গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে এক উল্লেখযোগ্য সফলতা অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। মানসম্পন্ন কাৰিকৰী শিক্ষা প্ৰদানৰ প্ৰতি থকা দায়বদ্ধতাৰ স্বীকৃতিস্বৰূপে বিশ্ববিদ্যালয়খনে ইয়াৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক লগতে চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ বি.টেক পাঠ্যক্ৰমৰ বাবে নেচনেল বৰ্ড অফ এক্ৰেডিটেশ্যন চমুকৈ এনবিএৰ পৰা স্বীকৃতি লাভ কৰিছে। এই স্বীকৃতি ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৮ চনৰ ৩১ ডিচেম্বৰলৈকে মুঠ তিনি বছৰৰ বাবে প্ৰদান কৰা হৈছে।
এই বিশেষ সাফল্যই বিশ্ববিদ্যালয়খনৰ উচ্চ মানদণ্ডৰ শিক্ষাদান পদ্ধতি, আধুনিক আন্তঃগাঁথনি আৰু অভিজ্ঞ শিক্ষক সমাজৰ কঠোৰ পৰিশ্ৰমক প্ৰতিফলিত কৰিছে। এনবিএৰ এই স্বীকৃতি ৱাশ্বিংটন একৰ্ডৰ দ্বাৰা স্বীকৃত হোৱা হেতুকে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা অভিযান্ত্ৰিক শিক্ষাৰ্থীসকলৰ বাবে গোলকীয় বজাৰত নিয়োগৰ সুযোগ আৰু মৰ্যাদা যথেষ্ট বৃদ্ধি পাব। ই শিক্ষাৰ্থীসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ কেৰিয়াৰ গঢ়াত যথেষ্ট সহায় কৰিব।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সাফল্যক সমগ্ৰ বিশ্ববিদ্যালয় পৰিয়ালৰ বাবে এক নতুন বছৰৰ উপহাৰ হিচাপে অভিহিত কৰিছে। বিশ্ববিদ্যালয় প্ৰশাসনে এই যাত্ৰাত অৰিহণা যোগোৱা সকলো শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শুভাকাংক্ষীক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁলোকে কয় যে সকলোৰে সামূহিক প্ৰচেষ্টা আৰু একাগ্ৰতাৰ বাবেই আজি এই গৌৰৱ অৰ্জন কৰা সম্ভৱ হৈছে।
মন কৰিবলগীয়া যে বিশ্ববিদ্যালয়খনৰ মেকানিকেল ইঞ্জিনিয়াৰিং আৰু ফাৰ্মাচী বিভাগৰ দৰে আন কেইবাটাও পাঠ্যক্ৰমে ইতিমধ্যে এনবিএৰ স্বীকৃতি লাভ কৰিছে। উত্তৰ-পূব ভাৰতৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হোৱা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে সমাজত উদ্ভাৱনীমূলক চিন্তা আৰু উন্নত মানৰ শিক্ষাৰ বিস্তাৰৰ বাবে কাম কৰি আহিছে। এই নতুন স্বীকৃতিয়ে শিক্ষাৰ্থীসকলক এক প্ৰতিযোগিতামূলক পৃথিৱীত নিজকে প্ৰতিষ্ঠা কৰিবলৈ অধিক শক্তি যোগাব বুলি আশা কৰা হৈছে।





