আয়কৰ আইনৰ বিধান অনুসৰি ৰাজনৈতিক দলসমূহে ২০০০ টকাৰ তলৰ নগদ ধন লাভ কৰিলে দাতাৰ নাম আৰু পৰিচয় প্ৰকাশ কৰিব নালাগে। কিন্তু আয়কৰ আইনৰ এই বিধান বৈধ নে?
এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। সোমবাৰে শীৰ্ষ আদালতে জাননী জাৰি কৰি সেই গোচৰৰ প্ৰেক্ষাপটত কেন্দ্ৰৰ পৰা সঁহাৰি বিচাৰিছে।
ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ লগতে কেইবাটাও ৰাজনৈতিক দললৈও জাননী জাৰি কৰিছে।
আৱেদনখনত উল্লেখ কৰা হৈছে যে আয়কৰ আইনৰ এই বিধানত স্বচ্ছতাৰ অভাৱ। ইয়াৰ জৰিয়তে ৰাজনৈতিক দলসমূহে নগদ ধনৰ উৎস লুকুৱাব পাৰে। ইয়াৰ জৰিয়তে নিৰ্বাচনী ব্যৱস্থাৰ অখণ্ডতা ভংগ হয় আৰু ভোটাৰসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয়।
আবেদনকাৰীৰ আৱেদন অনুসৰি আয়োগে বাধ্যতামূলক নিয়ম জাৰি কৰিব লাগে যাতে কোনো ৰাজনৈতিক দলে নগদ ধনৰ অনুদান গ্ৰহণ কৰিব নোৱাৰে।
আয়কৰ আইন (১৯৬১)ৰ ১৩ (ক) ধাৰাত ৰাজনৈতিক দলৰ আয়ৰ সৈতে জড়িত বিধানসমূহ লিপিবদ্ধ কৰা হৈছে। আবেদনখনত উল্লেখ কৰা হৈছে যে এই ধাৰাত ক্লজ ডি সম্পূৰ্ণৰূপে অসাংবিধানিক আৰু ইয়াক বাতিল কৰা উচিত।
এই গোচৰত আবেদনকাৰীৰ অধিবক্তাই ২০২৪ চনত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ডৰ ৰায়দানৰ কথাও উল্লেখ কৰে। ন্যায়াধীশ বিক্ৰম নাথ আৰু সন্দীপ মেহতাৰ বিচাৰপীঠে কয় যে এই গোচৰৰ শুনানি চাৰি সপ্তাহৰ পিছত হ’ব।





