আৰাৱলী পাহাৰৰ ‘সংজ্ঞা’ আৰু খননৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ দিয়া ৰায়ক কেন্দ্ৰ কৰি বিতৰ্ক চলি আছে। এই পৰিস্থিতিত চৰ্চালৈ আহিছে আচৰিত ধৰণৰ তথ্য। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে বিগত ৭ বছৰত ৰাজস্থানত ৭১,৩২২টা সৰু-বৰ অবৈধ খনন কাণ্ড চিনাক্ত কৰা হৈছে। ইয়াৰে ৪০ হাজাৰৰো অধিক কেৱল আৰাৱলী পাহাৰৰ কাষৰীয়া জিলাসমূহত আছে।
প্ৰতিবেদন অনুসৰি, ৪০,১৭৫টা ঘটনাৰ ভিতৰত ৰাজস্থানত বিগত ৭ বছৰত অবৈধ খনন, পৰিবহণ, মজুতকৰণ আদিৰ সন্দৰ্ভত ৭,১৭৩খন এফআইআৰ পঞ্জীয়ন কৰা হৈছে। ইয়াৰে ৪,১৮১খন কেৱল আৰাৱলী জিলাত। ৰাজস্থানৰ আৰাৱলী পৰ্বতমালাত ২০খন জিলা আছে।
বিজেপি চৰকাৰৰ দুবছৰৰ পৰিসংখ্যাক কংগ্ৰেছ শাসনৰ পাঁচ বছৰীয়া পৰিসংখ্যাৰ সৈতে তুলনা কৰি দলৰ মুখপাত্ৰ তথা তিনিবাৰৰ প্ৰাক্তন বিধায়ক ৰামলাল শৰ্মাই কয় যে ৰাজস্থান চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ স্পষ্ট উদ্দেশ্য হৈছে যে আৰাৱলী পাহাৰৰ এটা শিলো ক্ষতিগ্ৰস্ত নহয়। তেওঁ কয়, “বিগত দুবছৰত বিজেপি চৰকাৰে অবৈধ খনন আৰু খনন মাফিয়াৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিছে।”
ৰামলালে প্ৰদান কৰা চৰকাৰী তথ্য অনুসৰি ২০১৮ চনৰ ১৫ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ১৪ ডিচেম্বৰৰ ভিতৰত আৰাৱলী জিলাসমূহত অবৈধ খননৰ ২৯,২০৯টা কাণ্ড সংঘটিত হৈছে। যাৰ ভিতৰত ভজনলাল শৰ্মা চৰকাৰৰ প্ৰথম দুটা বছৰত অৰ্থাৎ ২০২৩ চনৰ ১৫ ডিচেম্বৰৰ পৰা ২০২৫ চনৰ ১৫ ডিচেম্বৰলৈকে এই সংখ্যা আছিল ১০,৯৬৬। কংগ্ৰেছৰ শাসনকালত আৰাৱলী জিলাসমূহত অবৈধ খনিজ নিষ্কাশনৰ কাৰ্যকলাপৰ বাবে ৩১৭৯খন এফআইআৰ দাখিল কৰা হৈছিল। আনহাতে বিজেপি চৰকাৰৰ দুবছৰত ১০০২খন এফআইআৰ দাখিল কৰা হয়।
ৰিপ’ৰ্ট কৰা ঘটনা আৰু দাখিল কৰা এফআইআৰৰ পাৰ্থক্য সন্দৰ্ভত খনি আৰু পেট্ৰলিয়াম বিভাগৰ প্ৰধান সচিব টি ৰবিকান্তই কয়, ‘ৰিপ’ৰ্ট কৰা ঘটনাই এনে সকলো ধৰণৰ গোচৰক বুজায় য’ত খনি বিভাগে নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিছে যেনে জাননী জাৰি কৰা, জৰিমনা বিহা ইত্যাদি। যিটোও এক প্ৰকাৰৰ শাস্তি। আনহাতে এফআইআৰে কেৱল আৰক্ষী থানাত দাখিল কৰা গোচৰকহে বুজায়।”
বিগত ৭ বছৰত ৰাজ্যজুৰি অবৈধ খনন কাৰ্যকলাপৰ বাবে ৩৭৩৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে অশোক গেহলট চৰকাৰৰ দিনত আৰাৱলী জিলাসমূহৰ পৰা ১৪১৫ আৰু শৰ্মা চৰকাৰৰ দিনত ৩০০জনক গ্ৰেপ্তাৰ কৰা হয়। লগতে ৰাজ্যজুৰি বিগত ৭ বছৰত ৭০,৩৯৯খন বাহন, যন্ত্ৰপাতি আদি জব্দ কৰা হৈছে। ইয়াৰে কংগ্ৰেছ চৰকাৰৰ দিনত ২৯,১৩৮টা আৰু বিজেপি চৰকাৰৰ দিনত ১০,৬১৬টা জব্দ কৰা হৈছে।
আইনী আৰু অবৈধ খনন আৰু অন্যান্য উন্নয়নমূলক কাম-কাজৰ বাবে বিগত কেইটামান দশক ধৰি পাহাৰবোৰ তীব্ৰ চাপৰ মাজত পৰি থকাত নতুন সংজ্ঞাৰ বাবে ৰাজস্থান আৰু ইয়াৰ বাহিৰতো ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে।
পৰিৱেশ সচিবৰ অধীনত এখন কমিটীয়ে প্ৰস্তাৱ কৰা আৰু ২০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা নতুন সংজ্ঞা অনুসৰি স্থানীয় ভূখণ্ডৰ পৰা ১০০ মিটাৰ বা তাতকৈ অধিক উচ্চতাত অৱস্থিত যিকোনো ভূ-প্ৰকৃতিৰ নামনি আৰু কাষৰীয়া ভূমিকে ধৰি আৰাৱলী পাহাৰৰ অংশ বুলি গণ্য কৰা হ’ব।
ইয়াৰ ফলত নতুন সংজ্ঞাই পাহাৰটো খনিজ নিষ্কাশনৰ বাবে মুকলি কৰিব বুলি উদ্বেগ প্ৰকাশ কৰিছে। কিন্তু ২০ নৱেম্বৰৰ নিৰ্দেশত পৰিৱেশ মন্ত্ৰালয়ে কয় যে বিশদ জৰীপ সম্পূৰ্ণ নোহোৱালৈকে নতুন খনিজ নিষ্কাশনৰ লীজ প্ৰদান কৰা নহ’ব।





