• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ পৰলোকপ্ৰাপ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 7, 2026 6:30 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰাক উপত্যকাৰ ৰাজনীতিৰ আকাশৰ এক উজ্জ্বল নক্ষত্ৰৰ পতন ঘটিল। বিশিষ্ট শিক্ষাবিদ, প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থই আজি শেষ নিশ্বাস ত্যাগ কৰে। বুধবাৰে সন্ধিয়া ৫:০৬ বজাত শিলচৰ মেডিকেল কলেজ হাস্পতালত তেওঁ মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। যোৱা কিছুদিন ধৰি তেওঁ বাৰ্ধক্যজনিত অসুস্থতাত ভুগি আছিল। বিশেষকৈ যোৱা এমাহ ধৰি তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল। উন্নত চিকিৎসাৰ বাবে তেওঁক শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকৰ সকলো প্ৰচেষ্টা ব্যৰ্থ কৰি তেওঁ ইহলীলা সম্বৰণ কৰে।

কবীন্দ্ৰ পুৰকায়স্থৰ জন্ম আৰু কৰ্মজীৱন আছিল অত্যন্ত অনুপ্ৰেৰণাদায়ক। তেওঁ নিজৰ কৰ্মজীৱন এগৰাকী বিশিষ্ট শিক্ষক হিচাপে আৰম্ভ কৰিছিল আৰু সমাজত এজন গুণী শিক্ষক হিচাপে যথেষ্ট সুনাম অৰ্জন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ সক্ৰিয় ৰাজনীতিত ভৰি দিয়ে। তেওঁক উত্তৰ-পূৰ্বাঞ্চলত ভাৰতীয় জনতা পাৰ্টিৰ ভেটি স্থাপন কৰা অন্যতম শক্তিশালী কাণ্ডাৰী হিচাপে গণ্য কৰা হয়। ৰাজনৈতিক জীৱনত তেওঁ সদায় এগৰাকী সৎ আৰু নিষ্ঠাবান ব্যক্তিত্ব হিচাপে পৰিচিত আছিল। অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য আছিল আৰু অতি দক্ষতাৰে যোগাযোগ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল।

Apply Now

প্ৰবীণ ৰাজনীতিবিদগৰাকীৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। বিভিন্ন মহলে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰনোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে কবীন্দ্ৰ পুৰকায়স্থ আছিল উত্তৰ-পূবত বিজেপি দলৰ এগৰাকী প্ৰতিষ্ঠাপক আৰু আদৰ্শ পুৰুষ। তেওঁৰ বিয়োগ অসমৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

June 22, 2026 5:39 pm
মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

মহাৰাষ্ট্ৰৰ ৰাজনীতিত ডাঙৰ জোকাৰণি: একনাথ শিন্দেৰ শিৱসেনাত যোগদান উদ্ধৱ গোটৰ ৬ গৰাকী সাংসদৰ

June 22, 2026 5:22 pm
ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

ছাত্ৰৰ অনুৰোধত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেখুৱালে নিজৰ মোবাইলৰ ৱালপেপাৰ

June 22, 2026 5:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

June 22, 2026 5:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd