বুধবাৰে ছত্তীশগড় বন্ধৰ সময়ত লাঠিৰে সজ্জিত হিন্দুত্ববাদী সংগঠনৰ সদস্যই ৰায়পুৰৰ এটা মলত প্ৰৱেশ কৰি মলটোৰ আচবাব ভাঙি ভাঙি লণ্ডভণ্ড কৰে। বৰদিনৰ সাজ-সজ্জাক লক্ষ্য কৰি খ্ৰীষ্টমাছ ট্ৰী আৰু চান্টাক্লজৰ মূৰ্তিও ক্ষতিগ্ৰস্ত কৰে। মল কৰ্তপক্ষই জনোৱা মতে, মলটো আনুষ্ঠানিকভাৱে বন্ধ হৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। এই হিংসাত্মক পৰিস্থিতিৰ বাবে লাখ লাখ টকাৰ লোকচান হোৱা বুলি জানিবলৈ দিয়ে।
মল কৰ্তৃপক্ষৰ মতে, ৪০-৫০ জনীয়া এই দলটো আছিল আগ্ৰাসী আৰু হিংসাত্মক। তেওঁলোকে মলটোত ৰড আৰু হকী ষ্টিক লৈ দৌৰাদৌৰি কৰিছিল, ভিতৰৰ কৰ্মচাৰী আৰু আন মানুহক সুধিছিল, “আপুনি হিন্দু নে খ্ৰীষ্টান? আপোনাৰ জাতি কি?” লগতে পৰিচয় পত্ৰ আৰু বেজ পৰীক্ষা কৰিছিল।
মেগনেটো মলৰ এজাহাৰৰ ভিত্তিত বৃহস্পতিবাৰে ৰাজধানী আৰক্ষীয়ে বিএনএছৰ সংশ্লিষ্ট বিভিন্ন ধাৰাৰ অধীনত ২৫-৩০ জন হিন্দুত্ববাদী কৰ্মীৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে। এই কৰ্মীসকলৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে আঘাত কৰা, অবৈধভাৱে একত্ৰিত হোৱা, সংঘৰ্ষ আৰু উপদ্ৰৱৰ অভিযোগ উত্থাপন কৰা হৈছে।
তেওঁলোকে উল্লেখ কৰে যে মলটোৰ ভিতৰত আৰু বাহিৰত বৰদিন আৰু নৱবৰ্ষৰ সাজ-সজ্জাৰ যথেষ্ট ক্ষতিসাধন হৈছে।
আৰক্ষীয়ে জনোৱা মতে, মলটোৰ চিচিটিভি ফুটেজত স্পষ্টকৈ দেখা গৈছে যে লাঠিৰে সজ্জিত লোকৰ এটা দলে প্ৰৱেশ কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে।
এই ঘটনাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত লোকসভাৰ সাংসদ মহুৱা মৈত্ৰই শ্বেয়াৰ কৰি এই প্ৰশ্ন উত্থাপন কৰে যে, “বিশ্ব হিন্দু পৰিষদ (ভি এইচ পি) কিয় প্ৰতিটো উৎসৱত হস্তক্ষেপ কৰাত ইমান আগ্ৰহী? প্ৰথম কথা ভাৰতত ভি এইচ পিক নিষিদ্ধ কৰা উচিত।”
চিচিটিভিৰ ফুটেজত দেখা গৈছে যে প্ৰায় ৩০-৪০ জনীয়া যুৱকৰ এটা দলে একেলগে চৌহদত প্ৰৱেশ কৰি, কিছুমানে লাঠিৰে সজ্জিত হৈ, দৌৰি দৌৰি মলটোত বিশৃংখলতাৰ সৃষ্টি কৰিছে।
এজন প্ৰত্যক্ষদৰ্শীয়ে সংবাদ মাধ্যমৰ আগত কয়, “আমি ভয় খাইছিলো যে আমাক মাৰপিট কৰা হ’ব পাৰে। আৰক্ষী আহি পোৱাৰ সময়লৈকে বহু সামগ্ৰীৰ ক্ষতিসাধন হৈছিল। আটাইতকৈ ডাঙৰ কথাটো আছিল যে ইয়াৰ ফলত আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল। আমি এতিয়া শীতকালীন উৎসৱটোও পালন কৰিব নোৱাৰোনে?”
মল কৰ্তৃপক্ষই ১৫-২০ লাখ টকাৰ ক্ষতি বুলি অনুমান কৰি বৰদিনৰ সাজ-সজ্জা, প্ৰদৰ্শনী সামগ্ৰী আৰু অন্যান্য সামগ্ৰী ভাঙি পেলোৱাৰ কথা জানিবলৈ দিয়ে। ভিতৰৰ ফটোত দেখা গৈছে খ্ৰীষ্টমাছ ট্ৰী আৰু অন্যান্য উৎসৱমুখৰ সাজ-সজ্জা সিঁচৰতি হৈ পৰিছে, ধ্বংস হৈ গৈছে।
মেগনেটো মলত সংঘটিত হোৱা ঘটনাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিধান সভা পথৰ অম্বুজা মল খালী কৰে কৰ্তৃপক্ষই। আৰক্ষীয়ে দৰ্শনাৰ্থীক উলিয়াই দিয়ে আৰু সন্ধিয়া আহি পোৱাসকলক ঘূৰাই পঠিয়াই দিয়ে।
শেহতীয়াকৈ কাংকেৰ জিলাত সংঘটিত হোৱা আম্বাবেদা হত্যাকাণ্ডৰ সন্দৰ্ভত হিন্দু সংগঠন আৰু ব্যৱসায়িক সংস্থাসমূহে বন্ধৰ আহ্বানক ৰাজহুৱাভাৱে সমৰ্থন কৰিছিল যদিও এই ঘটনাসমূহে বন্ধৰ সময়ত আইন-শৃংখলাৰ প্ৰতি গুৰুতৰ উদ্বেগ সৃষ্টি কৰিছে।
ছত্তীশগড় বন্ধই চেম্বাৰ অৱ কমাৰ্চ আৰু ব্যৱসায়ীসকলৰ ব্যাপক সমৰ্থন লাভ কৰাৰ বিপৰীতে চহৰ-নগৰৰ সকলো ঠাইতে হিন্দুত্ববাদী সংগঠনৰ সদস্য উপস্থিত থকাৰ বাবে শাক-পাচলি বিক্ৰেতাসকলেও দোকান বন্ধ কৰিবলৈ বাধ্য হয়।





