বিগত ৬ বছৰে ১৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এটা ৰ’পৱে উদ্বোধনৰ পূৰ্বে ভাঙি পৰে। শুকুৰবাৰে বিহাৰৰ ৰোহতাছত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। চৰকাৰী বিহাৰ ৰাজ্য পুল নিৰ্মাণ নিগম লিমিটেডে (BRPNNL) চৌৰাছান মন্দিৰৰ ভক্তসকলৰ সুবিধাৰ্থে আৰু ৰোহতাছগড় দুৰ্গলৈ পৰ্যটকৰ যাতায়তৰ সুবিধাৰ বাবে প্ৰায় ১৩ কোটি টকা ব্যয়সাপেক্ষে এই ৰ’পৱে নিৰ্মাণ কৰিছে।
এই ৰ’পৱে’ক বিহাৰৰ ডাবল ইঞ্জিন চৰকাৰৰ ‘বিকাশ’ৰ মানচিত্ৰ হিচাপে প্ৰচাৰ কৰা হৈছিল। ১ জানুৱাৰীত উদ্বোধন হোৱাৰ কথা আছিল। কিন্তু তাৰ আগতে শুকুৰবাৰে ট্ৰায়েলৰ সময়তে হুৰহুৰাই ভাঙি পৰিল।
বিষয়াসকলে জনোৱা মতে, ৰ’পৱেৰ এটা খুঁটা ভৰ সহ্য কৰিব নোৱাৰি ট্ৰলীৰ লগতে ভাঙি পৰে। তাঁৰডালো ছিঙি মাটিত পৰি যায়। সেই সময়ত ৰ’পৱেত কোনো নথকাৰ বাবে কোনো লোক হতাহত হোৱা নাছিল। অৱশ্যে বহু প্ৰচাৰিত ৰ’পৱে প্ৰকল্পৰ এই পৰিণতিত বিৰোধীয়ে দুৰ্নীতিৰ গোন্ধ পাইছে।
বি আৰ পি এন এন এলৰ অধ্যক্ষ চন্দ্ৰশেখৰ সিঙে কয় যে তেওঁ ঘটনাৰ তদন্ত কৰি ২৪ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ পৰিচালন সঞ্চালকৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে।
সিঙে কয়, ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (পাটনা)কো ডিজাইন টেষ্ট কৰিবলৈ অনুৰোধ কৰা হৈছে। এই ঘটনাৰ ফলত কোম্পানীটোৰ কোনো ধৰণৰ আৰ্থিক দায়বদ্ধতা নাথাকিব আৰু ঠিকাদাৰে চুক্তিৰ অধীনত ট্ৰাইল ৰান আৰু টেষ্টিঙৰ সময়ত যিকোনো ক্ষতিৰ দায়িত্ব লোৱাটো বাধ্যতামূলক।”
স্থানীয় বিধায়ক মুৰাৰী প্ৰসাদ গৌতমে ততাতৈয়াকৈ ৰাজ্যৰ পৰ্যটন বিভাগলৈ এখন পত্ৰ প্ৰেৰণ কৰি ঘটনাৰ পুংখানুপুংখ তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।
কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰাজেশ ৰামে কয়, ‘বিহাৰ চৰকাৰৰ অভ্যন্তৰত সংঘটিত হোৱা দুৰ্নীতিৰ ফল এই কাণ্ড। “নিৰ্মাণৰ সময়তে গুণগত মানৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল, কিন্তু আয়োগৰ নিৰ্দেশত এন ডি এ চৰকাৰে ইয়াক আওকাণ কৰিছিল।“ একে সময়তে ৰামে এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু নিৰ্মাণ কোম্পানীটোক ব্লেকলিষ্ট কৰাৰ দাবী জনায়।





