই এতিয়া অকলশৰীয়া। বেছিভাগ সময়তে, মই ঘৰত অকলে বহি থাকোঁ। মই মোৰ পত্নী আৰু পুত্ৰৰ সৈতেও কথা নাপাতো।”
যোৱা ১২ জুনত উৰণৰ কিছু সময়ৰ পাছতে এয়াৰ ইণ্ডিয়াৰ বিমানখন আহমেদাবাদ বিমানবন্দৰৰ সমীপৰ মেডিকেল কলেজৰ হোষ্টেলত খুন্দা মাৰে। বিমানখনত ২৪২ জন যাত্ৰী আছিল। ইয়াৰে ২৪১ জন যাত্ৰীৰে মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত ৰমেশৰ ভাতৃ অজয়ও আছে। ১১এ চিটত বহি আছিল ৰমেশ। আশ্চৰ্যজনকভাৱে তেওঁ বাচিল যদিও অজয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে। ভায়েকৰ মৃত্যু ৰমেশে একেবাৰেই মানি ল’ব পৰা নাই। তেতিয়াৰ পৰাই তেওঁৰ হতাশাত ভুগি আছে।
অজয়ৰ কথা মনত পেলাই ৰমেশৰ চকুৰে চকুলো বৈ আহিল। তেওঁ থোকাথুকি কণ্ঠেৰে ক’লে, “মোৰ ভাই মোৰ মেৰুদণ্ড আছিল। যোৱা কেইবছৰমানৰ পৰা তেওঁ মোক বিভিন্ন বিষয়ত সহায় কৰিছিল। আজি তেওঁ নাই।”
ৰমেশে লগতে কয়, “দুৰ্ঘটনাৰ পিছত মই মানসিকভাৱে ভাগি পৰিছো। মোৰ পৰিয়ালৰ ক্ষেত্ৰতো একেই কথা। যোৱা চাৰি মাহ ধৰি মায়ে প্ৰতিদিনে দুৱাৰৰ বাহিৰত বহি আছে। কাৰো লগত কথা নাপাতে। একোৱে নকৰে। মইও মৌন হৈ পৰিছো।অকলে থকাটো পছন্দ কৰো। প্ৰতিটো দিনেই এতিয়া মোৰ পৰিয়ালৰ বাবে বেদনাদায়ক হৈ পৰিছে।” ৰমেশে লগতে কয় যে তেওঁৰ পৰিয়াল বৰ্তমান আৰ্থিক সংকটত ভুগি আছে।
দুৰ্ঘটনাৰ পিছতে ৰমেশৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। য’ত তেওঁক আঘাতপ্ৰাপ্ত অৱস্থাত ধ্বংসাৱশেষৰ পৰা ওলাই অহা দেখা গৈছিল। তাৰ পিছত তেওঁ নিজেই এখন এম্বুলেন্সত উঠিল। একেৰাহে ৫ দিন আহমেদাবাদ চিকিৎসালয়ত ভৰ্তি হৈ আছিল। সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক সাক্ষাৎ কৰে। অৱশেষত ১৭ জুনত তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়। তাৰ পিছত ৰমেশ দেশলৈ উভতি যায়।





