• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জোহৰান মামদানীৰ বিজয় ভাষণৰ অসমীয়া অনুবাদ

পৰেশ মালাকাৰ, অঞ্জুমান ভৰদ্বাজ by পৰেশ মালাকাৰ, অঞ্জুমান ভৰদ্বাজ
November 7, 2025 10:46 am
183
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শাৰীৰিক শ্ৰম কৰি আমাৰ হাতৰ অৱস্থা নোহোৱা হৈছে। তেওঁলোকে ইমান দিনে ভাবি আছিল এই দুখন হাতলৈ ক্ষমতা কেতিয়াও নাহে। কিন্তু যোৱা ১২ মাহে অশেষ কষ্ট কৰি এই হাত দুখনে ক্ষমতা আজুৰি আনিলে। এতিয়া ভৱিষ্যত আমাৰ হাতত। বন্ধুসকল, আমি এক ৰাজনৈতিক শক্তিক ওফৰাই পেলাইছোঁ। এণ্ড্ৰিউ কমিওৰ প্ৰতি মোৰ কোনো ব্যক্তিগত বিদ্বেষ নাই। তেওঁ কুশলে থাকক, কিন্তু আজিয়েই মই তেওঁৰ নামটো শেষবাৰৰ বাবে উচ্চাৰণ কৰিব বিচাৰোঁ। কিয়নো তেওঁৰ ৰাজনীতি ৰাইজৰ কাৰণে নহয়, মুষ্টিমেয় এচামৰ বাবেহে। নিউয়ৰ্কে আজি এটা ৰায়দান কৰিছে, এই ৰায় পৰিৱৰ্তনৰ ৰায়। এই ৰায় – ৰাইজৰ হৈ কাম কৰাৰ ৰায়। পহিলা জানুৱাৰীৰ দিনা মই নিউয়ৰ্কৰ মেয়ৰ হিচাপে শপত গ্ৰহণ কৰিম। এইটো সম্ভৱ হৈছে কেৱল আপোনালোকৰ বাবে। গতিকে মই আপোনালোকক মোৰ অন্তৰৰ গভীৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ।

মই নিউয়ৰ্কৰ তৰুণ প্ৰজন্মক ধন্যবাদ জনাইছোঁ। ‘উজ্জ্বল ভৱিষ্যতৰ সম্ভাৱনা এক পুৰণা সপোন’ বুলি ইমান দিনে যিসকলে আমাক কৈ আছিল, তেওঁলোকক ভুল প্ৰতিপন্ন কৰা তৰুণ প্ৰজন্মক মই ধন্যবাদ জনাইছোঁ। আপোনালোকে প্ৰমাণ কৰি দেখুৱালে যে আধিপত্যৰ ওচৰত সেও নামানিলে এক নতুন নেতৃত্ব সম্ভৱ। আমি আপোনালোকৰ কাৰণে যুঁজ কৰিম, কিয়নো আপোলোকেই আমি। যিসকল মানুহক ইমান দিনে সকলোৱে পাহৰি গৈছিল, তেওঁলোকে আজি নতুন সপোন ৰচনা কৰিছে।


মই য়ামিনী বেগন, মেক্সিকান আইতা, সিংহলী টেক্সিচালক, উজবেকৰ নাৰ্ছ, ট্ৰিনিদাদৰ চাহ দোকানী আৰু ইথিওপিয়াৰ খুৰীদেউসকলৰ প্ৰতিনিধি। এই কথা কিংছটন, কেনছিংটন, মিডউড, হাণ্টছপইণ্টৰ সকলোৱে জানে। এইখন আপোনালোকৰ চহৰ আৰু এই গণতন্ত্ৰও আপোনালোকৰ। এই অভিযান হলজিৰ দৰে মানুহৰ অভিযান, যাক মই বৃহস্পতিবাৰে ৰাতি এলমহাৰ্ষ্ট হাস্পতালত লগ পাইছিলো। তেওঁ নিউয়ৰ্কৰ ঘৰভাড়া দিয়াৰ সামৰ্থ নাই বাবে পেনছিলভেনিয়াত থাকি দুঘণ্টা বাটকুৰি বাই নিউয়ৰ্কলৈ আহে। তেত্ৰিছ বছৰ আগতে মই এগৰাকী মহিলাক লগ পাইছিলোঁ। তেওঁ কৈছিল, ‘মই নিউয়ৰ্ক চহৰখন বৰ ভাল পাওঁ, কিন্তু মোৰ সামৰ্থ নাই বাবে মই এই চহৰখনৰ বাহিৰত থাকিবলগীয়া হৈছে।’ এই অভিযানটো ৰিচাৰ্ডৰ দৰে মানুহৰ বাবেও। ৰিচাৰ্ডক মই চিটিহলৰ বাহিৰত ১৫ দিনীয়া অনশনৰ সময়ত লগ পাইছিলোঁ। ৰিচাৰ্ডে সপ্তাহৰ ৭ দিন পেটৰ ভাতৰ বাবে টেক্সি চলাবলৈ বাধ্য হৈছিল।


বন্ধুসকল, আমি সকলো এতিয়া চিটিহলৰ ভিতৰত। এই বিজয় তেওঁলোক সকলোৰে বাবে আৰু আমাৰ বাবে। এক লাখ স্বেচ্ছাসেৱকৰ দিনে-ৰাতিয়ে কৰা পৰিশ্ৰমৰ ফল এই অপ্ৰতিৰোধ্য বিজয়। এতিয়া এই চহৰখন খাটিখোৱা মানুহৰ চহৰ হ’ব আৰু এইসকল মানুহ যাতে সুকলমে এই চহৰখনত বাস কৰিব পাৰে সেইটো আমি সুনিশ্চিত কৰিম। এই বিজয় এনেই আমাৰ হাতলৈ অহা নাই। আমি অলিয়ে-গলিয়ে ঘূৰি মানুহক সংগঠিত কৰিছিলোঁ বুলিয়েই আজি আমি জয়ী হৈছোঁ। এক হতাশা আৰু নিৰাশাই গ্ৰাস কৰা ৰাজনীতিক আমি পৰাভূত কৰিছোঁ।
মই জানো, মই আপোনালোকৰ পৰা বহুত বেছি দাবী কৰিছোঁ। কিন্তু ইমান দিনে আপোনালোকে মোৰ প্ৰতি আকুণ্ঠ সমৰ্থন আৰু সহাঁৰি জনাই আহিছে। এতিয়া মোৰ আপোনালোকৰ ওচৰত এটা শেষ অনুৰোধ— নিউয়ৰ্ক চহৰখনে যেন এইমাত্ৰ উশাহ ঘূৰাই পাইছে। আমি বহুদিন মুকলিকৈ উশাহ ল’বই পৰা নাছিলোঁ। আমি পৰাজয়ৰ শংকাত ভুগিছিলোঁ, কিয়নো বাৰে বাৰে আমাৰ দম বন্ধ কৰি দিয়া হৈছিল। আমি উশাহ ল’ব পৰা নাছিলোঁ, কিয়নো আমাৰ উশাহ ল’ব পৰা অৱস্থাই নাছিল। অজস্ৰজনৰ বলিদানৰ বিনিময়ত আজি আমি এটা শ্বাসৰুদ্ধকাৰী অৱস্থাৰ পৰা মুক্ত হৈছোঁ আৰু চহৰখনে যেন পুনৰ্জন্ম লাভ কৰিছে। মোৰ লগত যিসকলে কাম কৰিছে, তেওঁলোক কিন্তু হতাশ হোৱা নাছিল। তেওঁলোকে নিৰ্বাচনী প্ৰচাৰক এক বেলেগ ৰূপ দিছিল। তেওঁলোকক মই কি বুলি কৃতজ্ঞতা জনাম! আজি আপোনালোকে শান্তিৰে এঘুমটি মাৰিব পাৰিব।


আজি মই যি হৈছোঁ মোৰ মা-দেউতাৰ বাবে। আপোনালোকৰ পুত্ৰ হিচাপে মই গৌৰৱ কৰোঁ আৰু মোৰ পত্নী ৰামা দুৱাজী (Rama Duwaji), তুমি মোৰ কাৰণে যিখিনি কৰিছা সেয়া আন কোনেও কৰিব নোৱাৰে। মোক যিসকলে ভোট দিছে আৰু যিসকলে ভোট দিয়া নাই, সকলোকে মই হিয়াভৰি ধন্যবাদ জনাইছোঁ। এতিয়াৰে পৰা মোৰ এটাই প্ৰতিজ্ঞা— নিউয়ৰ্ক চহৰখন যাতে ভালত ভাল কৰি যাব পাৰোঁ। বহুতেই ভাবিছিল যে আমি কেতিয়াও জয়ী নহওঁ। বহুতেই ভাবিছিল, এই ক্ৰুৰ ৰাজনীতিৰ পৰা আমি একো আশা কৰিব নোৱাৰো। কিন্তু আমি সেই সকলো ভয় মিছা বুলি প্ৰমাণ কৰিলোঁ। আজি নিশা আমি মুক্ত কণ্ঠে নিজৰ কথা কৈছোঁ। এতিয়াও আশা জীয়াই আছে আৰু হাজাৰ হাজাৰ নিউয়ৰ্কবাসীয়ে দিনৰ পিছত দিন ধৰি এই আশা জীয়াই ৰাখিছে।


এটাৰ পিছত এটা আক্ৰমণ আমাৰ স্বেচ্ছাসেৱকসকলে প্ৰতিহত কৰিছে। লাখ লাখ মানুহে গীৰ্জা, জিমনেছিয়াম, কমিউনিটি চেণ্টাৰত গণতন্ত্ৰৰ ধ্বজা উৰাই ৰাখিছে। ভোট দিয়াৰ সময়ত, আমি সকলোৱে একেলগে সেই আশা উৰ্দ্ধত তুলি ধৰিছিলোঁ। সেই আশা আছিল অত্যাচাৰী শাসনৰ বিৰুদ্ধে, সেই আশা আছিল পুঁজিপতিসকলৰ বিৰুদ্ধে, সেই আশা আছিল হতাশা-নিৰাশাৰ বিৰুদ্ধে। আমি জয়ী হৈছোঁ, আমি সেই অপৰাজেয় পতাকা উৰ্দ্ধত তুলি ধৰিছোঁ বুলিয়েই অসম্ভৱক সম্ভৱ কৰিব পাৰিছোঁ। আমি বিজয়ী হৈছোঁ কিয়নো আমি কাকো আমাক লৈ ৰাজনীতি কৰিব দিয়া নাই। এতিয়া আমি নিজেই আমাৰ ৰাজনীতি কৰিম।


আপোনালোকৰ সন্মুখত থিয় হৈ মোৰ জৱাহৰলাল নেহৰুৰ সেই কথা মনলৈ আহিছে:
“ইতিহাসত আমি কাচিৎহে এনেকুৱা সময়ৰ সন্মুখীন হওঁ, যেতিয়া নতুনক পুৰণিয়ে বাট এৰি দিয়ে, যেতিয়া বহুদিন ধৰি অৱদমিত কণ্ঠই নিজৰ কণ্ঠ ঘূৰাই পায়।”


আজি আমি পুৰণিৰ পৰা নতুনলৈ আহিছোঁ। আমি স্পষ্টভাৱে ক’ব বিচাৰোঁ, এই নতুন যুগে কাৰ কাৰণে কি কি বতৰা লৈ আহিব।
এতিয়া নিউয়ৰ্কবাসীৰ কাৰণে আমাৰ নেতৃত্বই দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। বিভিন্ন অজুহাত দি এটাৰ পিছত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত পিছুৱাই থকাটো নচলিব। নিউয়ৰ্কত জীৱন ধাৰণৰ খৰচ ইমান বেছি যে সাধাৰণ মানুহে চহৰখনত থকাৰ কথা ভাবিব নোৱৰা হৈছে। গতিকে প্ৰথম কথা হ’ল সকলো বস্তুৰে আমি দাম কমাব লাগিব যাতে কম উপাৰ্জনৰ মানুহো চহৰখনত থাকিব পাৰে। ঘৰৰ মালিকে মন গলেই যাতে ঘৰভাৰা বঢ়াব নোৱাৰে, আমি তাৰ ব্যৱস্থা কৰিব লাগিব যাতে বিশ লাখ ভাৰাতীয়া তাৰ দ্বাৰা উপকৃত হয়। চহৰত চলা বাচবোৰৰ গতি বঢ়াব লাগিব আৰু ই বিনামূলীয়া হ’ব লাগিব। শিশুসকলে যাতে সকলো সেৱা বিনামূলীয়াকৈ পাই, আমি তাৰ ব্যৱস্থা কৰিব লাগিব। আমি সকলো খৰচ কমাব লাগিব। উস, এই দিনটোৰ কাৰণে আমি ইমান দিন ৰৈ থাকিবলগীয়া হৈছিল! এতিয়া আগৰ তুলনাত সকলো ভাল হ’ব লাগিব। আমি শীঘ্ৰেই কেবা হাজাৰো শিক্ষক নিযুক্তি দিম। আমি আত্মগৰ্বী আমোলাৰ সংখ্যা কমাম। নিউয়ৰ্ক চিটি হাউছিং অথৰিটিৰ (New York City Housing Authority – NYCHA) ঢিমিক ঢামাককৈ জ্বলি থকা লাইটবোৰে এতিয়া চৌদিশ আলোকিত কৰি জ্বলি উঠিব।


আমি একে সময়তে নিৰাপত্তা আৰু ন্যায় সুনিশ্চিত কৰিব পাৰিব লাগিব। আমাৰ আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰিব আৰু গৃহহীনসকলে সন্মুখীন হোৱা মানসিক সংকটৰো দূৰ কৰিব লাগিব। সকলো চৰকাৰী সেৱা উৎকৃষ্ট হ’ব লাগিব। সি ব্যতিক্ৰম হ’ব নোৱাৰিব। আমি সাম্প্ৰদায়িকতা সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগিব। আজিৰ অমানিশাৰ ৰাজনীতিৰ কাৰণে নিউয়ৰ্ক হ’ব লাগিব এক আলোক-দিগদৰ্শী যাত্ৰা। আমি দয়া, মমতা আৰু প্ৰেমত বিশ্বাসী। অভিবাসী হওক, বা তৃতীয় লিংগৰ লোক হওক – আমাৰ কাৰণে সকলো সমান। ট্ৰাম্পে চাকৰিৰ পৰা খেদি পঠিওৱা কৃষ্ণাঙ্গ মহিলাসকলক আমি আকৌ চাকৰিলৈ ওভতাই আনিম। বয়বস্তুৰ দাম কমিব বুলি অপেক্ষা কৰি থকা অকলশৰীয়া মহিলা এগৰাকীৰ কথাও আমি চিন্তা কৰিব লাগিব। উপায়হীন মানুহবোৰৰ কথাও আমি ভাবিব লাগিব। আপোনালোকৰ সংগ্ৰাম আমাৰ সংগ্ৰাম। ইহুদী আৰু অনা-ইহুদীসকলে একেলগে থাকিব পাৰিব লাগিব। নিউয়ৰ্কত থকা দহ লাখ মুছলমানে ভাবিব লাগিব যে এইখন চহৰ তেওঁলোকৰো। এতিয়াৰে পৰা ইছলাম-বিদ্বেষেৰে কোনেও নিৰ্বাচন জিকিব নোৱাৰিব। এই নতুন যুগৰ বাণী হ’ব যোগ্যতা (Competence) আৰু সমব্যথা (Compassion), ইমান দিনে কিন্তু আমি এটাক আনটোৰ বিপৰীত বুলি গণ্য কৰি আছিলোঁ। চৰকাৰৰ কাৰণে কোনো সমস্যাই সমাধান কৰিব নোৱৰা নহয় আৰু যিমান সৰু সমস্যাই হ’লেও চৰকাৰে অৱহেলা কৰিব নোৱাৰে। এতিয়াৰে পৰা সেইটোৱে আমাৰ নীতি হ’ব।
ইমান দিনে চিটিহলত বহাসকলক যিসকলে সহায় কৰে, তেওঁলোকে সেই সকলকহে সহায় কৰি আছিল। কিন্তু এক জানুৱাৰী দিনা তাত এনেকুৱা এখন চৰকাৰে কাৰ্যভাৰ ল’ব, যিয়ে সকলোকে সহায় কৰিব। মই জানো, আমাৰ বিৰুদ্ধে কিমান ভুৱা প্ৰচাৰ আৰু উৰাবাতৰি চলোৱা হৈছিল। কোটি কোটি টকা খৰচ কৰা হৈছিল যাতে ৰাইজে ভাবে যে এক অতি বিপদজনক শক্তি আহি ক্ষমতালৈ আহি আছে।


ধনকুবেৰবিলাকে এতিয়ালৈকে এইটোৱে প্ৰচাৰ চলাই আছিল যে দিনৌ ২০ ডলাৰ উপাৰ্জন কৰাসকলৰ শত্ৰু হ’ল দিনৌ ৩০ ডলাৰ উপাৰ্জন কৰাসকল। ইমান দিনে তেওঁলোকে আমাৰ মাজতে কাজিয়া লগাই আছিল যাতে আমাৰ দৃষ্টি ব্যৱস্থাটো সংস্কাৰ কৰাৰ পৰা আঁতৰাই ৰাখিব পাৰে। নাই, এতিয়াৰ পৰা সেইটো নচলিব। এতিয়া আমাৰ বাবে যি নিয়ম, তেওঁলোকৰ বাবেও একেই নিয়ম। আমি সকলোৱে লগ লাগি এক পৰিৱৰ্তনৰ সূচনা কৰিম। এইটো কৰিলেহে আমি মুষ্টিমেয় লোকৰ স্বৈৰাচাৰী শাসনৰ ওচৰত সেও মনাৰ সলনি তাক প্ৰত্যাহ্বান জনাব পাৰিম। সমগ্ৰ দেশখনক বিশ্বাসঘাতকতা কৰা ড’নাল্ড ট্ৰাম্পো এই নিউয়ৰ্ক চহৰৰে। তেওঁক কিন্তু ইয়াৰ মানুহেই পৰাস্ত কৰিব লাগিব। আৰু স্বেচ্ছাচাৰী মানুহ এজনক যদি ভয় খুৱাব লাগে, যি কায়দাকৌশলেৰে তেওঁ ক্ষমতা আহৰণ কৰিছিল, সেই গোটেই পৰিমণ্ডলটোকে আমি তচনচ কৰি পেলাব লাগিব। আৰু অকল ট্ৰাম্পে নহয়, ট্ৰাম্পৰ পিছত যিজন আহিব তেওঁৰো সেই একেই অৱস্থা কৰিব লাগিব। ড’নাল্ড ট্ৰাম্প ডাঙৰীয়া, মই জানো আপুনি মই কি কৈ আছো চাই আছে। মই কেৱল আপোনাক চাৰিটা শব্দই ক’ব বিচাৰোঁ। সেই চাৰিটা শব্দ হ’ল— অনুগ্রহ কৰি ভলিউমটো বঢ়াই লওক। যিবোৰ মালিকে ঘৰ ভাড়া বেছিকৈ লয়, তেওঁলোকক আমি সুদাই নেৰোঁ। অসাধু ঘৰৰ মালিকৰ অৱস্থা আমি কাঢ়িল (কঠিন) কৰিম। কিয়নো নিউয়ৰ্কত এই ড’নাল্ড ট্ৰাম্পবোৰৰ অত্যাচাৰ বৰ বাঢ়ি গৈছে। আৰু ড’নাল্ড ট্ৰাম্পৰ দৰে বিলিয়নাৰবিলাকে যাতে কৰ ফাঁকি দিব নোৱাৰে, আমি তাৰো ব্যৱস্থা কৰিম। আমি শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষিত কৰিম। শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত কৰিলে ট্ৰাম্পৰ দৰে মানুহবোৰে তেওঁলোকৰ একো কৰিব নোৱাৰিব। নিউয়ৰ্ক অভিবাসীসকলৰ বাবে অভিবাসীসকলে নিৰ্মাণ কৰা চহৰ হ’ব লাগিব। আৰু এতিয়াৰে পৰা ইয়াৰ নেতৃত্ব দিব এজন অভিবাসীয়ে। গতিকে ট্ৰাম্প ডাঙৰীয়া, আপুনি জানি লওক এতিয়াৰে পৰা আপুনি কোনোবা এজনক অকলশৰীয়া কৰি তেওঁক শত্ৰু সজাব নোৱাৰিব। কাৰণ আমি সকলো এতিয়া এক। পঞ্চাশ দিনৰ পাছত চিটিহলৰ শাসনভাৰ আমাৰ হাতলৈ অহাৰ পিছত ৰাইজে আমাৰ পৰা কিমান আশা কৰিব! আমি সেই আশা পূৰণ কৰিম।

Apply Now
পৰেশ মালাকাৰ, অঞ্জুমান ভৰদ্বাজ

পৰেশ মালাকাৰ, অঞ্জুমান ভৰদ্বাজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd