• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন ২০২৫ : অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাত চূড়ান্ত বিফল হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2026 2:58 pm
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমক দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ‘A for Assam’ লক্ষ্য স্থিৰ কৰিছে যদিও ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) শেহতীয়া ‘হেণ্ডবুক অৱ ষ্টেটিষ্টিকছ অন ইণ্ডিয়ান ষ্টেটছ ২০২৪-২৫’ত প্ৰকাশ পোৱা তথ্যই ৰাজ্যখনৰ বিকাশৰ ক্ষেত্ৰত এক প্ৰত্যাহ্বানমূলক ছবিহে দাঙি ধৰিছে। এই প্ৰতিবেদন অনুসৰি, বহুমাত্রিক দৰিদ্ৰতাৰ সূচাংকত অসম এতিয়াও দেশৰ ৩৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত চতুৰ্থ দৰিদ্ৰতম ৰাজ্য হিচাপে চিহ্নিত হৈছে, য’ত ৰাজ্যখনৰ ১৯.৩৫ শতাংশ লোক এতিয়াও দৰিদ্ৰতাৰ কবলত। স্বাস্থ্যখণ্ডৰ তথ্যইও এক উদ্বেগজনক পৰিস্থিতি প্ৰতিফলিত কৰিছে, য’ত অসমৰ মানুহৰ গড় আয়ুস ৭০.৩ বছৰৰ ৰাষ্ট্ৰীয় গড়ৰ বিপৰীতে মাত্ৰ ৬৮.৬ বছৰ। বিশেষকৈ জন্মৰ সময়ত প্রসূতি মাতৃৰ মৃত্যুৰ হাৰ আৰু শিশু মৃত্যুৰ হাৰৰ ক্ষেত্ৰত অসমৰ স্থান দেশৰ ভিতৰতে ক্ৰমে পঞ্চম আৰু তৃতীয় স্থানত আছে, যিটোৱে জনস্বাস্থ্যৰ শোচনীয় ৰূপটোকে প্ৰকট কৰিছে।

অৰ্থনৈতিক দিশত চাবলৈ গ’লে, ২০২৪-২৫ বৰ্ষত অসমৰ এজন মানুহৰ গড় জনমূৰি আয় চলিত মূল্যত ১,৫৯,১৮৫ টকা আৰু স্থিৰ মূল্যত ৮৫,৯৮৮ টকা। এই পৰিসংখ্যাই দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমক তলৰ ফালৰ পৰা সপ্তম স্থানত ৰাখিছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনত মূল্যবৃদ্ধিৰ হাৰো যথেষ্ট ঊর্ধ্বগামী। ৰাষ্ট্ৰীয় গড় মুদ্রাস্ফীতিৰ তুলনাত অসমৰ স্থান দেশৰ ভিতৰতে অষ্টম আৰু বিশেষকৈ ইন্ধন তথা বিদ্যুতৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত অসম ষষ্ঠ স্থানত আছে। বহনক্ষম উন্নয়নৰ লক্ষ্য (SDG) লাভৰ ক্ষেত্ৰতো অসমৰ প্ৰদৰ্শন সন্তোষজনক নহয়, য’ত ৰাজ্যখনে ১০০ নম্বৰৰ ভিতৰত মাত্ৰ ৬৫ নম্বৰ লাভ কৰি ২৯ নম্বৰ স্থানত থমকি ৰৈছে।

Apply Now

কৃষি আৰু শিল্প খণ্ডতো ৰাজ্যখনৰ অৱস্থিতি উন্নত ৰাজ্যসমূহৰ তুলনাত বহু পিছত থকা পৰিলক্ষিত হৈছে। পঞ্জাৱৰ দৰে ৰাজ্যৰ তুলনাত অসমৰ জলসিঞ্চিত ভূমিৰ পৰিমাণ অতি নগণ্য। ধান, ঘেঁহু আৰু দাইল উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান দেশৰ ভিতৰত ক্ৰমে ১৩, ১৭ আৰু ১৫ নম্বৰত আছে। হেক্টৰে প্ৰতি উৎপাদনৰ পৰিমাণো ৰাষ্ট্ৰীয় গড়তকৈ বহু কম।

ঔদ্যোগিক বিকাশৰ দিশটো লক্ষ্য কৰিলে দেখা যায় যে তামিলনাডু বা গুজৰাটৰ দৰে ৰাজ্যত য’ত ৩০ হাজাৰৰো অধিক কাৰখানা আছে, তাত অসমত মাত্ৰ ৬,০৪৯ টা কাৰখানাছে কাৰ্যক্ষম হৈ আছে। বিদ্যুৎ বিতৰণৰ ক্ষেত্ৰত অসমৰ অৱস্থা অধিক পুতৌজনক, য’ত এজন লোকে গড়ে বছৰি লাভ কৰা বিদ্যুতৰ পৰিমাণ ৰাষ্ট্ৰীয় গড় ১২০৮.২ কিলোৱাট/ঘণ্টাৰ বিপৰীতে মাত্ৰ ৩৫৬.২ কিলোৱাট/ঘণ্টা।

যোগাযোগ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত টেলিফোন গ্ৰাহকৰ ঘনত্বৰ দিশত অসম দেশৰ তলৰ ফালৰ পৰা চতুৰ্থখন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইফালে ৰাজ্যখনৰ বিত্তীয় বোজাও ক্ৰমাৎ বৃদ্ধি পাইছে। ২০২৫ চনৰ ৩১ মাৰ্চ পৰ্যন্ত অসমৰ মুঠ ঋণৰ পৰিমাণ ১,৭৭,৯৮৩.২ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ধাৰ লোৱা ৰাজ্যৰ তালিকাত অসমৰ স্থান ১৫ নম্বৰত আছে। ৰিজাৰ্ভ বেংকৰ এই বিতং তথ্যসমূহে স্পষ্ট কৰি দিছে যে অসমক দেশৰ এক নম্বৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ হ’লে স্বাস্থ্য, শিক্ষা, বিদ্যুৎ আৰু ঔদ্যোগিক উৎপাদনৰ দৰে মৌলিক ক্ষেত্ৰসমূহত এতিয়াও এক দীঘলীয়া পথ অতিক্ৰম কৰিবলৈ বাকী আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd