বাংলাদেশত হিন্দু সংখ্যালঘুসকলৰ ওপৰত অব্যাহত থকা আক্ৰমণৰ অভিযোগ তুলি দিল্লীস্থিত বাংলাদেশ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিশ্ব হিন্দু পৰিষদৰ (VHP) সদস্যসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শেহতীয়াকৈ সংঘটিত গণপ্ৰহাৰৰ ঘটনাসহ বিভিন্ন হিংসাত্মক কাৰ্যকলাপৰ গৰিহণা দিয়াৰ লগতে চুবুৰীয়া দেশখনত সংখ্যালঘুসকলৰ সুৰক্ষাক লৈ প্ৰতিবাদকাৰীসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰে।
প্ৰতিবাদৰ সময়ত একাংশ লোকে আৰক্ষীৰ বেৰিকেড ভাঙিবলৈ চেষ্টা কৰাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে যদিও উপস্থিত আৰক্ষীয়ে তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। ভিএইচপিয়ে জনোৱা মতে, বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত চলা হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈহে তেওঁলোকে এই কাৰ্যসূচী হাতত লৈছিল।
উল্লেখ্য যে বাংলাদেশৰ মৈমনসিংহ জিলাত দিপু চন্দ্ৰ দাস নামৰ এজন হিন্দু ব্যক্তিক হত্যা কৰা ঘটনাই ভাৰতত প্ৰবল ক্ষোভৰ সৃষ্টি কৰিছে। এই ঘটনাই দেশখনত সংখ্যালঘুসকলৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।
এই উত্তপ্ত পৰিস্থিতিৰ বাবে কিছু সময়ৰ বাবে দিল্লীৰ বাংলাদেশ উচ্চায়ুক্তৰ ভিছা সেৱা ব্যাহত হয়। এনেধৰণৰ ঘটনাই সংখ্যালঘু অধিকাৰক কেন্দ্ৰ কৰি ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ সংবেদনশীলতাক পুনৰবাৰ প্ৰতিফলিত কৰিছে।





