• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙৰ ঘটনাৰ আঁৰত থকা অভিসন্ধি বিচাৰি উলিওৱাৰ দাবী নৰ্থ-ইষ্ট ৱমেন ফ্ৰণ্টৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2018 1:24 pm
14-06-18 Guwahati- NE women front
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলংঙৰ নৃশংস, অমানৱীয় ঘটনাৰ আঁৰত কাৰ কি অভিসন্ধি আছে অসমৰ ৰাইজে জানিব বিচাৰিছে। চৰকাৰে তৎকালীনভাৱে এই ঘটনাৰ আঁৰত কাৰ কি অভিসন্ধি আছে সেয়া বিচাৰি উলিয়াই ৰাজহুৱা কৰিব লাগে আৰু দোষীক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি শাস্তি প্ৰদান কৰিব লাগে। এই দাবী নৰ্থ ইষ্ট  ৱ’মেন ফ্ৰণ্টৰ।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই দাবী উত্থাপন কৰি নৰ্থ ইষ্ট  ৱ’মেন ফ্ৰণ্টৰ সভানেত্ৰী ৰেখাৰাণী দাস বড়োৱে কয় যে চৰকাৰকে প্ৰশাসনক ৰাইজৰ ওচৰ চপাই অনাৰ কথা কয় যদিও প্ৰশাসন যে ৰাইজৰ পৰা বহু নিলগত আছে এই কথা কাৰ্বি আংলঙৰ ঘটনাই প্ৰমাণ কৰিছে।

Apply Now

তেওঁ লগতে আঙুলিয়াই দিয়ে যে ডকমকা আৰক্ষী থানাৰ পৰা মাত্ৰ ১৪ কিলোমিটাৰ আঁতৰত নীল-অভিৰ নৃশংস ঘটনা সংঘটিত হৈছে। তাৰ মানে পুলিচ প্ৰশাসনৰ সম্পূৰ্ণ গাফিলতি আছে। এনে পুলিচ প্ৰশাসনক বিশ্বাস কৰিব পাৰিনে? ৰাইজৰ মাজত এই প্ৰশ্ন উত্থাপন হৈছে বুলি সংবাদমেলত কয় সভানেত্ৰীগৰাকীয়ে।

দুৰ্ভাগ্যজনকভাৱে পাহৰীয়া জিলা দুখনৰ জনসাধাৰণে সৰ্বস্তৰত হোৱা দুৰ্নীতিৰ বাবে শিক্ষা-স্বাস্থ্যকে ধৰি প্ৰাথমিক সা-সুবিধাসমূহ উপযুক্তভাৱে লাভ নকৰাত চাৰিওফালে অনগ্ৰসৰতা, কু-সংস্কাৰ, অন্ধবিশ্বাস বিৰাজ কৰিছে বুলি মন্তৱ্য কৰি ইয়াৰ বাবেই এনেধৰণৰ উৰাবাতৰি আদিয়ে ৰাইজক বিভ্ৰান্ত কৰা বুলি কয়।

আনহাতে, কাৰ্বি আংলঙৰ এই ঘটনাই যাতে জাতীয় অস্তিত্ব, ভাষাৰ অস্তিত্ব আদি বিষয়বোৰৰ পৰা নিলগাই ৰাখিব নোৱাৰে তাৰ বাবে আহ্বান জনাইছে সভানেত্ৰী ৰেখাৰাণী দাস বড়োৱে।

সভানেত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ ৰ বিৰোধিতাৰে ফ্ৰণ্টে চলাই অহা গণস্বাক্ষৰ অভিযানৰ অংশ হিচাপে অহা ১৭জুনত ধুবুৰীত ভাৰত-বাংলা সীমান্তত গণস্বাক্ষৰ সংগ্ৰহ কৰা হ’ব বুলি সংবাদমেলত সদৰী কৰে।

সংবাদমেলখনত নৰ্থ ইষ্ট  ৱ’মেন ফ্ৰণ্টৰ উপ-সভানেত্ৰী সুমিত্ৰা হাজৰিকা, সম্পাদিকা মীৰা বৰঠাকুৰ, জোনমণি খাউণ্ড আদি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd