• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

কিয় উজ্জ্বল ভূঞাৰ বিৰোধিতাও ভৱিষ্যতলৈ এক গৌৰৱোজ্জ্বল বিৰোধিতা বুলি চিহ্নিত হৈ ৰ’ব?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
November 28, 2025 8:32 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে ন্যায়াধীশ বি আৰ গাভাই ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ গ্ৰহণ কৰিছে। কিন্তু অৱসৰৰ ঠিক আগে আগে তেওঁ লোৱা কেইবাটাও সিদ্ধান্তই বেছ বিতৰ্কৰ সৃষ্টি কৰিছে। তেনে এটা সিদ্ধান্ত হৈছে, যোৱা মে মাহত, ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ অভয় ওকাই  পৰিৱেশৰ বিষয়ে দিয়া ৰায় এটা প্ৰত্যাহাৰ কৰাটো। প্ৰত্যাহাৰ কৰা সেই ৰায়টোৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী। উচ্চতম ন্যায়ালয়ে যিটো ৰায় প্ৰত্যাহাৰ কৰিছে সেই ৰায়টোৰ  গোচৰটো আছিল বনশক্তি বনাম কেন্দ্ৰীয় চৰকাৰ। ৰায়টো প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ এচ ওকা আৰু বৰ্তমানৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই।

ৰায়টোৰ যোগেদি ২০০৬ চনৰ পৰিৱেশ প্ৰভাৱ মূল্যায়ন জাননী (2006 Environment Impact Assessment (EIA) Notification) অমান্য কৰি প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছতো পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয়ে পাৰিৱেশিক অনুমোদন দিয়া ব্যৱস্থাটো ৰদ কৰা হৈছিল। ৰায়টোৰ যোগেদি চৰকাৰে ২০১৭ আৰু ২০২১ চনত জাৰী কৰা নিৰ্দেশো বাতিল কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ দুজনীয়া খণ্ড বিচাৰপীঠৰ এইটো এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ আৰু ঐতিহাসিক ৰায় আছিল। ক’ৰবাত কিবা এটা প্ৰকল্প স্থাপন কৰাৰ সিদ্ধান্ত লোৱাৰ আগতে, সেই প্ৰকল্পটোৱে অঞ্চলটোৰ বা তাৰ ওচৰ পাজৰৰ ঠাইৰ পৰিৱেশ কেনেকৈ প্ৰভাৱিত কৰিব? প্ৰকল্পটোৰ বাবে পাৰিৱেশিক অনুমোদন দিয়াৰ আগতে সেইবোৰ কথা চালি-জাৰি চোৱাটো অত‍্যন্ত গুৰুত্বপূৰ্ণ। সেইকাৰণেই ১৯৮৬ চনৰ পৰিৱেশ সুৰক্ষা আইনৰ অধীনত পৰিৱেশ প্ৰভাৱ মূল্যায়ন জাননী, ২০০৬ (2006 Environment Impact Assessment (EIA) Notification) অনা হৈছিল।

Apply Now

এখন সভ্য সমাজত যেতিয়া কোনো এখন আইন প্ৰণয়ন কৰা হয়, তাৰ এক পটভূমি আৰু ইতিহাস থাকে। আইন এখন হঠাৎ ক’ৰবাৰ পৰা সৰি নপৰে। সেয়ে, আমি ১৯৮৬ ৰ পৰিৱেশ সুৰক্ষা আইনৰ পটভূমিটো বিচাৰ কৰি চোৱা ভাল। এই আইনখন অনা হৈছিল ১৯৮৪ চনৰ ২-৩ ডিচেম্বৰৰ নিশা ভূপালৰ ইউনিয়ন কাৰ্বাইডৰ পৰা মিথাইল গেছ নিৰ্গত হৈ সংঘটিত হোৱা ভয়াবহ দুৰ্ঘটনাৰ পিছৰ পটভূমিত। এই দুৰ্ঘটনাত শুই থকা অৱস্থাতে কেইবা হাজাৰো মানুহৰ মৃত্যু হৈছিল আৰু কেইবা লাখো লোক জীৱনলৈ ঘুণীয়া হৈছিল। ইউনিয়ন কাৰ্বাইডৰ হৈ ওকালতি কৰি চৰকাৰে বিচৰা ছহেজাৰ কোটি টকাৰ ক্ষতিপূৰণৰ কমাই মাত্ৰ নশ চিয়ানব্বৈ কোটি টকা দিবলৈ উচ্চতম ন্যায়ালয়ক সন্মত কৰা কাৰণে পিছৰ জীৱনত ফালি এচ নৰমান অনুতপ্ত হৈছিল।

তেওঁ সেই গোচৰটোত ইউনিয়ন কাৰ্বাইডৰ হৈ তেওঁ ওকালতি কৰাটো উচিত নাছিল বুলিও কৈছিল। গতিকে ১৯৮৬ ৰ পৰিৱেশ সুৰক্ষা আইন অনা হৈছিল এনে এটা পটভূমিত। পৰিৱেশ সুৰক্ষাৰ প্ৰশ্নটো এটা মামুলি প্ৰশ্ন নহয়। কিন্তু সেই সকলো কথা পাহৰি গৈ, প্ৰচলিত আইন উলংঘা কৰি কেন্দ্ৰ চৰকাৰে প্ৰায় ২০০০০ কোটি মূল্যৰ বিভিন্ন প্ৰকল্পত অনুমোদন জনাইছিল। তাৰ কাৰণে তেওঁলোকে ২০১৭ আৰু ২০২১ চনত বিশেষ জাননী জাৰী কৰিছিল। সেইকাৰণেই, ন্যায়াধীশ ওকা আৰু ভূঞাই তেওঁলোকৰ ৰায়ত প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত পাৰিৱেশিক অনুমোদন দিয়া কাৰ্য দেখদেখকৈ বেআইনী বুলি কৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে, যিখন বিচাৰপীঠত তেতিয়াৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই, ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰণ আছিল, ন্যায়াধীশ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মে মাহৰ ৰায়টো ২/১ মতৰ ব্যৱধানত বাতিল কৰিছিল, অৰ্থাৎ বি আৰ গভাই আৰু কে বিনোদ চন্দ্ৰণে ৰায়টো বাতিল কৰি ৰায় দান কৰিছিল। কিন্তু উজ্জ্বল ভূঞাই তাৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল। মে মাহৰ ৰায়টো বাতিল নকৰিলে ২০০০০ কোটিতকৈ বেছি চৰকাৰী টকা পানীত পৰিব বুলি ৰায়টো বাতিল কৰা হৈছিল আৰু তেওঁলোকে  বিভিন্ন প্ৰকল্পৰ ক্ষেত্ৰত প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছতো, প্ৰয়োজন সাপেক্ষে জৰিমনা লৈ প্ৰকল্পৰ পাৰিৱেশিক অনুমোদন দিয়াৰ ব্যৱস্থাটো বাহাল ৰাখিছিল। এই ৰায়টোৰ পূৰ্ণ বিৰোধিতা কৰি উজ্জ্বল ভূঞাই ৯৭ পৃষ্ঠাৰ এটা মন্তব্য দিছিল। তেওঁ পৰিৱেশ প্ৰভাৱ মূল্যায়ন অবিহনে প্ৰকল্প কাৰ্যকৰী কৰা কাৰ্যটো পৰিৱেশ আইনৰ বাবে ‘অভিশাপ’ বুলি অভিহিত কৰিছিল। কেতিয়াবা ৰায় এটাতকৈ তাৰ বিৰোধিতাহে গৌৰৱমণ্ডিত হৈ উঠে।

এসময়ত, ন্যায়াধীশ খান্নাই ‘এ ডি এম জৱলপুৰ বনাম শিৱকান্ত শুক্লা’ মোকৰ্দমাৰ ৰায়ৰ বিৰোধিতা কৰা একমাত্ৰ ন্যায়াধীশ আছিল। এই ৰায়টো কি আছিল? জৰুৰীকালীন অৱস্থাত ব্যক্তি স্বাধীনতা খৰ্ব কৰিলেও ন্যায়ালয়ে তাত হস্তক্ষেপ কৰিব নোৱাৰিব। তেতিয়াৰ মুখ্য ন্যায়াধীশ এ এন ৰায়ৰ পৌৰহিত্যত চলা এই গোচৰটোৰ বাকী কেইগৰাকী ন্যায়াধীশ আছিল এইচ এম বেগ, ওৱাই ভি চন্দ্ৰচূড়,পি এন ভাগৱতী আৰু এইচ আৰ খান্না। কিন্তু ন্যায়াধীশ খান্নাই এই ৰায়টোৰ বিৰোধিতা কৰিছিল। তেওঁ কৈছিল ব্যক্তি স্বাধীনতা খৰ্ব হ’লে যি কোনো পৰিস্থিতিতে ন্যায়ালয়ে হস্তক্ষেপ কৰা উচিত।

তেওঁৰ বিৰোধিতাৰ বাবে, তেওঁক চেৰাই গৈ ১৯৭৭ চনত বেগকে, ভাৰতৰ মুখ্য ন্যায়াধীশ পতা কাৰণে, তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা পদত্যাগ কৰিছিল। এতিয়া চৰকাৰে পৰিৱেশ ধ্বংস কৰি যি ধৰণে আন্তঃগাঁথনি প্ৰকল্পত গা এৰি দি সমগ্ৰ দেশৰ পৰিৱেশৰ প্ৰতি বিপদ মাতি আনিছে, সেই পটভূমিত উজ্জ্বল ভূঞাৰ বিৰোধিতাও ভৱিষ্যতলৈ এক গৌৰৱোজ্জ্বল বিৰোধিতা বুলি চিহ্নিত হৈ ৰ’ব। কোনে জানে এ ডি এম জৱলপুৰ মোকৰ্দমাৰ ৰায় ২০১৭ চনত সলনি হোৱাৰ দৰে হয়তো এদিন বি আৰ গভাই আৰু কে বিনোদ চন্দ্ৰণৰ ৰায় বদলি যাব পাৰে। ওকা আৰু ভূঞাৰ ৰায়ো ঘূৰি আহিব পাৰে। উজ্জ্বল ভূঞা অসম সন্তান হোৱা বাবে তেওঁৰ এই ঐতিহাসিক ভূমিকাৰ বাবে আমিও গৌৰৱান্বিত।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

June 4, 2026 7:50 am
ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

ভাৰতীয় অৰ্থনীতিলৈ ঘোৰ সংকটৰ আশংকা, চৰকাৰক সতৰ্ক কৰিলে সুব্ৰমণিয়ম স্বামীয়ে

June 4, 2026 7:50 am
ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd