• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ ১০০ টা স্থানত মাত্ৰ ৫ টকাত পাব এসাঁজ আহাৰ, পশ্চিমবংগৰ মা কেন্টিনৰ আৰ্হিত মুকলি হ’ল অটল কেন্টিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2025 10:10 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত আৰম্ভ হৈছে এক নতুন জনকল্যাণমূলক সেৱা। পশ্চিমবংগৰ মা কেন্টিনৰ আৰ্হিত এতিয়া দিল্লীত মুকলি কৰা হৈছে অটল কেন্টিন। প্ৰয়াত প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে দেশৰ ৰাজধানীত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কেন্টিনৰ জৰিয়তে দৰিদ্ৰ আৰু সাধাৰণ জনতাই মাত্ৰ ৫ টকাতে দাইল, চাউল, ৰুটি, পাচলি আৰু আচাৰৰ দৰে খাদ্য লাভ কৰিবলৈ সক্ষম হ’ব।

প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম জয়ন্তী উপলক্ষে দেশজুৰি ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ অংশস্বৰূপে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ প্ৰেৰণা স্থল নামৰ এক বিশাল প্ৰকল্প উদ্বোধন কৰে। এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে ৰাজ্যপাল আনন্দীবেন পেটোলো উপস্থিত থাকে। প্ৰায় ২৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কেন্দ্ৰটোত অটল বিহাৰী বাজপেয়ী, পণ্ডিত দীনদয়াল উপাধ্যায় আৰু ডাঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৬৫ ফুট উচ্চতাৰ বিশাল ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত পদুম ফুলৰ আকৃতিত এক অত্যাধুনিক সংগ্ৰহালয়ো নিৰ্মাণ কৰা হৈছে য’ত ডিজিটেল মাধ্যমেৰে ভাৰতৰ গৌৰৱময় ইতিহাস প্ৰদৰ্শন কৰা হ’ব।

Apply Now

আনহাতে দিল্লীতো এই বিশেষ দিনটো স্মৰণীয় কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই অটল কেন্টিনৰ শুভ উদ্বোধন কৰে। বৰ্তমান দিল্লীৰ ৪৫ টা স্থানত এই সেৱা আৰম্ভ কৰা হৈছে যদিও অতি সোনকালে ইয়াৰ সংখ্যা ১০০ টালৈ বৃদ্ধি কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এজন মানুহৰ মৌলিক প্ৰয়োজন হ’ল খাদ্য, বস্ত্ৰ আৰু বাসস্থান। কিন্তু আজিও দেশৰ বহু লোকে দুবেলা দুমুঠি খাবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। সেইসকল আৰ্তজনৰ সহায় হোৱাকৈয়ে অতি সস্তাত এই আহাৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাজধানী চহৰৰ বিভিন্ন প্ৰান্তত এই ১০০ টা কেন্টিন সক্ৰিয় হৈ উঠিলে হাজাৰ হাজাৰ শ্ৰমিক আৰু নিম্নবিত্ত পৰিয়ালে কম মূল্যত এসাঁজ পেট ভৰাই খাবলৈ পাব।

মমতা বেনাৰ্জীৰ চৰকাৰে পশ্চিম বংগত আৰম্ভ কৰা মা কেন্টিনৰ সফলতাৰ পাছত এতিয়া দিল্লীত ডাবল ইঞ্জিন চৰকাৰেও একেই পথ অনুসৰণ কৰা দেখা গৈছে। সেৱা আৰু মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰি মুকলি কৰা এই অটল কেন্টিনে দিল্লীৰ সাধাৰণ জনতাৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি কৰিছে। বিশেষকৈ যিসকল লোকে দিনটো হাড়ভঙা পৰিশ্ৰম কৰিও সঠিক খাদ্য লাভ কৰিবলৈ সক্ষম নহয়, তেওঁলোকৰ বাবে এই ৫ টকীয়া অটল কেন্টিন এক ডাঙৰ আশীৰ্বাদ হিচাপে বিবেচিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

October 22, 2026 8:10 pm
ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

October 22, 2026 7:21 pm
বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

October 22, 2026 6:30 pm
আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

October 22, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

October 22, 2026 8:10 pm
ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

October 22, 2026 7:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd