• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধোঁৱাচাঙত উঠিল প্ৰধান মন্ত্ৰী নগৰীয়া আৱাস যোজনা : হেল্পলাইন নম্বৰ ১৮০০২১২২৩৬৬ বিকল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 12, 2018 9:56 pm
DharmakantaGogoi

দুৰ্নীতি বিৰোধী মঞ্চ, অসমৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“প্ৰধান মন্ত্ৰী নগৰীয়া আৱাস যোজনা, চমুকৈ (PMAY, urban) ধোঁৱা চাঙত উঠিল। যিসময়ত ভাৰতৰৰ প্ৰধান মন্ত্ৰীয়ে ২০২২ চনৰ ভিতৰত এই আঁচনিৰ অধীনত ভাৰতবৰ্ষৰ সকলো গৃহহীন লোকে বাসগৃহ লাভ কৰিব বুলি ঘোষণা কৰিছে, সেইসময়ত ৰাজ্যখনৰ আৱাস নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক খেলিমেলিৰ কথা পোহৰলৈ আহিছে।”

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি এই গুৰুতৰ অভিযোগ তোলে দুৰ্নীতি বিৰোধী মঞ্চ, অসমৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে।

Apply Now

তেওঁ সংবাদমেলত কয়, “অসমত এই আৱাস যোজনাৰ ডাইৰেক্টৰৰ দায়িত্বত আছিল বৰ্তমান লখিমপুৰৰ উপায়ুক্ত ড০ জীৱন বি। কিন্তু বৰ্তমান এই পোষ্টটো খালী হৈ আছে। কিয়নো এক নিৰ্দেশনাৰ ভিত্তিত ড০ জীৱন বিক লখিমপুৰ জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হয়।”

তেওঁ লগতে কয় যে ২০১৭-১৮ বৰ্ষত অসমৰ ৩২ খন জিলাৰ ৯৫খন চহৰত ৫৫,৬৩৪ গৰাকী উপভোক্তাৰ নামত গৃহ অনুমোদন হয় যদিও দুৰ্ভাগ্যজনকভাৱে মাত্ৰ ১৪৪৫ গৰাকী উপভোক্তাইহে গৃহ নিৰ্মাণৰ বাবদ কেৱল প্ৰথম কৃষ্টিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে এই মিশ্যনৰ অধীনত কাম কৰা ১৩৫জন বিষয়া-কৰ্মচাৰীক হাইদৰাবাদৰ Administrative Staff College of India (ASAI) নামৰ প্ৰতিষ্ঠান এটাই প্ৰাপ্য ধন প্ৰদানত ব্যাপক খেলিমেলি কৰা বুলি অভিযোগ তুলি গগৈয়ে লগতে কয় “কৰ্মচাৰীসকলে আমাক জানিবলৈ দিয়া মতে তেওঁলোকে ২০১৭ চনৰ ডিচেম্বৰ মাহৰ পৰা কোনো দৰমহা লাভ কৰা নাই, আৰু ডাইৰেক্টৰজন উপায়ুক্ত হিচাপে বদলি হোৱাৰ পিছৰে পৰা এই আঁচনিখন ধোৱাচাঙত উঠিল। বৰ্তমান ডাইৰেক্টৰ পদটো খালী হৈ আছে।”

ইয়াৰোপৰি তেওঁ উক্ত সংবাদমেলতে জনোৱা অনুসৰি ১৩৫গৰাকী কৰ্মচাৰীৰ ৯১গৰাকী বহিৰাগত প্ৰতিষ্ঠানটোৱে আৰু ৰাজ্য চৰকাৰে ৪৪ গৰাকী কৰ্মচাৰী নিয়োগ কৰিছিল।

গগৈয়ে অভিযোগ কৰে যে কৰ্মচাৰীসকলে প্ৰতিষ্ঠানটোৰ পৰা ৪৫ হাজাৰ টকা দৰমহা পাব লাগিছিল যদিও তেওঁলোকে ২৫ হাজাৰ টকাহে উক্ত বহিৰাগত প্ৰতিষ্ঠানটোৰ পৰা লাভ কৰিছিল।

তেওঁ লগতে কয়, “হাইদৰাবাদৰ প্ৰতিষ্ঠানটোৱে কেন্দ্ৰীয় চৰকাৰক কোনোধৰণৰ তথ্য যোগান ধৰিব নোৱৰাৰ ফলত অসমত এই আঁচনিখনৰ তলাবন্ধ হৈ গ’ল।”

ইয়াৰ ফলত সম্পূৰ্ণ আঁচনিখনেই মিথ্যাচাৰত পৰিণত হৈছে বুলি মত প্ৰকাশ কৰাৰ লগতে তেওঁ কয় “এই আঁচনিৰ বাবদ যি হেল্পলাইন নম্বৰ দিয়া হৈছিল সেই নম্বৰটোৱেই যোৱা ৩ মাহ ধৰি বিকল হৈ আছে। মোদীয়ে পৰিৱৰ্তনৰ কথা কৈছিল যদিও এই আঁচনিখনৰ ক্ষেত্ৰত অসমক সম্পূৰ্ণ বিশ্বাসঘাতকতা কৰিছে।”

আনহাতে, ১৩৫ গৰাকী কৰ্মচাৰীয়ে বাৰেপতি ৰাজ্যচৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আঁচনিখন অসমত বন্ধ হৈ যাব বুলি আপত্তি দৰ্শাই আহিছে যদিও কোনো এখন চৰকাৰে বিষয়টোত গুৰুত্ব দিয়া নাই বুলিও ধৰ্মকান্ত গগৈয়ে উক্ত সংবাদমেলতে গুৰুতৰ অভিযোগ তোলে।

উক্ত সংবাদমেলৰ শেষৰ ফালে গগৈয়ে ৰাজ্য চৰকাৰৰ প্ৰতি অনুৰোধ জনাই কয় “চৰকাৰে এটা উচ্চস্তৰীয় পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰক আৰু কি পৰিস্থিতি ডাইৰেক্টৰৰ দৰে গুৰুত্বপূৰ্ণ পদবী এটা এৰি ড০ জীৱন বি লখিমপুৰৰ উপায়ুক্ত হ’ব লগীয়া হ’ল সেই সন্দৰ্ভতো তদন্তৰ দাবী জনাইছো।”

উক্ত সংবাদমেলতে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমে কাৰ্বি আংলংত দুজন যুৱকৰ হত্যাকাণ্ডৰ ঘটনাক সম্পূৰ্ণ অমানৱীয় তথা বৰ্বৰোচিত আখ্যা দিয়ে আৰু আটক কৰা দোষী অপৰাধীসকলক কঠোৰৰ পৰা কঠোৰ শস্তি প্ৰদান কৰিবৰ বাবে দাবী জনায়।

সংগঠনটোৱে কালিৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এমাহজোৰা সজাগতাসভা, পথ সভাৰ আৰম্ভ কৰা বুলিও জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd