• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা কাৰ্যকৰী; সাংবাদিকতা আৰু তথ্যৰ অধিকাৰক লৈ বাঢ়িছে উদ্বেগ

ৰাজেন শৰ্মা, গুৱাহাটী by ৰাজেন শৰ্মা, গুৱাহাটী
November 15, 2025 1:14 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত আৰম্ভ হৈছে ব্যক্তিগত তথ্য সুৰক্ষাৰ এক নতুন পৰ্যায়। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে বৃহস্পতিবাৰে (১৪ নৱেম্বৰ) বহু চৰ্চিত ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন (ডিপিডিপি) এক্ট, ২০২৫ৰ অধীনত প্ৰথমটো নিয়ম তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিছে। এতিয়া এই প্ৰশাসনিক দিশৰ নিয়মসমূহ কাৰ্যকৰী হ’লেও অহা ১৮ মাহত অন্যান্য নিয়মসমূহো পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰা হ’ব।

এই আইনখন কাগজ-কলমে ভাৰতৰ প্ৰথমখন বিস্তৃত গোপনীয়তা ৰক্ষাৰ আইন। ফলত ডিজিটেল প্লেটফৰ্মসমূহক ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য সংগ্ৰহ, সংৰক্ষণ আৰু ব্যৱহাৰৰ বাবে স্পষ্ট সন্মতি লাভ কৰিবলৈ বাধ্য কৰা হৈছে।

Apply Now

এজন ব্যক্তিৰ নিজৰ তথ্যৰ ওপৰত অধিক নিয়ন্ত্ৰণ থাকিব আৰু প্ৰয়োজন হ’লে তথ্য মচি পেলোৱাৰ অধিকাৰো নিশ্চিত হ’ব। এই আইনখন কাৰ্যকৰী কৰিবৰ বাবে কোম্পানীসমূহক তথ্য ব্যৱস্থাপনাৰ মানদণ্ড উন্নত কৰিবলৈ কিছু সময় দিয়া হৈছে।

কি কি নিয়ম এতিয়া কাৰ্যকৰী হৈছে

১৪ নৱেম্বৰৰ পৰা চৰকাৰে জাৰি কৰা নিয়মৰ ভিতৰত আছে—তথ্য সুৰক্ষা ব’ৰ্ড গঠন আৰু ব’ৰ্ডৰ সদস্যসকলৰ দৰমহা আৰু সেৱাৰ চৰ্ত নিৰ্ধাৰণ কৰা।

কোম্পানীসমূহক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব পৰা বিধানসমূহ — যেনে তথ্য কেনেকৈ সংগ্ৰহ, সংৰক্ষণ, ব্যৱহাৰ আৰু মচি পেলোৱা হয় — সেয়া এবছৰৰ পিছত কাৰ্যকৰী হ’ব বুলি জনোৱা হৈছে।

প্লেটফৰ্মসমূহৰ ওপৰত অধিক চাপ বৃদ্ধি

ডিপিডিপি আইন অনুসৰি ডিজিটেল প্লেটফৰ্মসমূহে এতিয়া ব্যৱহাৰকাৰীক স্পষ্ট জাননী দিব লাগিব, তথ্য ফাদিলৰ বিষয়ে অৱগত কৰিব লাগিব, আৰু সীমিত পৰিমাণৰ তথ্য ৰখাৰ নিয়ম মানি চলিব লাগিব। ডাটা ফিডুচিয়াৰী বা ডাটা সুৰক্ষিত কৰাৰ বাবে দায়বদ্ধ ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহে কঠোৰ মানদণ্ড অনুসৰি কাম কৰিব লাগিব।

বিশেষকৈ শিশুৰ তথ্য ব্যৱহাৰৰ ক্ষেত্ৰত অধিক সাৱধানতা আৰু কঠোৰতা আৰোপ কৰা হৈছে। শিশুৰ ব্যক্তিগত তথ্য প্লেটফৰ্মত প্ৰকাশ কৰাৰ পূৰ্বে কঠোৰ পৰীক্ষণ আৰু অনুমতিৰ প্ৰয়োজন হ’ব।

আইনখনে ব্যক্তিগত তথ্য বুলি কওঁতে এনেবোৰ তথ্যক বুজোৱা হৈছে যাৰ দ্বাৰা কোনো ব্যক্তিক চিনাক্ত কৰা যায়- প্ৰত্যক্ষভাৱে নাম বা ঠিকনা অন্তৰ্ভুক্ত নাথাকিলেও যিকোনো পৰোক্ষ তথ্য ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত।

তথ্যৰ অধিকাৰ আৰু সাংবাদিকতাৰ ওপৰত ইয়াৰ প্ৰভাৱক লৈ উদ্বেগ

যদিও এই আইনখনৰ দীৰ্ঘদিন ধৰি চৰ্চা চলি আছে, তথাপিও ইয়াৰ কাৰ্যকৰীকৰণত বাৰে বাৰে পলম হৈ আহিছে। বিশেষজ্ঞৰ আপত্তিৰ বাবে নতুন নিয়ম প্ৰকাশত পলম হৈছে। ইয়াৰে এটা বিতৰ্কিত বিষয় হৈছে সাংবাদিকতাৰ বাবে কোনো বিশেষ ৰেহাই নথকাটো। বিশ্বৰ বেছিভাগ গোপনীয়তা ৰক্ষাৰ আইনেই সাংবাদিক আৰু সংবাদ মাধ্যমক ‘জনস্বাৰ্থ’ৰ প্ৰতিবেদনৰ বাবে ৰেহাই প্ৰদান কৰে। যদিও ডিপিডিপি আইনৰ প্ৰথম খচৰাত এনে ৰেহাই আছিল, তথাপিও চূড়ান্ত নিয়মত ইয়াক আঁতৰাই দিয়া হৈছে।

ফলত—অনুসন্ধানমূলক সাংবাদিকসকলে অভিযুক্ত ব্যক্তিসকলৰ নাম, উপাধি বা পদবী উল্লেখ কৰিব নোৱাৰিব, আৰু কোনো ব্যক্তিৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰাৰ আগতে প্ৰথমে তেওঁলোকৰ সন্মতি ল’ব লাগিব, যাৰ ফলত অনুসন্ধানমূলক সাংবাদিকতাত প্ৰত্যক্ষভাৱে বাধা আহিব। ইয়াৰ উপৰিও প্ৰতিটো নিয়ম উলংঘাৰ বাবে ৫০০ কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰাটো বহুতৰ মতে সংবাদ মাধ্যমক ভয় খুৱাই মৌন কৰি ৰখাৰ উপায় হৈ পৰিব পাৰে।

বহু অধিকাৰ কৰ্মীয়ে এই মতামত প্ৰকাশ কৰিছে যে এই আইনখনে তথ্যৰ অধিকাৰকো প্ৰত্যাহ্বান জনাইছে। ডি পি ডি পি আইনখনে কাৰ্যকৰীভাৱে আৰ টি আই আইনখনৰ ধাৰা ৮(১)( j) নিষ্ক্ৰিয় কৰি তোলে—যিটোৱে জনস্বাৰ্থত তথ্য প্ৰকাশৰ অনুমতি দিছিল। ইয়াৰ ফলত জনসাধাৰণৰ জবাবদিহিতা আৰু স্বচ্ছতাৰ ক্ষতি হ’ব পাৰে বুলি বিশেষজ্ঞসকলে সকীয়াই দিছে।

অধিকাৰ কৰ্মীসকলে লগতে কয় যে ‘ডাটা ফিডুচিয়াৰী’ শব্দটোৰ সংজ্ঞা ইমানেই বহল কৰা হৈছে যে সাংবাদিক, শিক্ষক, আনকি সাধাৰণ লোকসকলো আইনৰ অধীনত দায়বদ্ধ হ’ব পাৰে। যিসকলৰ গোপনীয়তা ৰক্ষাৰ আন্তঃগাঁথনি নাই তেওঁলোকেও এই আইনৰ বিধান মানি চলিবলৈ বাধ্য হ’ব।

ডিপিডিপি আইনখনে ভাৰতৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন অধ্যায় মুকলি কৰিছে। কিন্তু একে সময়তে সংবাদ মাধ্যমৰ স্বাধীনতা, জনস্বাৰ্থত তথ্য প্ৰচাৰ আৰু নাগৰিকৰ তথ্যৰ অধিকাৰক লৈ গুৰুতৰ বিতৰ্কৰ সৃষ্টি হৈছে। অহা ১৮ মাহত পৰ্যায়ক্ৰমে কাৰ্যকৰী হ’বলগীয়া এই আইনখন কিমান ফলপ্ৰসূ হ’ব আৰু ই  কিমান স্বাধীনতা নিয়ন্ত্ৰণ কৰিব সেয়া সময়েই ক’ব।

ৰাজেন শৰ্মা, গুৱাহাটী

ৰাজেন শৰ্মা, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

July 20, 2026 3:59 pm
বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

July 20, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

সংসদৰ পৰা যন্তৰ মন্তৰলৈ প্ৰতিবাদী যাত্ৰা: দিল্লী আৰক্ষীৰ হাতত আটক ডিম্পল যাদৱসহ কেইবাগৰাকীও সাংসদ

July 20, 2026 5:30 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ: অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ একেধৰণৰ সুবিধাৰ বাবে সমিতি গঠন কৰিব কেন্দ্ৰই

July 20, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd