বিহাৰত মহাগঠবন্ধনৰ লজ্জাজনক বিপৰ্যয়ৰ পিছত অৱশেষত কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মুখ খুলিলে। তেওঁ অভিযোগ কৰে যে, “এই নিৰ্বাচন আৰম্ভণিৰে পৰাই নিৰপেক্ষ নাছিল।”
শুকুৰবাৰে এক্সত দিয়া প্ৰথম প্ৰতিক্ৰিয়াত ৰাহুলে লিখিছে, “বিহাৰৰ লাখ লাখ লোকে মহাগঠবন্ধনৰ ওপৰত যি আস্থা ৰাখিছে তাৰ বাবে মই কৃতজ্ঞ। কিন্তু এই ফলাফল সঁচাকৈয়ে আচৰিত। এই নিৰ্বাচন আৰম্ভণিৰে পৰাই ন্যায্য নাছিল, সেইবাবেই আমি আশা কৰা ধৰণৰ জয় আনিব নোৱাৰিলো।”
যদিও তেওঁ ভোট চুৰিৰ বিষয়ে পোনপটীয়াকৈ একো কোৱা নাই, তথাপিও ইংগিত স্পষ্ট। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে সমগ্ৰ বিহাৰত মহাগঠবন্ধনৰ ‘ভোটাধিকাৰ যাত্ৰা’ কৰিও কিয় ৪০ৰ নিৰ্দিষ্ট সীমাও অতিক্ৰম কৰিব নোৱাৰিলে।
ৰাহুলে লিখিছে, ‘এই যুঁজখন সংবিধান ৰক্ষা আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজ।’ কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰজোঁটে ইয়াৰ ফলাফল গভীৰভাৱে বিশ্লেষণ কৰিব আৰু “গণতন্ত্ৰৰ যুঁজখন আৰু অধিক শক্তিশালী হ’ব।”
২০২০ চনত কংগ্ৰেছে ৭০খন আসনৰ ভিতৰত ১৯খন আসন লাভ কৰিছিল। এইবাৰ ৬১খন আসনৰ ভিতৰত মাত্ৰ ৬খন আসনহে লাভ কৰে। মিত্ৰজোঁটৰ ডাঙৰ দল আৰজেডিৰ অৱস্থাও শোচনীয়—১৪৩খন আসনৰ ভিতৰত মাত্ৰ ২৫খন আসনহে লাভ কৰিছে, যিটো যোৱাবাৰ লাভ কৰা আসনৰ আধাতকৈও কম।
আনহাতে, এন ডি এয়ে ২০০ৰো অধিক আসন লাভ কৰে, বাস্তৱতে একপক্ষীয় যুঁজ।
কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও ৰাহুলৰ ঠিক পিছতেই এক্সত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁৰ অভিযোগ—“গণতন্ত্ৰক দুৰ্বল কৰাৰ বাবে সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ অপব্যৱহাৰৰ বিৰুদ্ধেই আমাৰ যুঁজ।”
তেওঁ কয়, ‘আমি বিহাৰৰ ৰায়ক সন্মান কৰো।কিন্তু কিয় এই ফলাফল আহিছে তাক চাৰিজাৰি চোৱা হ’ব। বিস্তৃত মূল্যায়ন কৰা হ’ব।”
কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰা বাৰ্তাত খাৰ্গেই কয়, “হতাশ হোৱাৰ প্ৰয়োজন নাই। আপোনালোকেই আমাৰ গৌৰৱ। আপোনালোকেই আমাৰ শক্তি। আমি জনসাধাৰণৰ মাজৰ পৰাই সংবিধান ৰক্ষাৰ যুঁজখন অব্যাহত ৰাখিম। এই যুঁজখন দীঘলীয়া—কিন্তু আমি শেষলৈকে যুঁজিম।”




