দিনটোৰ ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে দিছপুৰ দখল কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে শাসনত অধিষ্ঠিত হোৱাৰ পাছত বিদ্যুৎ যোগানৰ ক্ষেত্ৰত ৰাইজক অংগুষ্ঠ দেখুৱাইছে। পাহৰি গৈছে নিজৰ প্ৰতিশ্ৰুতিৰ কথা। এই অভিযোগ ৰাইজৰ। বিগত কিছুদিন ধৰি দেখা দিয়া অনাবৃষ্টি আৰু গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক।
উষ্ণতা দিনক দিনে বৃদ্ধি পোৱাৰ ফলত ৰাজ্যৰ আন আন ঠাইৰ দৰে বৃহত্তৰ তামাৰহাট অঞ্চলৰ ৰাইজৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। বিদ্যুতৰ সহায়ত বিভিন্ন পদ্ধতিৰে উৎকট গৰমৰ পৰা কিছু পৰিমাণে হ’লেও সকাহ পোৱা যায় যদিও সেয়াও এতিয়া কল্পনাতীত।
কাৰণ দিনটোৰ ২৪ ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ কথা কোৱা চকাৰখনে এতিয়া মাত্ৰ তিনি-চাৰি ঘণ্টা বিদ্যুৎ যোগান ধৰি আহিছে যদিও এইবাৰ গোসাঁইগাঁও বিদ্যুৎ উপ-সংমণ্ডলৰ গাফিলাতিৰ বাবে সেই বিদ্যুতৰ পৰাও বঞ্চিত হ’বলগা হৈছে তামাৰহাট অঞ্চলৰ ৰাইজে।
উল্লেখযোগ্য যে শেহতীয়াকৈ কাৰ্যালয়টোৰ পৰা তামাৰহাট অঞ্চলত ২৪-২৫ঘণ্টা পৰ্যন্ত বিদ্যুৎ যোগান নধৰাত জলা-কলা খাবলগীয়া হৈছে ৰাইজে। কেৱল সেয়াই নহয়, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত পঢ়া-শুনাৰ ক্ষেত্ৰত বাৰুকৈয়ে অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে।
ইয়াৰ সমান্তৰালকৈ অঞ্চলটোৰ সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠান, হাট-বজাৰৰ ব্যৱসায়ী, চৰকাৰী কাৰ্যালয় আদি সকলোতে দুৰ্ভোগ৷ আনহাতে একাংশ ইছলাম ধৰ্মীয় লোকে অভিযোগ কৰা মতে, পৱিত্ৰ ৰমজান মাহ চলি থকা সময়ছোৱাত বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত অধিক খেলিমেলি কৰি আহিছে গোসাইগাঁও বিদ্যুৎ উপ সংমণ্ডলে।
ইপিনে নতুনকৈ বিদ্যুৎ বিভাগৰ দায়িত্ব গ্ৰহণ কৰা মন্ত্ৰী তপন কুমাৰ গগৈয়ে উক্ত বিষয়টোত অধিক গুৰুত্ব দি ৰাইজে ভুগি অহা সমস্যাটো সমাধান কৰা, গোসাঁইগাঁও বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ দায়িত্বত থকা কৰ্মচাৰীসকলৰ মইমতালীক নাকী লগাই নিয়ন্ত্ৰণ কৰা আৰু ২৪ ঘণ্টা অঞ্চলটোত বিদ্যুৎ যোগান দিয়াৰ বাবে ৰাইজে দাবী জনাইছে বিভাগটোক।