২০২৬ চনৰ পৰা কংগ্ৰেছে নতুন সংকল্পৰে এখন বৰ অসম গঢ়াৰ পৰিকল্পনা কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে আজি নতুন দিল্লীত এক সংবাদমেলৰ জৰিয়তে বৰ অসম গঢ়িবলৈ ৫টা সংকল্প গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।
এই সংকল্পৰ অংশ হিচাপে গগৈয়ে অসমৰ অৰ্থনৈতিক সমবিকাশৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰি সমবিকাশ আৰু গ্ৰাম্য উন্নয়নৰ স্বাৰ্থক প্ৰাধান্য দিয়াৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হোৱা স্বাস্থ্য আৰু শিক্ষা খণ্ডক কেনেকৈ দেশৰ ভিতৰত ৫টা স্থানলৈ আনিব পাৰি তাৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ সংকল্প লৈছে বুলিও কয় গগৈয়ে।
অসমৰ আৰক্ষী আৰু আন বিষয়াসকলৰ ওপৰত থকা ৰাজনৈতিক হস্তক্ষেপ দূৰ কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও সংবাদমেলত গগৈয়ে উল্লেখ কৰে। নতুন বছৰটোত যুৱশক্তিক মানসিকভাৱে অধিক শক্তিশালী কৰাৰ লগতে অসমৰ খেলুৱৈসকলৰ উত্তৰণৰ হকে কাম আৰম্ভ কৰিব বুলিও গগৈয়ে ঘোষণা কৰে।
প্ৰকৃতাৰ্থত বৰ অসম গঢ়াৰ সপোন লৈ ৰাইজৰ দিহা-পৰামৰ্শৰে কংগ্ৰেছ দলে ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিৰে পৰা কাম কৰিব বুলি উল্লেখ কৰি গগৈয়ে ৰাইজক [email protected] ই-মেইলযোগে পৰামৰ্শ প্ৰদান কৰিবলৈকো আহ্বান জনায়।
সংবাদমেলত শিক্ষা আৰু স্বাস্থ্য খণ্ডত দেশৰ ভিতৰতে অসমৰ অৱস্থা শোচনীয় হোৱাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয় যে আমি দেশৰ ৫খন ৰাজ্যৰ ভিতৰত অসমক শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত শীৰ্ষ পৰ্যায়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰিম।
বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দীৰ্ঘদিন ধৰি শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিল যদিও এই বিভাগ দুটাৰ অৱস্থা আজিও দুখলগা হৈয়ে আছে আৰু ইয়াৰ কাৰণ হ’ল স্বাস্থ্য বিভাগত এতিয়া নিৰ্মাণ কাৰ্যতহে গুৰুত্ব দিছে। কিন্তু বুনিয়াদী কাম-কাজত গুৰুত্ব প্ৰদান নকৰিলে। স্বাস্থ্য বিভাগৰ লগত জড়িত চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্য কৰ্মীসকলৰ সৈতে বৰ্তমানৰ চৰকাৰে বন্ধুত্বসূলভ ব্যৱহাৰৰ পৰিৱৰ্তে শত্ৰুতামূলক আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰি গগৈয়ে কয় যে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ সৈতে আন্তৰিকতাপূৰ্ণ আৰু বন্ধুত্বমূলক সম্পৰ্ক গঢ়ি তোলা হ’ব। যি কামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হ’ল সেই কাম সকলোৰে সৈতে মিলি কংগ্ৰেছ দলে আগবঢ়াই নিব আৰু সফলতা লাভ কৰিব বুলিও কয় গগৈয়ে।
দ্বিতীয়টো সংকল্পৰ কথা ঘোষণা কৰি গগৈয়ে কয় যে অৰ্থনৈতিক বিকাশৰ সম্পূৰ্ণ বিকেন্দ্ৰীকৰণ কৰা হ’ব। বৃহৎ ঠিকাদাৰৰ পৰিৱৰ্তে উন্নয়নমূলক চৰকাৰী কাম সৰু সৰু গোট কৰি ঠিকাদাৰসকলক ভাগ কৰি দিয়া হ’ব। উন্নয়ন কেৱল চহৰমুখী নহৈ গাঁওমুখী হ’ব। বৃহৎ চাহ উদ্যোগৰ সুবিধা কৰি দিয়াকৈ চৰকাৰী নীতি নাথাকিব। নীতি হ’ব ক্ষুদ্ৰ চাহ খেতিয়কসকল বিকাশ। থলুৱা উদ্যোগ গঢ়িবৰ বাবে নতুন এক উদ্যোগ নীতি গ্ৰহণ কৰা হ’ব, য’ত উদ্যোগ গঢ়িবলৈ স্থানীয় উদ্যোগীসকলক মাটি প্ৰদান কৰা হ’ব।
তৃতীয়টো সংকল্পৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে অসমত নতুন বছৰটোত মাফিয়াৰাজ নিঃশেষ কৰি ছিণ্ডিকেট ব্যৱস্থা বন্ধ কৰা হ’ব। মাজুলীৰ যাদৱ পায়েঙৰ স্ব-সৃষ্ট বনভূমি ধ্বংস কৰাৰ প্ৰসংগ উত্থাপন কৰি গগৈয়ে কয় যে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত ছিণ্ডিকেট চলোৱা দুষ্টচক্ৰ সক্ৰিয় হৈ আছে।
চতুৰ্থ সংকল্প হিচাপে গগৈয়ে অসম আৰক্ষীক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিধৰণেৰে ৰাজনীতিকৰণ কৰিছে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়। গগৈয়ে কয় যে বৰ্তমান সময়ত বিজেপিৰ লগত জড়িত চাউল চোৰ, গৰু চোৰ, মাটি চোৰ, ছিণ্ডিকেট-ড্ৰাগছৰ লগত জড়িত লোকসকলক ক্লীনশ্বিট দিবলৈ বাধ্য কৰোৱা হৈছে।
আৰক্ষীক বিজেপিৰ হাতোৰাৰ পৰা মুক্ত কৰাৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে আৰক্ষীয়ে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ আৰু শান্তিপূৰ্ণ এখন অসম গঢ়িবৰ বাবে ৰাজনৈতিক হেঁচাৰ পৰা মুক্ত হ’ব লাগিব। সেই কাম কৰি দেখুৱাব বুলিও কয় গগৈয়ে। অসমত নাৰীজনিত অপৰাধ বৃদ্ধি পোৱাৰ প্ৰসংগ উত্থাপন কৰি গগৈয়ে কয় যে বহুক্ষেত্ৰত আৰক্ষী প্ৰফেশ্যনেল নোহোৱা বাবে গোচৰ ৰুজু কৰা আৰু নিষ্পত্তি কৰাৰ ক্ষেত্ৰত মুক্তমনেৰে আৰক্ষীয়ে কাম কৰিব নোৱাৰে।
পঞ্চম সংকল্পৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে আমাৰ যুৱ সমাজ প্ৰকৃতাৰ্থত মানৱ সম্পদ আৰু আজিৰ তাৰিখত অসমৰ যুৱক-যুৱতী বিভিন্ন প্ৰকাৰে হতাশ হৈ পৰিছে। এই হতাশা দূৰ কৰি তেওঁলোকক প্ৰাণৱন্ত আৰু বৰ অসম গঢ়াৰ একো একোজন মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও কয় গগৈয়ে। গগৈয়ে কয়, ”যুৱ-সমাজক বিজেপি চৰকাৰে নিচাসক্ত কৰি ৰখাৰ যি ষড়যন্ত্ৰ কৰিছে সেই বেহু ভাঙি পেলোৱাৰ ব্যৱস্থা কৰিম। বিভেদকামী শক্তিসমূহক প্ৰতিহত কৰিব পৰাকৈ আমাৰ যুৱ সমাজক মানসিকভাৱে শক্তিশালী কৰাৰ প্ৰয়োজন আছে।’’
খেলুৱৈসকলৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে অসমক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু কষ্টৰে অসমৰ খেলুৱৈসকলে সুনাম কঢ়িয়াই আনিছে। সেই খেলুৱৈসকলে সফলতা লাভ কৰিব পৰাকৈ আমি প্ৰফেশ্যনেল আৰু আধুনিক ব্যৱস্থাপনা গঢ় দিয়াৰ কথাও কয় গগৈয়ে।
আনহাতে, বছৰটোৰ শেষৰ দিনটোত কংগ্ৰেছ দলৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনলাইনযোগে অনুষ্ঠিত হয়। এই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি উল্লেখ কৰি কয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ ৱেবছাইট www.apcc.assam.org যোগে আবেদন পত্ৰ ডাউনলোড কৰি ল’ব পাৰিব। এই আবেদন অহা ৫ জানুৱাৰীৰ পৰা গুৱাহাটীৰ ৰাজীৱ ভৱনত জমা দিব পাৰিব। ৫ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈকে এই প্ৰক্ৰিয়া চলিব আৰু ৫০ হাজাৰ টকাৰ মাচুলসহ আবেদন জমা দি ৰাজীৱ ভৱনৰ পৰা প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলে প্ৰাপ্তিস্বীকাৰ ৰচিদ সংগ্ৰহ কৰি জিলা কাৰ্যালয়ত জমা দিব লাগিব।
গগৈয়ে কয় যে কংগ্ৰেছ দলে এইবাৰৰ নিৰ্বাচনত ১০০ টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ চিন্তা-চৰ্চা কৰিছে যদিও সকলো সমষ্টিৰ বাবে কংগ্ৰেছৰ দলৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। যি ২৬ টা সমষ্টিত আন বিৰোধী দলসমূহক এৰি দিয়া হ’ব সেই সমষ্টিসমূহত কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জমা দিয়া আবেদন মাচুল ঘূৰাই দিয়া হ’ব। মিত্ৰতা প্ৰসংগত দলৰ ভিতৰত আলোচনা আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে কোন দলে কিমান সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব সেয়া সকলোৰে সৈতে আলোচনাৰ অন্তত ৰাজহুৱা কৰা হ’ব। ৰাইজৰ দল, অসম জাতীয় পৰিষদ, চিপিএম, চিপিআইকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহৰ লগত কংগ্ৰেছ দলৰ এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা আৰু সামূহিক কৰ্মসূচী আৰম্ভ হৈছে।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ হিংসাজৰ্জৰ খেৰণিলৈ অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ আৰু আন বিৰোধী দলৰ প্ৰতিনিধিসকল একেলগে গৈ পৰিস্থিতিৰ বুজ লৈছে বুলিও তেওঁ উল্লেখ কৰে। বিৰোধী ঐক্যই বিধানসভাৰ নিৰ্বাচনত যথেষ্ট শক্তিশালীভাৱে কাম কৰিব বুলি তেওঁ আত্মবিশ্বাসী বুলি তেওঁ উল্লেখ কৰে।
আনহাতে, সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট পাতল কথা কয় আৰু তাৰবাবে তেওঁৰ কথাৰ গ্ৰহণযোগ্যতা কমি গৈছে। নতুন বছৰত পাকিস্তান লিংক সম্পৰ্কে কৈ থকা অভিযোগসমূহ মুখ্যমন্ত্ৰীক ৰাজহুৱা কৰিবলৈকো প্ৰত্যাহ্বান জনায় গগৈয়ে। লগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি যিবোৰ প্ৰতিশ্ৰুতি পালনৰ কথা তেওঁলোকে ঘোষণা কৰিছিল সেইবোৰ নিৰ্বাচনৰ পূৰ্বে পালন কৰি দেখুৱাবলৈকো গগৈয়ে প্ৰত্যাহ্বান জনায়।





