• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

দৰাবিল গো-চৰণীয়া পথাৰ সুৰক্ষাৰ দাবীত বিশাল জনসভা: লজিষ্টিক পাৰ্ক বাতিলৰ প্ৰস্তাৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2025 9:00 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে কামৰূপৰ ৰামপুৰৰ দৰাবিলৰ বাকৰিত ‘দৰাবিল গো-চৰণীয়া পথাৰ সুৰক্ষা সমিতি’ৰ উদ্যোগত এখনি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। দৰাবিলৰ চৌপাশৰ ৰাইজকে ধৰি ডেৰ সহস্রাধিক লোকে এই সভাত অংশগ্ৰহণ কৰে আৰু গো-চৰণীয়া পথাৰ তথা দৰাবিল আৰ্দ্ৰভূমি অঞ্চল সুৰক্ষাৰ দাবীত ঐক্যবদ্ধ স্থিতি লয়।

অশ্বিনী মজুমদাৰ, অৱনী কুমাৰ দাস আৰু প্ৰবীণ গোস্বামীয়ে পৰিচালনা কৰা এই গুৰুত্বপূৰ্ণ সভাত স্থানীয় ৰাইজৰ উপৰিও বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতি, কুলশী নদীবান্ধ বিৰোধী মঞ্চ, দ্বীপৰ বিল সুৰক্ষা সমিতি, ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, সংগ্রামী কৃষক শ্রমিক সংঘ, দক্ষিণ কামৰূপ ছাত্র সন্থা, ৰামপুৰ আঞ্চলিক মহাবিদ্যালয় ছাত্র একতা সভা, ছয়গাঁও মহাবিদ্যালয় ছাত্র একতা সভা, বৃহত্তৰ বৰিহাট নাগৰিক মঞ্চ, সদিচ্ছা (মির্জা), কুকুৰমাৰা আঞ্চলিক ব্যবসায়ী সন্থা, বন্য বন্ধু (কামৰূপ) আদি সংগঠনৰ বহুকেইজন নেতৃবৃন্দ উপস্থিত থাকে। সকলোৱে দৰাবিল ৰক্ষাৰ ক্ষেত্ৰত সহমত পোষণ কৰে।

Apply Now

সভাৰ আৰম্ভণিতে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি কাৰ্যসূচী আৰম্ভ হয়। শিল্পীগৰাকীৰ প্ৰকৃতি প্ৰেম আৰু মানৱ প্ৰেমক সুঁৱৰি তেখেতৰ জনপ্ৰিয় ‘মায়াবিনী’ শীৰ্ষক গীতটি সমস্বৰে পৰিৱেশন কৰা হয়।

ইয়াৰ পিছতে ৰাইজৰ সৰ্বসন্মতিক্ৰমে দৰাবিল ৰক্ষাৰ স্বাৰ্থত গো-চৰণীয়া পথাৰ সামৰি সমগ্ৰ বিল আৰু আৰ্দ্ৰভূমি অঞ্চল যিদৰে আছে অনন্তকাললৈ তেনেদৰে ৰখাৰ পোষকতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাই প্ৰস্তাৱিত Logistic Park বাতিল কৰাৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।, দৰাবিল আৰ্দ্ৰভূমি আৰু সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলৰ ক্ষতি কৰিব পৰা কুলশী নদীৰ প্ৰস্তাৱিত নদীবান্ধ বাতিলৰ দাবী জনাইও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।, চৰকাৰ-প্ৰশাসনে যদি ৰাইজৰ মতামকক অগ্ৰাহ্য কৰে, তেন্তে দৰাবিল আৰ্দ্ৰভূমি সংৰক্ষণৰ স্বাৰ্থত পৰিস্থিতি সাপেক্ষে যিকোনো ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ ৰাইজে সাজু থকাৰ প্ৰস্তাৱ লোৱা হয়।

দৰাবিল-গো-চৰণীয়া পথাৰ সুৰক্ষাৰ স্বাৰ্থত সভাত উপস্থিত সকলো ৰাইজ আৰু সংগঠনে ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ৰাজহুৱা সভাখনত গ্ৰহণ কৰা এই প্ৰস্তাৱসমূহে দৰাবিল আৰ্দ্ৰভূমি সুৰক্ষাৰ ক্ষেত্ৰত এক শক্তিশালী জনমত প্ৰতিফলিত কৰিলে বুলি মত ব্যক্ত কৰে আয়োজক সমিতিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd