এফালে দেশৰ বনাঞ্চলক কৰ্পোৰেট গোষ্ঠীৰ হাতত গতাই দিয়াৰ আত্মঘাতী সিদ্ধান্ত আৰু আনফালে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ মঞ্চত মিত্ৰদেশৰ চৰম বিশ্বাসঘাতকতা! এই দ্বিমুখী বিফলতাই বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ তথাকথিত ‘জলবায়ু নেতৃত্ব’ৰ ফোপোলা স্বৰূপটো এতিয়া বিশ্ববাসীৰ আগত উদঙাই দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ শেহতীয়া এক ঘোষণাই সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ কূটনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ পৰা আমেৰিকাক আঁতৰাই অনাৰ এক ব্যাপক প্ৰক্ৰিয়াৰ অংশ হিচাপে ট্ৰাম্প প্ৰশাসনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ প্ৰকল্প ‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী’ (ISA) ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। কেৱল সেয়াই নহয়, ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ ফ্ৰেমৱৰ্ক কনভেনচন (UNFCCC)-ৰ দৰে গুৰুত্বপূৰ্ণ চুক্তিৰ পৰাও আমেৰিকাই নিজকে প্ৰত্যাহাৰ কৰি মোডী চৰকাৰৰ গোলকীয় ৰাজনীতিক এক তীব্ৰ প্ৰত্যাহ্বান জনাইছে। যি সময়ত কেন্দ্ৰীয় চৰকাৰে দেশৰ ভিতৰত বন সংৰক্ষণ আইন শিথিল কৰি পুঁজিপতিৰ স্বাৰ্থ সুৰক্ষিত কৰাত ব্যস্ত, সেই একে সময়তে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ গুৰুত্বহীনতাই চৰকাৰখনৰ বৈদেশিক নীতিৰ চৰম বিফলতাকে প্ৰতিপন্ন কৰিছে।
প্ৰধানমন্ত্ৰী মোডীয়ে যিকেইখন দেশক ‘সূৰ্যপুত্ৰ’ আখ্যা দি ২০১৫ চনত বৃহৎ ঘোষণাৰে ‘আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী’ (ISA) গঠন কৰিছিল, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সেই সংস্থাক এতিয়া আমেৰিকাৰ বাবে এক ‘হাইব্ৰিড থ্ৰেট’ (Hybrid Threat) বা সংকৰ ভাবুকি বুলি অভিহিত কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই এই সংস্থাৰ লগতে ৰাষ্ট্ৰসংঘৰ জলবায়ু সম্পৰ্কীয় সন্ধি (UNFCCC) আৰু ৬৬টা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা নিজকে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে, যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক একাষৰীয়া কৰা হৈছে, তেতিয়া কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে (MoEFCC) দেশৰ ভিতৰত বন সংৰক্ষণ আইনক অধিক দুৰ্বল কৰি তোলাতহে ব্যস্ত হৈ পৰিছে। নতুন সংশোধনীৰ জৰিয়তে বনাঞ্চলত ব্যক্তিগত প্ৰতিষ্ঠানক বাণিজ্যিক বৃক্ষৰোপণৰ অনুমতি দি পৰিৱেশতন্ত্ৰক বিপদত পেলোৱা হৈছে। বিশেষজ্ঞসকলে ইয়াক চৰকাৰৰ এক “বিনাশকাৰী পদক্ষেপ” বুলি অভিহিত কৰিছে, যিটোৱে চৰকাৰৰ পৰিৱেশ বিৰোধী চৰিত্ৰ উদঙাই দিছে।
প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠান ‘দ্য গাৰ্ডিয়ান’ৰ এক প্ৰতিবেদনত প্ৰকাশ কৰা মতে, হোৱাইট হাউচৰ প্ৰাক্তন জলবায়ু উপদেষ্টা জিনা মেককাৰ্থিয়ে মত প্ৰকাশ কৰিছে যে, আমেৰিকাৰ এই শেহতীয়া পদক্ষেপে দেশখনক গোলকীয় নেতৃত্বৰ আসনৰ পৰা বিচ্যুত কৰিব আৰু জলবায়ু সম্পৰ্কীয় কোটি কোটি ডলাৰৰ বিনিয়োগৰ ওপৰত থকা প্ৰভাৱো হেৰুৱাব। একেদৰে, নেচাৰেল ৰিচ’ৰ্চ ডিফেঞ্চ কাউন্সিলৰ মনীষ বাাপনাই সতৰ্কবাণী শুনাইছে যে, এই সিদ্ধান্তৰ ফলত স্বচ্ছ শক্তি উদ্যোগৰ ক্ষেত্ৰত চীনৰ সৈতে চলি থকা প্ৰতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰ যথেষ্ট পিছ পৰি যাব আৰু ইয়াৰ প্ৰতিযোগিতামূলক ক্ষমতা দুৰ্বল হৈ পৰিব।
ট্ৰাম্পৰ এই কাৰ্যই যদিও আমেৰিকাক জলবায়ু বিনিয়োগৰ পৰা বঞ্চিত কৰিব, কিন্তু ইয়াৰ বিপৰীতে ভাৰতৰ নেতৃত্বত থকা ‘সৌৰ মৈত্ৰী’ এতিয়া এক শক্তিশালী মিত্ৰ অবিহনে এক প্ৰকাৰ পংগু হৈ পৰিব।
আমেৰিকাই সমৰ্থন প্ৰত্যাহাৰ কৰিবলগীয়া মূল সংস্থাসমূহ:
- আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী (ISA)
- ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ ফ্ৰেমৱৰ্ক কনভেনচন (UNFCCC)
- জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় আন্তঃচৰকাৰী পেনেল (IPCC)
- প্ৰকৃতি সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় ইউনিয়ন (IUCN)
বৰ্তমানৰ চৰকাৰে এফালে বিশ্বৰ আগত সৌৰ শক্তিৰ গুণগান কৰা আৰু আনফালে দেশৰ ভিতৰত অৰণ্য ধ্বংস কৰি বাণিজ্যিকৰণক প্ৰশ্ৰয় দিয়া— এই স্ববিৰোধী স্থিতিৰ বাবেই আজি ভাৰত বিশ্বমঞ্চত এক জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে। ট্ৰাম্পৰ ‘আমেৰিকা ফাৰ্ষ্ট’ নীতিৰ বিপৰীতে মোডী চৰকাৰৰ ‘কৰ্পোৰেট ফাৰ্ষ্ট’ নীতিয়ে দেশৰ পৰিৱেশ আৰু কূটনৈতিক মৰ্যাদা দুয়োটাকে সংকটলৈ ঠেলি দিছে।





