ভাষা বিতৰ্কৰ মাজতে আৰ এছ এছ মুৰব্বী মোহন ভাগৱতে ভাষা, জাতি আৰু আৰ্থিক বিভাজনৰ উৰ্ধত থাকি সামাজিক ঐক্য বজাই ৰখাৰ এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰিছে।
বুধবাৰে ছত্তীছগড়ৰ ৰায়পুৰ জিলাৰ সোনপাইৰি গাঁৱত আয়োজিত এক ‘হিন্দু সন্মিলন’ত ভাষণ প্ৰদান কৰি তেওঁ কয় যে প্ৰতিজন ভাৰতীয়ই অন্ততঃ নিজৰ ঘৰৰ ভিতৰত মাতৃভাষাত কথা পতা উচিত। ভাৰতৰ প্ৰতিটো ভাষাই সমান মৰ্যাদাৰ অধিকাৰী বুলি উল্লেখ কৰি তেওঁ ভাষা কেন্দ্ৰিক বিবাদৰ মাজতে এক নতুন চৰ্চাৰ সূচনা কৰিছে।
দক্ষিণ ভাৰতৰ আঞ্চলিক দলসমূহে হিন্দী ভাষাক অধিক গুৰুত্ব দি আঞ্চলিক ভাষাসমূহক সংকটলৈ ঠেলি দিয়া বুলি অভিযোগ কৰি থকাৰ সময়ত ভাগৱতৰ এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।
ইয়াৰ উপৰি শেহতীয়াকৈ ডেৰাডুনত ত্ৰিপুৰাৰ ছাত্ৰী এঞ্জেল চাকমাৰ হত্যাকাণ্ড আৰু তেওঁৰ ওপৰত হোৱা জাতিগত বিদ্বেষমূলক আচৰণৰ অভিযোগক লৈ দেশজুৰি সৃষ্টি হোৱা ক্ষোভৰ মাজতে ভাগৱতে সামাজিক সম্প্ৰীতিৰ ওপৰত বিশেষ জোৰ দিছে।
তেওঁ কয় যে কোনো ব্যক্তি নিজ ৰাজ্যৰ বাহিৰত থাকিলে সেই ৰাজ্যখনৰ ভাষা শিকাটো উচিত, কাৰণ ভাৰতৰ সকলো ভাষাই ৰাষ্ট্ৰীয় ভাষা আৰু কোনো ভাষাই সৰু বা ডাঙৰ নহয়। তেওঁৰ মতে দেশখন সকলোৰে আৰু ঐক্যই হৈছে ভাৰতৰ প্ৰধান পৰিচয়।
আৰ এছ এছ মুৰব্বীগৰাকীৰ এই বক্তব্যক বিজেপি নেতৃত্বই আদৰণি জনাইছে। বিজেপি সাংসদ প্ৰবীণ খাণ্ডেলৱালে ইয়াক এক অন্তৰ্ভুক্তিমূলক জাতীয়তাবাদৰ সঠিক বাৰ্তা বুলি অভিহিত কৰাৰ বিপৰীতে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকেও সমাজক ঐক্যবদ্ধ কৰাৰ বাৰ্তা বুলি ভাগৱতক প্ৰশংসা কৰিছে। শিৱসেনা নেত্ৰী শাইনা এন চিয়েও ভাৰতক সামাজিক সম্প্ৰীতিৰ প্ৰতীক বুলি উল্লেখ কৰি ভাষা-ধৰ্মৰ উৰ্ধত থাকি দেশৰ বাবে কাম কৰাটোহে আচল উদ্দেশ্য হোৱা উচিত বুলি মন্তব্য কৰে।





