আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে ৰাজনৈতিক দল সমূহে। গাঁৱে-ভুঞে, মেলে-মিটিঙে কংগ্ৰেছ বিজেপি, অগপ আদি দলৰ জয়গান গাই ভোটাৰক প্ৰভাৱান্বিত কৰাৰ পুৰ্ণ প্ৰচেষ্টা চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। কিন্তু ইয়াৰ মাজতে মাৰ্ঘেৰিটা সমষ্টিৰ মাৰ্ঘেৰিটা ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ অধীনৰ বৃহতৰ লিখাজান গাওঁৰ অধীনৰ ৭ খন গাওঁৰ ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি গাওঁখনৰ দলং আৰু গাওঁখনৰ বাট-পথ সমূহৰ উন্নয়নমূলক কাম-কাজ চৰকাৰে আৰম্ভ নকৰে তেনেহ’লে গ্ৰামাঞ্চলৰ ৰাইজে আগন্তক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ কৰিবলৈ বাধ্য হ’ব বুলি সংবাদমাধ্যমত আগত জনাইছে।
জানিব পৰা মতে, বিগত ৭ বছৰত গাওঁ খনৰ বাঁহৰ সাঁকো আৰু জান-জুৰি পাৰ হ’বলৈ গৈ পানীত পৰি ৬জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে । বাৰিষাৰ সময়ত কেইবাদিনো ধৰি ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰে । যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত সাংসদ ৰামেশ্বৰ তেলীয়ে অঞ্চলটোত ভোট বিচাৰিবলৈ আহি কৈছিল যে ভাস্কৰ শৰ্মাক জয় কৰোৱাৰ তিনিমাহৰ ভিতৰত দলঙৰ কাম আৰম্ভ হ’ব। কিন্তু সেই প্ৰতিশ্ৰুতি অৱশেষত মিছা প্ৰতিপন্ন হ’ল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।
সুদীৰ্ঘ ১৫ বছৰে শাসনত থকা কংগ্ৰেছ চৰকাৰে গাৱঁৰ বাট পথৰ সমস্যাসমূহ সমাধান নকৰাত পৰিবৰ্তনৰ শ্লোগান দিয়া বিজেপি দলক শাসনৰ গাদীত বহুৱাইছিল অঞ্চলটোৰ খাটি খোৱা ৰাইজে। কিন্তু ২টা বছৰ সম্পূৰ্ণ কৰা বিজেপি চৰকাৰেও গাওঁখনৰ বাট পথ নিৰ্মাণৰ বাবে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে । এই অঞ্চলৰ পুৰুষ মহিলা, ৰোগী, ছাত্ৰ-ছাত্ৰী সকলোৱেই অতি বিপজ্জনকভাৱে বাঁহৰ জৰাজীৰ্ণ সাঁকো অথবা পাৰি দিয়া লোৰ ছিৰিৰে এই জান জুৰি অতিক্ৰম কৰি মাৰ্ঘেৰিটা নগৰলৈ যাবলগীয়া হয়।
স্বাধীনতাৰ ৭০ বছৰেও উন্নয়ন নহ’ল মাৰ্ঘেৰিটা গ্ৰামাঞ্চলৰ বাট-পথৰ। বাট-পথ সুচল নোহোৱাৰ বাবে ১০৮ এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক গাড়ী একোৱে যাব নোৱাৰে গাওঁখনলৈ। ফলত স্থানীয় ৰাইজ ৰাজনৈতিক দল সমূহৰ প্ৰতি অতি ক্ষুণ্ণ হৈ পৰিছে। মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ অধীনৰ বৃহত্তৰ লিখাজান গাওঁৰ অধীনৰ ৭ খন গাওঁৰ ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিছে । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে যদি গাওঁখনৰ দলং আৰু গাওঁখনৰ বাট-পথ সমূহৰ উন্নয়নমূলক কাম কাজ চৰকাৰে আৰম্ভ নকৰে তেনেহ’লে গ্ৰামাঞ্চলৰ ৰাইজে আগন্তক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ কৰিবলৈ বাধ্য হ’ব ।
পঞ্চায়ত নিৰ্বাচন পূৰ্বে মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বাট-পথ, দলং বিজুলী আদিৰ সমস্যা চৰকাৰে কি দৰে সমাধান কৰে সেয়া লক্ষণীয় হ’ব।