বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ আৰক্ষীৰ ৰাজ্যিক তদন্ত সংস্থাই জম্মুৰ কাশ্মীৰ টাইমছৰ কাৰ্যালয়ত ব্যাপক তালাচী চলায়। কাকতখনৰ বিৰুদ্ধে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ প্ৰচাৰৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এই অভিযান চলোৱা হয়।
আৰক্ষী সূত্ৰই জনোৱা মতে, পুৱাৰে পৰা আৰম্ভ হোৱা এই তালাচী সন্ধিয়ালৈকে অব্যাহত আছে। তদন্তকাৰীয়ে দাবী কৰা মতে, তালাচীৰ সময়ত কাৰ্যালয়ৰ পৰা কেইবাটাও এ কে-৪৭ ৰাইফলৰ কাৰ্টিজ, পিষ্টলৰ গুলী আৰু তিনিটা গ্ৰেনেড-লিভাৰ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ উৎস আৰু সম্ভাৱ্য উদ্দেশ্য জানিবলৈ তদন্ত অব্যাহত আছে।
আৰক্ষীয়ে জনোৱা মতে, ৰাষ্ট্ৰ বিৰোধী অপপ্ৰচাৰৰ অভিযোগত এফআইআৰ ৰুজু কৰা হৈছে। এই সন্দৰ্ভত কাশ্মীৰ টাইমছৰ বিৰুদ্ধে প্ৰথম তথ্য প্ৰতিবেদন (এফআইআৰ) পঞ্জীয়ন কৰা হৈছে। জনমানসত বিভ্ৰান্তি আৰু অসন্তুষ্টি বিয়পাই দিয়া, বিচ্ছিন্নতাবাদী কাৰ্যকলাপক মহিমামণ্ডিত কৰি তোলা, ভাৰতৰ সাৰ্বভৌমত্ব আৰু জম্মু-কাশ্মীৰৰ ভূখণ্ডীয় অখণ্ডতাক প্ৰত্যাহ্বান জনোৱাকে ধৰি কাকতখনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগৰ তালিকা প্ৰস্তুত কৰা হৈছে।
এই এফ আই আৰত সম্পাদক অনুৰাধা ভাছিনৰো নাম উল্লেখ কৰা হৈছে বুলিও জানিবলৈ দিয়ে। তদন্তৰ অংশ হিচাপে এফআইআৰত কাশ্মীৰ টাইমছৰ কাৰ্যবাহী সম্পাদক অনুৰাধা ভাছিনৰ নামো উল্লেখ কৰা হৈছে। তদন্তকাৰীয়ে কয় যে এই অভিযানৰ মূল উদ্দেশ্য আছিল কাকতখনৰ কাৰ্যকলাপ আৰু সম্ভাৱ্য যোগাযোগে “ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে” নেকি সেইটো নিশ্চিত কৰা।
৬০ বছৰীয়া এখন বাতৰি কাকতৰ কাৰ্যালয়ৰ পৰা অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাশ্মীৰ টাইমছ জম্মু-কাশ্মীৰৰ অন্যতম পুৰণি আৰু সুপৰিচিত বাতৰি কাকত। ১৯৫৪ চনত বেদ ভাছিনে সাপ্তাহিক ৰূপে প্ৰতিষ্ঠা কৰা এইখন পাছলৈ ১৯৬৪ চনত দৈনিক কাকতলৈ পৰিণত হয় আৰু অঞ্চলটোৰ ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ ওপৰত সমালোচনাত্মক আৰু স্বতন্ত্ৰ সাংবাদিকতাৰ বাবে দীৰ্ঘদিন ধৰি পৰিচিত হৈ আহিছে।
এছ আই এৰ এই অভিযানে অঞ্চলটোৰ সংবাদ মাধ্যম-ৰাষ্ট্ৰৰ সম্পৰ্কক লৈ এক নতুন বিতৰ্কৰ সূচনা কৰিছে। তদন্ত সম্পূর্ণ নোহোৱালৈকে কাকতখনৰ ভৱিষ্যতৰ কার্যকলাপ আৰু আইনী যুদ্ধ কি দিশত আগবাঢ়িব সেয়া সময়েহে ক’ব৷
কাশ্মীৰ টাইমছৰ স্বত্বাধিকাৰী প্ৰয়াত প্ৰবীণ সাংবাদিক বেদ ভাছিনৰ কন্যা হৈছে অনুৰাধা ভাছিন। চৰকাৰী সূত্ৰই জনোৱা মতে, কাকতখনৰ “ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপৰ সৈতে সম্ভাৱ্য সম্পৰ্ক”ৰ তদন্ত চলি আছে আৰু প্ৰকাশনটোৰ প্ৰমোটাৰসকলকো জেৰা কৰা হ’ব পাৰে।
এক যৌথ বিবৃতিত সম্পাদক অনুৰাধা ভাছিন আৰু প্ৰবোধ জামৱালে কয়, “জম্মুত আমাৰ কাৰ্যালয়ত অভিযান চলোৱাৰ খবৰ, ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ ভিত্তিহীন অভিযোগ আৰু কাশ্মীৰ টাইমছৰ ওপৰত সমন্বিতভাৱে দমন চলোৱাৰ আমাক মৌন কৰাৰ আন এক প্ৰয়াস।”
তেওঁলোকে লগতে কয়, “চৰকাৰক সমালোচনা কৰাৰ অৰ্থ ৰাষ্ট্ৰবিৰোধী নহয়। ইয়াৰ বিপৰীতটোহে সত্য। সুস্থ গণতন্ত্ৰৰ বাবে শক্তিশালী, প্ৰশ্ন তুলিব পৰা সংবাদ মাধ্যম অতি প্ৰয়োজনীয়। ক্ষমতাক জবাবদিহিতাৰ আওতালৈ অনা, দুৰ্নীতিৰ তদন্ত কৰা আৰু প্ৰান্তীয় লোকৰ কণ্ঠক তুলি ধৰা – এইবোৰেই এটা জাতিক দুৰ্বল নহয়, শক্তিশালী কৰি তোলে।”
অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জম্মু-কাশ্মীৰৰ উপ মুখ্যমন্ত্ৰী সুৰিন্দৰ সিং চৌধুৰীয়ে কয়, “যদি কিবা অন্যায় হয়, তেন্তে ব্যৱস্থা লোৱা উচিত। কিন্তু যদি কেৱল চাপ সৃষ্টিৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰা হয়, তেন্তে সেয়া ভুল হ’ব।”
চৰকাৰী সূত্ৰই দাবী কৰিছে যে এই গোচৰটো এনে কাৰ্যকলাপ আৰু যোগাযোগৰ সৈতে জড়িত যিবোৰক “দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি সম্ভাৱ্য ভাবুকি” হিচাপে নিৰীক্ষণ কৰা হৈছে। তদন্তকাৰীয়ে জনোৱা মতে, অনুৰাধা ভাছিনৰ সম্ভাৱ্য যোগাযোগ আৰু কাৰ্যকলাপৰ পৰ্যালোচনাৰ ওপৰত তদন্ত কেন্দ্ৰীভূত কৰা হৈছে।
উল্লেখ্য যে কোভিড-১৯ মহামাৰীৰ সময়ত আৰ্থিক সমস্যাৰ বাবে কাশ্মীৰ টাইমছৰ ছপা সংস্কৰণ বন্ধ কৰি দিয়া হৈছিল। প্ৰথম অৱস্থাত কেৱল ই-পেপাৰ হিচাপে প্ৰকাশ পোৱা এই কাকতখনো সাত মাহৰ পূৰ্বে বন্ধ কৰি দিয়া হৈছিল যেতিয়া ক্ৰাইম ব্ৰাঞ্চে তদন্তৰ অন্তত কাৰ্যালয় পৰিচালনাক সতৰ্ক কৰি দিছিল। বৰ্তমান কাশ্মীৰ টাইমছ কেৱল ডিজিটেল প্লেটফৰ্মতহে উপলব্ধ।
উল্লেখ্য যে ২০২০ চনৰ অক্টোবৰ মাহত জম্মু-কাশ্মীৰ প্ৰশাসনৰ নিৰ্দেশত শ্ৰীনগৰৰ প্ৰেছ এনক্লেভত থকা কাশ্মীৰ টাইমছৰ কাৰ্যালয় ছীল কৰা হৈছিল, যাৰ ফলত ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল।
বেদ ভাছিনৰ উদ্যোগত ১৯৫৪ চনত সাপ্তাহিক ৰূপে আৰম্ভ হোৱা কাশ্মীৰ টাইমছ ১৯৬৪ চনত দৈনিক কাকতত পৰিণত হয়। দশক দশক ধৰি স্বতন্ত্ৰ সাংবাদিকতা আৰু ৰাজনৈতিক বিশ্লেষণৰ বাবে পৰিচিত কাকত কাশ্মীৰ টাইমছ।
শেহতীয়াকৈ এই তালাচী অভিযান আৰু এফআইআৰক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰ স্বাধীনতা, ৰাষ্ট্ৰৰ সমালোচনা আৰু গণতান্ত্ৰিক পৰিৱেশক লৈ অঞ্চলটোত এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছে।





