২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাৰ ষড়যন্ত্ৰত অভিযুক্ত বুলি কাৰাগাৰত বন্দী হৈ থকা ছাত্ৰ নেতা ওমৰ খালিদৰ সমৰ্থনত এইবাৰ আমেৰিকাৰ সাংসদসকলে সৱল স্থিতি গ্ৰহণ কৰিছে। আমেৰিকাৰ আঠগৰাকী প্ৰভাৱশালী সাংসদে ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাট্ৰালৈ এখন পত্ৰ লিখি ওমৰ খালিদক জামিন প্ৰদান কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি এক নিকা বিচাৰ প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। ২০২৫ চনৰ ৩০ ডিচেম্বৰত লিখা এই পত্ৰখনত সাংসদসকলে ওমৰ খালিদ আৰু তেওঁৰ সৈতে অভিযুক্ত হোৱা আনসকলৰ বিৰুদ্ধে চলা ন্যায়িক প্ৰক্ৰিয়া যাতে বিশ্বমানৰ হয়, তাক নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনাইছে।
আমেৰিকাৰ সাংসদ জিম মেকগভাৰ্নে এই পত্ৰখন ৰাজহুৱা কৰিছে। পত্ৰখনত স্বাক্ষৰ কৰা আন সাংসদসকলৰ ভিতৰত আছে ভাৰতীয় মূলৰ প্ৰমিলা জয়পাল, জেমী ৰাস্কিন, জান শ্বাকোভস্কি, লয়ড ডগেট, ৰছিদ ট্লাইব, ক্ৰীছ ভ্যান হ’লেন আৰু পিটাৰ ৱেলচ। এই সাংসদসকলে ডিচেম্বৰ মাহৰ আৰম্ভণিতে ওমৰ খালিদৰ পিতৃ-মাতৃক সাক্ষাৎ কৰিছিল আৰু তাৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে জনোৱা মতে, ওমৰ খালিদক ইউএপিএ আইনৰ অধীনত যোৱা পাঁচ বছৰ ধৰি কোনো জামিন নোহোৱাকৈ কাৰাগাৰত ৰখা হৈছে, যিয়ে মানৱ অধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বিচাৰ ব্যৱস্থাৰ নীতিসমূহ উলংঘা কৰিব পাৰে। চৰকাৰৰ ওচৰত তেওঁলোকে ওমৰ খালিদৰ বাবে এক নিকা আৰু সময়োপযোগী বিচাৰৰ দাবী উত্থাপন কৰিছে।
কেৱল আমেৰিকাৰ সাংসদসকলেই নহয়, নিউয়ৰ্ক চহৰৰ নৱ-নিযুক্ত মেয়ৰ জোহৰাণ মামদানীয়েও ওমৰ খালিদলৈ এক আৱেগিক বাৰ্তা প্ৰেৰণ কৰিছে। মামদানীয়ে খালিদৰ পিতৃ-মাতৃক লগ পোৱাৰ মুহূৰ্তবোৰ সোঁৱৰণ কৰি কয় যে তেওঁলোকে সদায় ওমৰৰ কথা ভাবি থাকে। খালিদৰ সংগী বনোজ্যোৎস্নাই ছ’চিয়েল মিডিয়াত এই টোকাটো শ্বেয়াৰ কৰিছে। উল্লেখ্য যে অলপতে নিজৰ ভগ্নীৰবিয়াত অংশ ল’বলৈ ওমৰ খালিদে ১৬ ডিচেম্বৰৰ পৰা ২৯ ডিচেম্বৰলৈকে আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল। যদিও তেওঁৰ মূল জামিনৰ আবেদন এতিয়াও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে, আমেৰিকাৰ পৰা অহা এই সমৰ্থনে সমগ্ৰ বিষয়টোক নতুন মাত্ৰা প্ৰদান কৰিছে।





