• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৯২% জনতাৰ ওচৰত নাই খাদ্য! দুখীয়া দেশ এখনত আমেৰিকাৰ আক্ৰমণ কিয়? কি লুকাই আছে ভেনিজুৱেলাৰ মাটিৰ তলত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2026 8:47 pm
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ আমেৰিকাই ভেনিজুৱেলাত সামৰিক অভিযান চলাই দেশখনৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক পণবন্দী কৰিছে। এই ঘটনাই সমগ্ৰ বিশ্বতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে, অৰ্থনৈতিকভাৱে জুৰুলা এখন দেশত আমেৰিকাই হঠাত কিয় আক্ৰমণ কৰিলে? কি বিচাৰে আমেৰিকাই?

বিশ্বৰ ভূ-ৰাজনীতিত ভেনিজুৱেলা এক অদ্ভুত সাঁথৰ। এই দেশখন আমেৰিকাৰ কেলিফৰ্ণিয়াতকৈ প্ৰায় দুগুণ ডাঙৰ। য’ত পানীতকৈও কম দামত পেট্ৰ’ল পোৱা যায়, সেই দেশখনৰে প্ৰায় ৯২ শতাংশ লোক বৰ্তমান চৰম খাদ্য সংকটত ভুগি আহিছে। অৱস্থা ইমানেই শোচনীয় যে দেশখনৰ অধিকাংশ লোকে ডাষ্টবিনৰ পৰা খাদ্য বুটলি খাবলৈ বাধ্য হৈছে। এনে এক দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ মাজতে শনিবাৰে আমেৰিকাই ভেনিজুৱেলাত ৰকেট নিক্ষেপ কৰে আৰু ৰাষ্ট্ৰপতি মাদুৰো তথা পত্নী চিলিয়া ফ্ল’ৰেছক পণবন্দী কৰি নিউয়ৰ্কলৈ লৈ যায়।

Apply Now

আমেৰিকাৰ দাবী অনুসৰি, মাদুৰোৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহ আৰু অবৈধ অস্ত্ৰ ব্যৱসায়ৰ অভিযোগত গোচৰ চলোৱা হ’ব। কিন্তু বিশেষজ্ঞসকলৰ মতে, এই আক্ৰমণৰ আঁৰত আছে এক গভীৰ অৰ্থনৈতিক উদ্দেশ্য।

বহু দেশৰ মতে, আমেৰিকাৰ প্ৰধান লক্ষ্য হ’ল ভেনিজুৱেলাৰ বিশাল তেলৰ ভাণ্ডাৰ। ৱৰ্ল্ডঅ’মিটাৰৰ (Worldometer) পৰিসংখ্যা অনুসৰি, ভেনিজুৱেলাৰ হাতত বিশ্বৰ সবাতোকৈ বিশাল খাৰুৱা তেলৰ ভাণ্ডাৰ মজুত আছে। দেশখনৰ ওচৰত প্ৰায় ৩০৩,০০৯ মিলিয়ন বেৰল তেলৰ সংৰক্ষণ আছে। ভেনিজুৱেলাৰ অৰ্থনীতিৰ ৯০ শতাংশই এই তেলৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ উপৰিও দেশখনৰ মাটিৰ তলত প্ৰাকৃতিক গেছ, সোণ, বক্সাইট আৰু কয়লাৰ দৰে প্ৰচুৰ খনিজ সম্পদ লুকাই আছে।

উল্লেখ্য যে আমেৰিকাই ভেনিজুৱেলাৰ ওপৰত আধিপত্য বিস্তাৰৰ এয়া প্ৰথম চেষ্টা কৰিছে তেনে নহয়। প্ৰাক্তন ৰাষ্ট্ৰপতি হ্যুগো ছাভেজৰ পৰা আৰম্ভ কৰি নিকোলাছ মাদুৰোলৈকে, ভেনিজুৱেলাই কেতিয়াও আমেৰিকাৰ নীতিৰ ওচৰত মূৰ দোৱাব বিচৰা নাছিল। ড’নাল্ড ট্ৰাম্পৰ এই শেহতীয়া পদক্ষেপে প্ৰমাণ কৰে যে আমেৰিকাই ভেনিজুৱেলাৰ গেছ আৰু তেলৰ ভাণ্ডাৰ নিজৰ নিয়ন্ত্ৰণলৈ আনি বিশ্বৰ শক্তি ব্যৱসায়ত একচ্ছত্ৰী আধিপত্য বিস্তাৰ কৰিব বিচাৰে।

ভেনিজুৱেলাই বৰ্তমান প্ৰতিদিনে প্ৰায় ১০ লাখ বেৰল তেল উৎপাদন কৰে, যি ২০১৩ চনৰ পূৰ্বে আছিল ৩৫ লাখ বেৰল। ২০০৫ চনৰ পৰাই আমেৰিকাই ভেনিজুৱেলাৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰি আহিছে।

আমেৰিকাৰ নিজৰ ওচৰত প্ৰায় ৪৭,৭৩০ মিলিয়ন বেৰল তেলৰ ভাণ্ডাৰ থকাৰ পাছতো তেওঁলোকে তেল আমদানি কৰিবলগীয়া হয়। যদিহে আমেৰিকাই ভেনিজুৱেলাৰ বিশাল সম্পদৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে, তেন্তে তেওঁলোকে নিজৰ সহযোগী দেশসমূহক কম দামত তেল বিক্ৰী কৰি বৈশ্বিক ব্যৱসায়ত অধিক শক্তিশালী হৈ উঠিব।

আন্তঃৰাষ্ট্ৰীয় আইনক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি আমেৰিকাই চলোৱা এই অভিযানে ভেনিজুৱেলাৰ অৰ্থনীতি আৰু জনসাধাৰণৰ ভৱিষ্যতক লৈ এতিয়া এক অনিশ্চয়তাৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd