মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি কেইবাটাও বিষয়ক লৈ বিগত কিছুদিন ধৰি প্ৰতিবাদে কঁপাই তুলিছে ইৰাণক। প্ৰতিবাদকাৰীৰ কাষত থিয় দিছে দেশৰ নিৰ্বাসিত যুৱৰাজ ৰেজা পাহলৱী। তেওঁৰ গণ প্ৰতিবাদৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৃহস্পতিবাৰে তেহৰাণ আৰু অন্যান্য চহৰত বহু লোক ৰাজপথলৈ ওলাই আহে। বহুতে “স্বৈৰাচাৰী নিপাত যাওক” বুলি কোৱা শুনা গৈছিল। আন কিছুমানে কৈছিল, “এইখন শেষ যুদ্ধ। পাহলৱী ঘূৰি আহিছে।”
প্ৰতিবাদকাৰীসকলে ইৰাণৰ শাসক আৰু ব্যৱস্থাটোক একেলগে প্ৰত্যাহ্বান জনায়। সংবাদ সংস্থাৰ মতে, বৃহস্পতিবাৰে নিশা ইৰাণত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ লগতে টেলিফোন লাইনসমূহো বিচ্ছিন্ন কৰা হয়।
শুকুৰবাৰে ইৰাণৰ প্ৰতিবাদে ১২ সংখ্যক দিনত প্ৰৱেশ কৰে। ইৰাণৰ শাসকসকলৰ বিৰুদ্ধে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, জীৱন ধাৰণৰ মানদণ্ড হ্ৰাসকে ধৰি একাধিক অভিযোগ উত্থাপন হৈছে।
যি সময়ত ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লাহ আলী খামেনেইৰ বিৰুদ্ধে ইৰাণৰ জনসাধাৰণে ক্ষোভত ফাটি পৰিছে, সেই সময়তে পাহলৱীয়ে দেশখনৰ ধৰ্মীয় প্ৰশাসকক তীব্ৰ সমালোচনা কৰিছে। তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে, “লাখ লাখ ইৰাণীয়ে স্বাধীনতাৰ দাবী কৰিছে। এই পৰিস্থিতিত ইৰাণে যোগাযোগৰ সকলো উৎস কাটি পেলাইছে। তেওঁলোকে ইণ্টাৰনেট বন্ধ কৰি দিছে। আনকি লেণ্ডলাইন সংযোগো বিচ্ছিন্ন হৈছে। হয়তো জেমাৰ ব্যৱহাৰ কৰি উপগ্ৰহৰ সংকেত বন্ধ কৰা হৈছে।”
ইৰাণৰ প্ৰতিবাদকাৰীৰ কাষত থিয় দিয়াৰ বাবে তেওঁ ড’নাল্ড ট্ৰাম্পক ধন্যবাদ জনায়। ইউৰোপৰ আন আন দেশসমূহকো তেওঁলোকৰ কাষত থিয় দিবলৈও তেওঁ আহ্বান জনায়।
উল্লেখ্য যে ইৰাণত প্ৰতিবাদকাৰী আৰু সেনা-আৰক্ষীৰ মাজত সংঘৰ্ষত এতিয়ালৈকে ৩৬ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ পূৰ্বে ট্ৰাম্পে খামেনেই প্ৰশাসনক সকীয়াই দিছিল যে যদি তেওঁলোকে মানুহক হত্যা কৰিবলৈ আৰম্ভ কৰে তেন্তে আমি তেওঁলোকৰ ওপৰত কঠোৰ আঘাত হানিম। অৱশ্যে ৰেজা পাহলৱীকো সাক্ষাৎ কৰিব বিচৰা নাই ট্ৰাম্পে।





