মুনীন বৰকটকী স্মাৰক ন্যাসে ২০২৫ বৰ্ষৰ বাবে আগবঢ়োৱা মুনীন বৰকটকী লিখন ফেল’শ্বিপৰ বিজয়ীসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এই সন্মানীয় ফেল‘শ্বিপৰ বাবে নিৰ্বাচিত হৈছে দুগৰাকী বিশিষ্ট ব্যক্তি – গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোককথা অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড০ মেঘনা চৌধুৰী আৰু জ্যেষ্ঠ সাংবাদিক অৰূপ শাণ্ডিল্য। এই ফেল’শ্বিপৰ জৰিয়তে অসমৰ সমাজ, সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃত গৱেষণামূলক কামৰ বাবে লেখকদ্বয়ক উৎসাহিত কৰা হৈছে। এই সন্দৰ্ভত এক বিবৃতিত ন্যাসে এই তথ্য সদৰি কৰে।

ড০ মেঘনা চৌধুৰীক তেওঁৰ প্ৰস্তাৱিত গ্ৰন্থ “এলিফেন্টছ অব আছাম: কালচাৰ, ইকলজি এণ্ড কালেক্টিভ মেম’ৰি”ৰ বাবে এই ফেল’শ্বিপৰ বাবে নিৰ্বাচিত কৰা হৈছে। আনহাতে, ‘দৈনিক অসম’ কাকতৰ জ্যেষ্ঠ ষ্টাফ ৰিপ’ৰ্টাৰ অৰূপ শাণ্ডিল্যই “অসমৰ কৃষি সংস্কৃতি আৰু পৰম্পৰা” শীৰ্ষক গ্ৰন্থৰ বাবে এই সন্মান লাভ কৰিছে। ফেল’শ্বিপৰ বাবে নিৰ্বাচিত প্ৰতিজন লেখকলৈ ১,২০,০০০ টকাৰ বিত্তীয় অনুদান আগবঢ়োৱা হ’ব, যিটো অনুদান ১৮ মাহৰ ভিতৰত মুঠ ৪টা কিস্তিত প্ৰদান কৰা হ’ব। এই পুঁজিৰ দ্বাৰা তেওঁলোকৰ গৱেষণা আৰু লিখন কাৰ্যত সহায়ক হ’ব বুলি আশা কৰা হৈছে।
মুনীন বৰকটকী স্মাৰক ন্যাসৰ মুখ্য ন্যাসৰক্ষী মীনাক্ষী বৰকটকীয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰে।




