দিল্লীত আৰম্ভ হৈছে এক নতুন জনকল্যাণমূলক সেৱা। পশ্চিমবংগৰ মা কেন্টিনৰ আৰ্হিত এতিয়া দিল্লীত মুকলি কৰা হৈছে অটল কেন্টিন। প্ৰয়াত প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে দেশৰ ৰাজধানীত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কেন্টিনৰ জৰিয়তে দৰিদ্ৰ আৰু সাধাৰণ জনতাই মাত্ৰ ৫ টকাতে দাইল, চাউল, ৰুটি, পাচলি আৰু আচাৰৰ দৰে খাদ্য লাভ কৰিবলৈ সক্ষম হ’ব।
প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম জয়ন্তী উপলক্ষে দেশজুৰি ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ অংশস্বৰূপে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰ প্ৰেৰণা স্থল নামৰ এক বিশাল প্ৰকল্প উদ্বোধন কৰে। এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ লগতে ৰাজ্যপাল আনন্দীবেন পেটোলো উপস্থিত থাকে। প্ৰায় ২৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কেন্দ্ৰটোত অটল বিহাৰী বাজপেয়ী, পণ্ডিত দীনদয়াল উপাধ্যায় আৰু ডাঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৬৫ ফুট উচ্চতাৰ বিশাল ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত পদুম ফুলৰ আকৃতিত এক অত্যাধুনিক সংগ্ৰহালয়ো নিৰ্মাণ কৰা হৈছে য’ত ডিজিটেল মাধ্যমেৰে ভাৰতৰ গৌৰৱময় ইতিহাস প্ৰদৰ্শন কৰা হ’ব।
আনহাতে দিল্লীতো এই বিশেষ দিনটো স্মৰণীয় কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই অটল কেন্টিনৰ শুভ উদ্বোধন কৰে। বৰ্তমান দিল্লীৰ ৪৫ টা স্থানত এই সেৱা আৰম্ভ কৰা হৈছে যদিও অতি সোনকালে ইয়াৰ সংখ্যা ১০০ টালৈ বৃদ্ধি কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এজন মানুহৰ মৌলিক প্ৰয়োজন হ’ল খাদ্য, বস্ত্ৰ আৰু বাসস্থান। কিন্তু আজিও দেশৰ বহু লোকে দুবেলা দুমুঠি খাবলৈ সংগ্ৰাম কৰিবলগীয়া হয়। সেইসকল আৰ্তজনৰ সহায় হোৱাকৈয়ে অতি সস্তাত এই আহাৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাজধানী চহৰৰ বিভিন্ন প্ৰান্তত এই ১০০ টা কেন্টিন সক্ৰিয় হৈ উঠিলে হাজাৰ হাজাৰ শ্ৰমিক আৰু নিম্নবিত্ত পৰিয়ালে কম মূল্যত এসাঁজ পেট ভৰাই খাবলৈ পাব।
মমতা বেনাৰ্জীৰ চৰকাৰে পশ্চিম বংগত আৰম্ভ কৰা মা কেন্টিনৰ সফলতাৰ পাছত এতিয়া দিল্লীত ডাবল ইঞ্জিন চৰকাৰেও একেই পথ অনুসৰণ কৰা দেখা গৈছে। সেৱা আৰু মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰি মুকলি কৰা এই অটল কেন্টিনে দিল্লীৰ সাধাৰণ জনতাৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি কৰিছে। বিশেষকৈ যিসকল লোকে দিনটো হাড়ভঙা পৰিশ্ৰম কৰিও সঠিক খাদ্য লাভ কৰিবলৈ সক্ষম নহয়, তেওঁলোকৰ বাবে এই ৫ টকীয়া অটল কেন্টিন এক ডাঙৰ আশীৰ্বাদ হিচাপে বিবেচিত হৈছে।




