• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিদায়ী বৰ্ষটোত অসম চৰকাৰৰ ঋণৰ বোজা: নতুন বৰ্ষটো অতিৰিক্ত ঋণৰ বোজা বহন কৰিব লাগিব জনতাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2025 2:20 pm
82
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ বৰ্ষক বিদায় দি ২০২৬ বৰ্ষক আদৰণী জনাবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিত্তীয় অৱস্থাক লৈ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। নতুন বছৰত অসম চৰকাৰে কঢ়িয়াব লাগিব ডেৰ লাখ কোটি টকাৰো অধিক ঋণৰ বোজা। বিধানসভাৰ শীতকালীন অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দিয়া তথ্য অনুসৰি, ২০২৫ চনৰ ৩১ মাৰ্চলৈকে অসম চৰকাৰৰ মুঠ বকেয়া ঋণৰ পৰিমাণ হ’ব ১,৫৪,৩৩৩.৪৯ কোটি টকা।

তথ্য অনুসৰি, বৰ্তমান অসমৰ জনমুৰি ঋণৰ পৰিমাণ প্ৰায় ৪২,৪১৯ টকা। বিগত কেইবছৰ ধৰি ৰাজ্য চৰকাৰে একেৰাহে হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰি অহাৰ সমান্তৰালকৈ ঋণৰ পৰিমাণো উদ্বেগজনক হাৰত বৃদ্ধি পাইছে।

Apply Now

ঋণ গ্ৰহণ আৰু সুতৰ বোজা ২০২২-২৩ বিত্তীয় বৰ্ষত অসম চৰকাৰে ২১,৬০২ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছিল। ২০২৩-২৪ বৰ্ষত এই পৰিমাণ বৃদ্ধি পাই ২৪,১১৮ কোটি টকা আৰু ২০২৪-২৫ বৰ্ষত ২৫,২৯৪ কোটি টকালৈ পাইছে। আনহাতে, ঋণৰ সুত পৰিশোধৰ বাবদ ২০২২-২৩ বৰ্ষত ৬,৮৭৫ কোটি টকা, ২০২৩-২৪ বৰ্ষত ৮,১৩৯ কোটি টকা আৰু ২০২৪-২৫ বৰ্ষত ৯,৪৬৮ কোটি টকা ব্যয় কৰিবলগীয়া হৈছে।

বিদায়ী ২০২৫ বৰ্ষটোত মাত্ৰ এবছৰতেই চৰকাৰে প্ৰায় ১৬,২০০ কোটি টকাৰ নতুন ঋণ গ্ৰহণ কৰিছে। এই ঋণ বিভিন্ন মাহত একাধিক পৰ্যায়ত লোৱা হৈছে।

কেগৰ প্ৰতিবেদনত গভীৰ উদ্বেগ ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক (CAG)ৰ শেহতীয়া প্ৰতিবেদনত অসমৰ বিত্তীয় অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰা হৈছে। ২০২৩-২৪ বৰ্ষৰ প্ৰতিবেদন অনুসৰি, ৰাজ্য চৰকাৰৰ মুঠ ঋণৰ ৫৫.০৪ শতাংশ, অৰ্থাৎ প্ৰায় ৬৮,৪৫২ কোটি টকা অহা সাত বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগিব।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০১৯-২০ বৰ্ষত ৭২,২৫৬ কোটি টকা থকা ৰাজ্যৰ বকেয়া ঋণ ২০২৩-২৪ বৰ্ষত বৃদ্ধি পাই ১,৪৬,৯২৮ কোটি টকালৈ গৈছে, যি ১০৩ শতাংশৰো অধিক বৃদ্ধি। কেগে সতৰ্ক কৰি দিছে যে অধিক ৰাজহুৱা ঋণৰ ফলত আগন্তুক বছৰসমূহত সুত পৰিশোধৰ চাপ বহুগুণে বৃদ্ধি পাব।

উল্লেখ্য যে তুলনাত্মকভাৱে ২০১৫-১৬ বিত্তীয় বৰ্ষলৈকে, তৰুণ গগৈৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালৰ শেষত ৰাজ্যৰ ঋণৰ পৰিমাণ আছিল প্ৰায় ৪১,৯৬৪ কোটি টকা। এই সময়ছোৱাত সুতৰ বাবদ মুঠ ব্যয় হৈছিল ২৬,৩৬১ কোটি টকা।

সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালত ৪৭,৭৪৫ কোটি টকাৰ ঋণ গ্ৰহণ কৰা হৈছিল আৰু সুতৰ বাবদ ব্যয় হৈছিল ১৯,৬৫১ কোটি টকা। বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ সময়ছোৱাত ঋণ আৰু সুত দুয়োটাই পূৰ্বৰ সকলো অভিলেখ অতিক্ৰম কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd