ভিয়েটনামত নেৰানেপেৰা প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ পিছত দেওবাৰে দেশখনৰ পৰিৱেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ভয়াবহ বানত ৯০ জন লোকৰ মৃত্যু হৈছ আৰু ১২ জন এতিয়াও সন্ধানহীন হৈ আছে।
দক্ষিণ-মধ্য ভিয়েটনামত অক্টোবৰৰ শেষৰ ফালৰ পৰা প্ৰচণ্ড বৰষুণ হৈ আছে। কফি উৎপাদনৰ বাবে এই অঞ্চল পৰিচিত। ইয়াত জনপ্ৰিয় সমুদ্ৰ উপকূলো আছে। জনপ্ৰিয় পৰ্যটনক্ষেত্ৰসমূহো কেইবাবাৰো বানপানীৰ কবলত পৰিছে। কিছু অঞ্চলত বিগত এসপ্তাহত ১৯০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হৈছে।
কেন্দ্ৰীয় পাহাৰীয়া জিলা ডাকলাকত যোৱা ১৬ নৱেম্বৰৰ পৰা ৬০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি পৰিবেশ মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে। বানত ডুব গৈছে ১০ হাজাৰৰো অধিক ঘৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি সেনা, আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনী মোতায়েন কৰি মানুহক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাত সহায় কৰা হৈছে।
ইফালে, বানপানীত বুৰ যোৱা উপকূলীয় চহৰ কুই নোনৰ চিকিৎসালয়ত থকা চিকিৎসক আৰু ৰোগীসকলে তিনিদিন ধৰি নুডলছ আৰু পানী খাই জীয়াই আছে। উদ্ধাৰকাৰীয়ে তেওঁলোকক খাদ্য আৰু পানী যোগান ধৰিছে।
যোৱা সপ্তাহত সমগ্ৰ উপকূলীয় চহৰ নাহা ট্ৰাং বানপানীত বুৰ গৈছে। ডা লাটৰ পৰ্যটনস্থলীত ব্যাপক ভূমিস্খলন হৈছে। দেওবাৰে বানপানী আৰু ভূমিস্খলনে ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও অংশ বন্ধ কৰি দিয়ে আৰু ৰেলপথৰ কিছু অংশত এতিয়াও ৰে’ল চলাচল কৰিব পৰা নাই।
যোৱা সপ্তাহত বানপানীৰ বাবে এক লাখৰো অধিক লোক বিদ্যুৎহীন হৈ পৰিছিল। এতিয়াও বিদ্যুৎ বিহীন হৈ আছে ১ লাখ ২৯ হাজাৰতকৈ অধিক গ্ৰাহক। পৰিৱেশ মন্ত্ৰালয়ে জনোৱা মতে, বানপানীৰ ফলত পাঁচখন প্ৰদেশত প্ৰায় ৩৪৩ মিলিয়ন ডলাৰৰ অৰ্থনৈতিক লোকচান হৈছে। প্ৰায় ৮০ হাজাৰ হেক্টৰ শস্যৰ ক্ষতিসাধন হৈছে।
ভিয়েটনামৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই পূৰ্বে প্ৰকাশ কৰিছিল যে ২ লাখ ৩৫ হাজাৰতকৈ অধিক ঘৰ বানত ডুব গৈছে।
দক্ষিণ-পূব এছিয়াৰ দেশখনত জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত প্ৰচণ্ড বৰষুণৰ প্ৰৱণতা থাকে। অৱশ্যে বিশেষজ্ঞসকলে কয় যে জলবায়ু পৰিৱৰ্তনে দুৰ্যোগ বৃদ্ধিৰ বাবে দায়ী।





