• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিযোগ হাঁহৰ মাংস খোৱাৰ : ৰিপুন বৰাৰ প্ৰশ্ন-পাৰ্থৰ তেতিয়া জন্ম হৈছিল নেকি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 15, 2018 10:11 am
Ripun-Bora-680x365
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙহৰ যুঁজে তীব্ৰ ৰূপ ধাৰণ কৰিছে কংগ্ৰেছত। পোনপটীয়াকৈয়ে দলৰ ভিতৰচ’ৰাতে পৰস্পৰে পৰস্পৰৰ মাজত বাকযুদ্ধত লিপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে।

মাথোঁ কেইদিনমান পূৰ্বে শ্ব’কজ নিদিয়াকৈ এনএছয়ুআইৰ প্ৰাক্তন সভাপতি পাৰ্থ প্ৰতীম বৰাক কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰাৰ পাছত প্ৰদেশ কংগ্ৰছৰ ভিতৰে-বাহিৰে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে  ।

Apply Now

ইয়াৰ মাজতে আজি নিলম্বিত এনএছয়ুআইৰ প্ৰাক্তনসভাপতি পাৰ্থ প্ৰতিম বৰাই মহানগৰীৰ গ্ৰেণ্ড ষ্টাৰলাইন হোটেলত এক সংবাদমেলৰ আয়োজন কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰে।

উক্ত সংবাদমেলতে পাৰ্থ প্ৰতিম বৰাই ৰিপুন বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলাৰ লগতে ৰিপুন বৰাই ইন্দিৰা গান্ধীৰ মৃত্যুৰ সময়ত হাঁহ মাৰি ভোজ খোৱাৰ কথাও উল্লেখ কৰিছিল।

ইপিনে, দলৰ পৰা নিলম্বিত পাৰ্থ প্ৰতিম দাসে অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি নৰ্থ ইষ্ট নাওৰ আগত মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়, ‘’ইন্দিৰা গান্ধীৰ মৃত্যুৰ সময়ত পাৰ্থৰ জন্মই হোৱা নাছিল। তেওঁ এই কথা দেখি আছিল নেকি? তেওঁ আগতে এই কথা প্ৰমাণ কৰক।‘’

তেওঁ লগতে কয়, ‘’ছাত্ৰ জীৱনৰ পৰা কি কৰি আছো, সেই বিষয়ে দেখা মানুহে কওঁক। তেতিয়া মই অসামৰিক সেৱাৰ চাকৰিত আছিলো।‘’

তেওঁ লগতে পাৰ্থ প্ৰতিম বৰাই ফটুৱা কথা কিছুমান কোৱা বুলিও ব্যক্ত কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে কংগ্ৰেছ দলটোক দুৰ্বল কৰাৰ বাবে পাৰ্থক কোনোৱাই অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বুলি কয় বৰাই।

তদুপৰি, দলৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ৱ ভট্টাচাৰ্য্যই এই সম্পৰ্কত কয় যে দলৰ সভাপতি গৰাকীৰ ওপৰত তেওঁলোকৰ কোনো আস্থা-বিশ্বাস হেৰুওৱা নাই। তেওঁ লগতে অভিযোগ কৰে যে ‘’পাৰ্থপ্ৰতিম বৰাই এটা বিশেষ এজেণ্ডা লৈ কাম কৰি আছে।‘’

আনহাতে, পাৰ্থ প্ৰতিম বৰাই ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছ দলে ২০১৯ চনত বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাব নোৱাৰিব বুলি কোৱা মন্তব্য সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভট্টাচাৰ্যই নৰ্থ ইষ্ট নাওক কয়, ‘’পাৰ্থ প্ৰতিম বৰাই অনা অভিযোগৰ উত্তৰ দিবৰ বাবে দল বাধ্য নহয়। তেওঁ দলৰ নিয়ম-নীতি নৰখাকৈয়ে কথা-বতৰা অথবা কাম-কাজসমূহ কৰিছিল বা কৰি আছে। তেওঁ কোৱা কথাৰ কোনো ভিত্তি অথবা যুক্তি নাই।‘’

‘’নিকৃষ্ট ৰাজনীতি ৰূপায়ণ কৰাৰ স্বাৰ্থতে নতুন প্ৰজন্মৰ এন এছ য়ু আইৰ কৰ্মীসকলক বিপথে পৰিচালনা কৰিছে। ৰিপুন বৰাৰ নেতৃত্বত যদি সন্দেহেই আছিল তেন্তে তেওঁ এ পি চি চিৰ সম্পাদক পদটো কিয় লৈছিল,’’- ভট্টাচাৰ্য্যই কয়।

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰণ গগৈৰ এই সম্পৰ্কে প্ৰতিক্ৰিয়া জানিব বিচৰাত কয়, ‘’এই বিষয়ত একো কমেন্ট দিবলৈ নাই। মইটো নাজানোৱে, মই একো দেখাই নাই। মই ৰিপৰ্ট দেখাই নাই, মই কি ক’ম?’’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm
২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd