• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাড্ডাৰ ভাষণৰ মাজতে অজ্ঞান নিৰাপত্তাৰক্ষী; কিন্তু বন্ধ নহ’ল ভাষণ! ভিডিঅ’ দেখি গৰিহণা বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2025 9:34 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে সংঘটিত হৈছিল এই ঘটনা। গুজৰাটত এখন সভাত ভাষণ দি আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই। হঠাৎ মঞ্চৰ সন্মুখত এজন নিৰাপত্তাৰক্ষীয়ে চেতনা হেৰুৱাই পেলালে। তেওঁ মাটিত ঢলি পৰিল। কিন্তু নাড্ডাৰ ভাষণ বন্ধ নহ’ল। মঞ্চত উপস্থিত থকা আন বিশিষ্ট ব্যক্তিসকলৰ মাজত কোনো সঁহাৰি দেখা নগ’ল।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নেটিজেনে গৰিহণাৰে জোৱাৰ তুলিছে। কংগ্ৰেছকে ধৰি বিৰোধীয়ে এই ভিডিঅ’টোৰ আলমত ‘অমানৱীয়’ বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে।

Apply Now

গুজৰাটৰ বদোদৰাত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান। বল্লভভাই পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে ‘চৰ্দাৰ একতা যাত্ৰা’ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জে পি নাড্ডা। তাত তেওঁ ভাষণ দি আছিল।

বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীয়ে হাই প্ৰফাইল ৰাজনীতিবিদজনক সুৰক্ষা দি আছিল। নাড্ডাৰ ভাষণৰ মাজতে এজন নিৰাপত্তাকৰ্মী অজ্ঞান হৈ মাটিত পৰি যায়। ভাইৰেল ভিডিঅ’টোত (ভিডিঅ’টোৰ সত্যতা নৰ্থ ইষ্ট নাও-ৱে পৰীক্ষা কৰা নাই) দেখা গৈছে যে নাড্ডাই তেওঁৰ নিৰাপত্তাৰক্ষী অসুস্থ হৈ পৰিলেও তেওঁৰ ভাষণ বন্ধ কৰা নাছিল। মঞ্চত উপস্থিত থকা আন বিজেপি নেতাসকলো মুক দৰ্শক হৈ থাকে। অৱশেষত সহকাৰী নিৰাপত্তাৰক্ষীয়ে নিৰাপত্তাৰক্ষীজনৰ মুখ আৰু চকুত পানী ছটিয়াই সুস্থ কৰি তুলিলে।

এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নেটিজেনসকলে মন্তব্য কৰে যে ৰাজনীতিবিদসকল তেনেকুৱাই। তেওঁলোক নিৰ্দয়। কংগ্ৰেছ আৰু তৃণমূলে এই ভিডিঅ’ পোষ্ট কৰি বিজেপিক তীব্ৰ সমালোচনা কৰিছে।

কংগ্ৰেছে ছ’চিয়েল মিডিয়াত লিখিছে, “যদি বিজেপি নেতাসকলে চকুৰ সন্মুখত পৰি যোৱা এজন ব্যক্তিৰ কথা নাভাবে, তেন্তে তেওঁলোকে কেনেকৈ মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা, কৃষকৰ সমস্যা আৰু আপোনাৰ দৈনন্দিন সমস্যাৰ কথা ভাবিব?”

লগতে লিখিছে, “এয়া বিজেপি। ক্ষমতা তেওঁলোকৰ বাবে সকলো। তেওঁলোকে সাধাৰণ মানুহৰ সমস্যাৰ কথা নাভাবে।”

BJP अध्यक्ष जेपी नड्डा गुजरात में एक कार्यक्रम में भाषण दे रहे थे, तभी एक सुरक्षा कर्मी बेहोश होकर गिर पड़ा।

लेकिन न तो जेपी नड्डा ने भाषण रोका, न ही मंच पर बैठे BJP के नेता मदद को आगे आए।

ये बताता है कि BJP के नेताओं में संवेदना का जरा भी भाव नहीं है।

यही वजह है कि जनता चाहे… pic.twitter.com/aUUXagfNCq

— Congress (@INCIndia) November 30, 2025

ভিডিঅ’টো পোষ্ট কৰি তৃণমূলে লিখিছে, “মাটিত অচেতন হৈ পৰি থকা মানুহতকৈ ভাষণ ডাঙৰ! কাৰণ বিজেপিৰ জগতত চিত্ৰনাট্য পবিত্ৰ, মানুহৰ জীৱন নহয়।” লগতে লিখিছে, ‘বিজেপিৰ বাস্তৱতা নিৰ্মমভাৱে সহজ। মানুহ অসুস্থ হৈ পৰিছে, বিজেপিয়ে কাম কৰি আছে। মানুহে দুখ পাইছে, বিজেপিয়ে জ্ঞান লাভ কৰিছে। মানুহৰ মৃত্যু হৈছে, বিজেপিয়ে কাহিনী ৰচনা কৰিছে। বদোদৰা কাণ্ডটো কোনো দুৰ্ভাগ্যজনক মুহূৰ্ত নহয়। এয়া আছিল মুখা খুলি যোৱা কাণ্ড।”

For @BJP4India, compassion isn’t missing, it was never part of the design.

In Vadodara, a security guard collapses right in front of BJP President @JPNadda and he doesn’t even pause. Not one second. Not even the basic human instinct to check if a man lying motionless on the… pic.twitter.com/E9CPTaYu05

— All India Trinamool Congress (@AITCofficial) November 30, 2025

এই পৰ্যন্ত ভাইৰেল ভিডিঅ’ আৰু ঘটনাক লৈ বিজেপি বা জেপি নাড্ডাৰ কোনো প্ৰতিক্ৰিয়া দেখা যোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm
বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

June 26, 2026 6:47 pm
অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

June 26, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd