• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“সাপো মৰক, লাঠিও নাভাঙক”: জুবিন গাৰ্গৰ গোচৰত চৰকাৰৰ ভূমিকাক লৈ ৰিপুণ বৰাৰ তীব্ৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2025 8:38 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত অটল আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী। প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাকাণ্ডৰ গোচৰত এছআইটিয়ে যি চাৰ্জশ্বিট দাখিল কৰিছে, সেই সন্দৰ্ভত আজি এক সংবাদমেলযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই। ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলখনত বৰাই কয় যে অসম চৰকাৰে কেৱল চাৰ্জশ্বিটখন দিব লাগে কাৰণেই দিয়াৰ ব্যৱস্থা কৰিছে। যেতিয়ালৈকে চাৰ্জশ্বিটখন হাতত আহি নপৰে, তেতিয়ালৈকে সম্পূৰ্ণকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত নহয় বুলি মন্তব্য কৰি তাৎক্ষণিক প্ৰতিক্ৰিয়া হিচাপে বৰাই কয় যে এই চাৰ্জশ্বিটৰ পৰা কেৱল দুটা কথা সাব্যস্ত হৈছে।

”সকলো ৰাইজে জুবিন গাৰ্গক ন্যায় দিবলৈ দাবী উত্থাপন কৰি আহিছে। সকলো ৰাইজৰ মুখ বন্ধ কৰিবলৈ, লোকচক্ষুত যাতে চৰকাৰে জবাবদিহি নহয়, প্ৰথমে তাৰ ব্যৱস্থা কৰিছে। চৰকাৰে দায় সাৰিবৰ কাৰণে এখন নিয়মমাফিক চাৰ্জশ্বিট দিব লাগে কাৰণে দিছে। চাৰ্জশ্বিট দাখিলৰ ক্ষেত্ৰত চৰকাৰ আৰু আৰক্ষী বিভাগৰ এনে এটা স্থিতি দেখা গ’ল যে যাক গাঁৱলীয়া ভাষাত ‘সাপো মৰক লাঠিও নাভাঙক’ বুলি কয়।” বৰাই কয়।

Apply Now

দ্বিতীয়তে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু বিজেপিয়ে চাৰ্জশ্বিটৰ জৰিয়তে বলটো আদালতলৈ ঠেলি দিলে বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে। বৰাই কয়, এতিয়া তেওঁলোকে কথাই প্ৰতি এটাই কথা ক’ব যে এতিয়া ন্যায়ৰ বাবে আমাৰ ওচৰলৈ নাহিবা। জুবিন অনুৰাগীসকলক ক’ব যে আন্দোলন নকৰিবা। আমি আমাৰ কাম কৰি দিলোঁ। এতিয়া ন্যায় আদালতে দিব। এইধৰণে যাতে চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে ক’ব পাৰে সেই উদ্দেশ্যৰেই কালিৰ চাৰ্জশ্বিটখন দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ক’লেই যে আমি আমাৰ কাম কৰিলোঁ। এছআইটিয়ে এছআইটিৰ কাম কৰিলে। ন্যায় দিয়াৰ কামটো আদালতৰ। গাৰ পৰা দোষ আৰু দায়িত্ব এৰুৱাবৰ বাবে দিব লাগে কাৰণেই চাৰ্জশ্বিট এখন দি বলটো আদালতলৈ ঠেলিলে।

বৰাই আৰু কয়, যিবিলাক ধাৰা লগাইছে তাৰ ভিতৰত দুটা ধাৰাহে গুৰুত্বপূৰ্ণ। এটা হৈছে ৩০৩, যিটো হত্যাৰ ধাৰা। আনটো হৈছে ৩০৫। বাকী যিবোৰ ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা লগাইছে, সেইবোৰ হৈছে অপৰাধমূলক ষড়যন্ত্ৰ, ধনৰ লেনদেন আদিৰ।

ৰিপুণ বৰাই সংবাদমেলত নিঠাৰি হত্যাকাণ্ডৰো উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে দেশ স্বাধীন হোৱাৰে পৰা আজিলৈকে ভাৰতত সংঘটিত নিঠাৰি হত্যাকাণ্ডই সকলোতকৈ ডাঙৰ হত্যাকাণ্ড। হত্যাকাৰী দুজন হৈছে চুৰিন্দৰ কোহলী আৰু মণিন্দৰ সিং পান্ধেৰ। কিমান সাংঘাতিক! কিশোৰক ৰাস্তাৰ পৰা ধৰি আনি হত্যা কৰি মাংস ভক্ষণ কৰিছিল। ১৬টা কিশোৰক হত্যা কৰিছিল। এইটো হৈছে আটাইতকৈ জঘন্য অপৰাধ। ইয়াতকৈ জঘন্য একো হ’ব নোৱাৰে। নিম্ন আদালতে ১৬টা হত্যাকাণ্ডৰ বাবে চুৰিন্দৰ কোহলীক মৃত্যুদণ্ড দিয়ে। চুৰিন্দৰ কোহলীক সাতজনৰ হত্যাকাণ্ডৰ বাবে মৃত্যুদণ্ড দিছে। কিন্তু এই মৃত্যুদণ্ড এলাহাবাদ উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। তেওঁলোক দোষমুক্ত হয়। চৰকাৰ উচ্চতম ন্যায়ালয়লৈ গ’ল। উচ্চতম ন্যায়ালয়তো তেওঁলোকক মুকলি কৰি দিলে। ইমান ডাঙৰ হত্যাকাণ্ডৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নহ’ল। এয়া কিয় হ’ব পাৰিলে? এনে হোৱাৰ কাৰণ হৈছে চাৰ্জশ্বিট। যিটো তদন্তকাৰী সংস্থাই চাৰ্জশ্বিট দিছিল, সেই চাৰ্জশ্বিট দুৰ্বল আছিল, ত্ৰুটিপূৰ্ণ আছিল। আদালত আৱেগৰ দ্বাৰা পৰিচালিত নহয়, কাৰো প্ৰতি মৰম-সহানুভূতি নেদেখুৱায়। আদালত আইনৰ মতে যায়।

ইয়াৰ আলমতে আমি ক’ব খুজিছোঁ যে জুবিন গাৰ্গৰ গোচৰত যিবোৰ ধাৰা লগাইছে এনে লাগিছে যেন চৰকাৰে দিব লাগে কাৰণে এখন চাৰ্জশ্বিট দিছে। চৰকাৰে পালমৰা, দায়সৰা চাৰ্জশ্বিট দিছে। ‘সাপো মৰক লাঠিও নাভাঙক’ ধৰণে চাৰ্জশ্বিট দিছে। আৰু চৰকাৰে গৌৰৱ কৰিছে যে এতিয়া আমি আমাৰ কাম কৰিলোঁ। এতিয়া আমাৰ দায়িত্ব নাই। এতিয়া আদালতৰ ওপৰত কথা।

ক্ৰিমিনেল গোচৰত এজন মানুহক আদালতে শাস্তি দিবলৈ হ’লে কেৱল সন্দেহৰ ভিত্তিত হ’লে নহ’ব। সন্দেহ কৰি ক‘লেই নহ’ব এয়া হত্যাকাণ্ড। যদি আমি চাৰ্জশ্বিটত প্ৰমাণ কৰিব পাৰোঁ যে সন্দেহৰ উৰ্ধত গৈ কথাখিনি হৈছে, তেতিয়াহে শাস্তি পাব। ধাৰা লগালেই নহ’ব, ৩৭০০ পৃষ্ঠা হ’লেই নহ’ব। হোটেলৰ বিল, বিমানৰ টিকট আদি দিলেই নহ’ব। দেখাত মানুহক দেখুৱাইছে যে আমি ৩৭০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দিছোঁ। তাত কি আছে? তাত আছে ছিংগাপুৰৰ হোটেলৰ বিল, ৰেলৰ টিকট, তাত যি টেক্সি ব্যৱহাৰ কৰিছিল তাৰ বিল আছে। এনেকুৱা ধৰণৰ নথিয়ে আমাক কোনো সহায় নকৰে। কেৱল কথাবোৰ চাৰ্জশ্বিটত লিখিলেই নহ’ব। লিখা কথাবোৰ সত্য বুলি ক’ব পৰা মানুহ ওলাব লাগিব। হত্যাত ব্যৱহাৰ হোৱা সামগ্ৰী জব্দ কৰিব লাগিব। কাৰোবাক গুলী কৰি মাৰিলে খালি কাৰ্টিজকে আৰক্ষীয়ে উদ্ধাৰ কৰে। কিন্তু জুবিন গাৰ্গে যিখন য়’টত গৈছিল, সেইখনকে আজিলৈ জব্দ কৰা হোৱা নাই। যদি হত্যাত ব্যৱহৃত বস্তুৱেই জব্দ নকৰে, তেন্তে আদালতত কি হ’ব? গতিকে এইখন এখন পালমৰা চাৰ্জশ্বিট হৈছে। ঘটনাস্থলীলৈ এছআইটি গ’ল নে বুলি প্ৰশ্ন কৰে বৰাই। ঘটনাস্থলীয়েই নহয়, তাত যি হোটেলত আছিল, তাৰ হোটেলৰ কৰ্মচাৰীক জেৰা কৰিব লাগে। কোৱা হৈছে যে গোটেই ৰাতি পাৰ্টী চলিছিল। হোটেলৰ মেনেজাৰক জেৰা কৰিব লাগিছিল। য়’টৰ সকলো যাত্ৰীক জেৰা কৰা নহ’ল। যদি জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্ত সাৰি যায়, তেন্তে ইতিহাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষমা নকৰে বুলিও কয় ৰিপুণ বৰাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ ইষ্ট নাওৰ সাংবাদিক, অনুবাদক ই-মেইল[email protected]

Stay Connected

  • 117k Fans

Recent News

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

June 4, 2026 12:18 pm
ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

June 4, 2026 11:19 am
বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

June 4, 2026 11:18 am
আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

June 4, 2026 12:18 pm
ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

June 4, 2026 11:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd