• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

চেন্সৰ আৰু অস্ত্ৰৰ কনফিগাৰেচনৰ ওপৰত নিৰ্ভৰ কৰি একোখন ৰিপাৰ ড্ৰ’নৰ মূল্য প্ৰায় ৩ কোটি ডলাৰৰ পৰা ৫ কোটি ডলাৰ হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2026 11:56 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ সৈতে চলি থকা সংঘাতত আমেৰিকাৰ সামৰিক ড্ৰ’ন বহৰে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতিৰে লাভ কৰা তথ্য অনুসৰি সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা আমেৰিকাই কমেও ৪৫খন এমকিউ-৯ ৰিপাৰ ড্ৰ’ন হেৰুৱাইছে। এই সংখ্যা সংঘাত আৰম্ভ হোৱাৰ পূৰ্বে আমেৰিকাৰ হাতত থকা প্ৰায় ২৫ শতাংশ ৰিপাৰ ড্ৰ’নৰ সমতুল্য।

এম কিউ-৯ ৰিপাৰ মূলতঃ দীৰ্ঘম্যাদী আকাশী চোৰাংচোৱাগিৰি আৰু প্ৰয়োজন অনুসৰি লক্ষ্যভিত্তিক আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা হয়। চেন্সৰ আৰু অস্ত্ৰৰ কনফিগাৰেচনৰ ওপৰত নিৰ্ভৰ কৰি একোখন ৰিপাৰ ড্ৰ’নৰ মূল্য প্ৰায় ৩ কোটি ডলাৰৰ পৰা ৫ কোটি ডলাৰ হ’ব পাৰে। ফলত ৪৫খন ড্ৰ’ন হেৰুৱাৰ আৰ্থিক মূল্য ১.৩ বিলিয়ন ডলাৰতকৈও অধিক হ’ব পাৰে।

Apply Now

কিন্তু ইৰাণৰ আক্ৰমণত হেৰুৱা ড্ৰ’নসমূহৰ সকলোবোৰ ধ্বংস হোৱা নাছিল। আমেৰিকাৰ এজন বিষয়াই জনোৱা মতে, কিছুমান ড্ৰ’ন অপাৰেটৰৰ সৈতে যোগাযোগ হেৰুৱাই পেলোৱাৰ ফলত বিকল হৈ পৰে। সংঘাতৰ সময়ত ড্ৰ’নসমূহৰ  কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছে আমেৰিকাৰ সেনা।

ইৰাণৰ সৈতে সংঘাতৰ সময়ত আমেৰিকাৰ সেনাই হৰমুজ জলদ্বীপ আৰু ইয়াৰ আশে-পাশে ব্যাপকভাৱে ব্যৱহাৰ কৰিছিল এম কিউ-৯ ৰিপাৰ। বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক জলপথ হিচাপে এই অঞ্চলটো আমেৰিকা-ইৰাণৰ সংঘাতৰ মুখ্য কেন্দ্ৰবিন্দু হৈ পৰিছে।

ৰিপাৰ ড্ৰ’নে আকাশৰ পৰা দীৰ্ঘ সময়ৰ বাবে চোৰাংচোৱাগিৰি চলাব পাৰে আৰু প্ৰয়োজন হ’লে আক্ৰমণ কৰিব পাৰে। কিন্তু ইয়াৰ গতি তুলনামূলকভাৱে লেহেমীয়া আৰু ই প্ৰায়ে কম উচ্চতাত উৰণ কৰে, যাৰ ফলত ইৰাণৰ সেনাবাহিনী আৰু য়েমেন তথা ইৰাকত থকা ইয়াৰ মিত্ৰ দেশসমূহৰ বাবে এই ড্ৰ’নসমূহক লক্ষ্য কৰি লোৱাটো তুলনামূলকভাৱে সহজ হৈ পৰে।

সংঘাত আৰম্ভ হোৱাৰ পূৰ্বে আমেৰিকাৰ সেনাবাহিনীৰ হাতত আছিল আনুমানিক ১৮৫খন ৰিপাৰ ড্ৰ’ন। ইয়াৰে ১৬৫খন আমেৰিকাৰ বায়ুসেনা আৰু ২০খন আমেৰিকাৰ মেৰিন কৰ্পছৰ হাতত। আমেৰিকাৰ মেৰিন কৰ্পছে কয় যে তেওঁলোকে আজিলৈকে কোনো ৰিপাৰ ড্ৰ’ন হেৰুওৱা নাই। মে’ মাহত আমেৰিকাৰ বায়ুসেনাৰ লেফটেনেণ্ট জেনেৰেল ডেভিদ টেবৰে আমেৰিকাৰ চেনেটত কয় যে আমেৰিকাৰ হাতত প্ৰায় ১৩৫খন ৰিপাৰ ড্ৰ’ন বাকী আছে। সেই সময়ত তেওঁ ড্ৰ’ন হেৰুৱাৰ বাবে উদ্বেগো প্ৰকাশ কৰিছিল।

ইয়াৰ মাজতে আমেৰিকাই ক্ৰমান্বয়ে পুৰণি ৰিপাৰ ড্ৰ’ন আঁতৰোৱাৰ পৰিকল্পনা কৰিছে। ভৱিষ্যতে ইয়াৰ ঠাইত তুলনামূলকভাৱে সস্তা আৰু গোট খাই একেলগে কাম কৰিব পৰা সশস্ত্ৰ ড্ৰ’ন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।

ইৰাণৰ সৈতে হোৱা সংঘাতত আমেৰিকাৰ সেনাই কেৱল ড্ৰ’নেই নহয়, বৃহৎ সংখ্যক ক্ষেপণাস্ত্ৰও ব্যৱহাৰ কৰিছে। দাবী কৰা হৈছে যে যুদ্ধৰ প্ৰথম মাহত আমেৰিকাই ৮৫০ টাতকৈও অধিক টমাহক ক্ৰুজ মিছাইল আৰু ১০০০ৰো অধিক পেট্ৰিয়াট আৰু থাড মিছাইল ব্যৱহাৰ কৰিছিল। THAAD মিছাইল মূলতঃ শত্ৰুৰ বেলিষ্টিক মিছাইলক বাধা দিবলৈ ব্যৱহাৰ কৰা হয়। বৰ্তমান আমেৰিকাই বছৰি সৰ্বাধিক প্ৰায় ৯৬টা THAAD ইন্টাৰচেপ্টৰ উৎপাদন কৰিব পাৰে। কিন্তু অনুমান অনুসৰি অহা বছৰ প্ৰায় ৮৫৭ টা আৰু অহা পাঁচ বছৰত মুঠ প্ৰায় ২৬০০ টা THAAD ইন্টাৰচেপ্টৰৰ প্ৰয়োজন হ’ব পাৰে ।

ইৰাণৰ সৈতে হোৱা সংঘাতৰ খৰচ বহন কৰাৰ লগতে ক্ষতি হোৱা অস্ত্ৰ-শস্ত্ৰৰ মজুত পুনৰ ভৰোৱাৰ বাবে আমেৰিকাৰ চৰকাৰে কংগ্ৰেছক অতিৰিক্ত ৬৭ বিলিয়ন ডলাৰৰ বাজেট বিচাৰিছে। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথৰ মতে, ছেপ্টেম্বৰৰ শেষলৈকে ইৰাণ যুদ্ধৰ বাবে আমেৰিকাৰ খৰচ প্ৰায় ৩৭.৫ বিলিয়ন ডলাৰ হ’ব পাৰে।

ইয়াৰ উপৰিও ইউক্ৰেইনলৈ দীৰ্ঘম্যাদী অস্ত্ৰ যোগানৰ ফলত আমেৰিকাৰ সামৰিক মজুতৰ ওপৰতো চাপ বৃদ্ধি পাইছে। ফলত আমেৰিকাই একে সময়তে তিনিটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে: যুদ্ধৰ খৰচ পৰিচালনা কৰা, ইউক্ৰেইনক অস্ত্ৰ যোগান ধৰা আৰু নিজাকৈ ড্ৰ’ন আৰু মিছাইলৰ মজুত পুনৰ নিৰ্মাণ কৰা।

আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল নতুন অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰ’ন প্ৰস্তুত কৰিবলৈ সময় লাগে। ফলত বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰাৰ পিছত দ্ৰুতগতিত মজুত পুনৰ ভৰাই তোলাটো এতিয়া আমেৰিকাৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষাত পৰিণত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd