উদ্যোগপতি অনিল আম্বানী আৰু তেওঁৰ মালিকানাধীন কোম্পানীসমূহৰ সৈতে জড়িত কেইবাটাও সম্পত্তি জব্দ কৰিছে বলবৎকাৰী সঞ্চালকালয়ে। ইডিৰ সূত্ৰ অনুসৰি জব্দ কৰা হৈছে ১৪৫২ কোটি টকাৰ সম্পত্তি। নৱী মুম্বাই, চেন্নাই, পুনে আৰু ভুৱনেশ্বৰৰ পৰা এই আটাইবোৰ সম্পত্তি জব্দ কৰা হৈছে।
অৱশ্যে এয়া প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বেও ইডিয়ে অনিল আম্বানীৰ সৈতে সম্পৰ্কিত একাধিক সম্পত্তি জব্দ কৰিছে। শেহতীয়াকৈ এই পদক্ষেপৰ লগে লগে জব্দ কৰা সম্পত্তিৰ পৰিমাণ ৯ হাজাৰ কোটি টকা হৈছেগৈ। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে ধন সৰবৰাহ প্ৰতিৰোধ আইন চমুকৈ পিএমএলএৰ অধীনত এই সম্পত্তি জব্দ কৰিছে।
চলিত বৰ্ষৰ আৰম্ভণিতে অনিল আম্বানী আৰু তেওঁৰ কোম্পানীৰ বিৰুদ্ধে ঋণ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে চিবিআই আৰু ইডিয়ে তদন্ত আৰম্ভ কৰে। অনিল আম্বানীৰ কোম্পানী ৰিলায়েন্স হোম ফাইনেন্স লিমিটেড আৰু ৰিলায়েন্স কমাৰ্চিয়েল ফাইনেন্স লিমিটেডৰ জৰিয়তেও ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।
চলিত মাহৰ আৰম্ভণিতে ইডিয়ে অনিল আম্বানীৰ সৈতে সম্পৰ্কিত ৩,৮৪ কোটি টকাৰ সম্পত্তি সংলগ্ন কৰিছিল। ইয়াৰ ভিতৰত আছিল দিল্লীৰ ৰিলায়েন্স চেণ্টাৰৰ সম্পত্তি আৰু মুম্বাইৰ অনিলৰ ঘৰ। ইয়াৰ উপৰিও দিল্লী, নয়ডা, গাজিয়াবাদ, পুনে, থানে, হায়দৰাবাদ, চেন্নাই, কাঞ্চিপুৰমৰ পৰাও সম্পত্তি সংলগ্ন কৰা হৈছিল।




