ভাৰতীয় নিৰ্বাচন আয়োগে মঙলবাৰে উত্তৰ প্ৰদেশৰ বাবে বিশেষ সংশোধিত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকা অনুসৰি ৰাজ্যখনত মুঠ ২.৮৯ কোটি ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। পূৰ্বে উত্তৰ প্ৰদেশত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৫.৪৪ কোটি, যি বৰ্তমান হ্ৰাস পাই ১২.৫৫ কোটি হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এতিয়া যোগী ৰাজ্যৰ প্ৰতি পাঁচজন ভোটাৰৰ ভিতৰত এজনৰ নাম তালিকাৰ পৰা বাদ পৰিছে।
উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিনোৱাই সংবাদ মাধ্যমৰ আগত জনোৱা মতে খচৰা তালিকাখনত প্ৰায় ১৮.৭ শতাংশ ভোটাৰ হ্ৰাস পাইছে। তেওঁ উল্লেখ কৰে যে এনুমানেচন ফৰ্ম পূৰণ প্ৰক্ৰিয়াটোত ৰাইজৰ ব্যাপক সঁহাৰি দেখা গৈছিল। মুঠ ১৫.৪৪ কোটি ভোটাৰৰ ভিতৰত ১২.৫৫ কোটিৰো অধিক লোকে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰপত্ৰ জমা দিছিল। এই সংশোধনীৰ জৰিয়তে ভোটাৰ তালিকাখন অধিক স্বচ্ছ আৰু সঠিক কৰি তুলিবলৈ চেষ্টা কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে।
তালিকাৰ পৰা নাম কৰ্তন হোৱা লোকসকলৰ ভিতৰত প্ৰায় ৪৬.২৩ লাখ ভোটাৰ মৃত বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ উপৰি ২.১৭ কোটি ভোটাৰে ৰাজ্য এৰি আন ঠাইলৈ গুচি যোৱাৰ বাবে তেওঁলোকৰ নাম বাদ দিয়া হৈছে। আনহাতে প্ৰায় ২৫.৪৬ লাখ লোকৰ নামত ডুপ্লিকেট ভোটাৰ কাৰ্ড থকাৰ তথ্য পোহৰলৈ আহিছে। অৱশ্যে প্ৰকৃত ভোটাৰসকলে এতিয়াও নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ পাব। ৬ জানুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰী পৰ্যন্ত ৬ নম্বৰ ফৰ্ম পূৰণ কৰি এইক্ষেত্ৰত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব।
নিৰ্বাচন আয়োগে শেহতীয়াকৈ তামিলনাডু, গুজৰাট আৰু অসমতো এনেধৰণৰ সংশোধন প্ৰক্ৰিয়া সম্পন্ন কৰিছে। ইয়াৰ ভিতৰত তামিলনাডুত ৯৭ লাখ, গুজৰাটত ৭৪ লাখ আৰু অসমত ১০.৫৬ লাখ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। উত্তৰ প্ৰদেশৰ ভিতৰত ৰাজধানী লক্ষ্ণৌত সৰ্বাধিক ভোটাৰৰ নাম বাদ পৰিছে। লক্ষ্ণৌত পূৰ্বে ৩৯.৯ লাখ ভোটাৰ আছিল যদিও এতিয়া সেই সংখ্যা ২৭.৯ লাখলৈ হ্ৰাস পাইছে। একেদৰে ললিতপুৰ জিলাতো ভোটাৰৰ সংখ্যা প্ৰায় ১০ শতাংশ হ্ৰাস পোৱা বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে।





