অসমীয়া আধুনিক আৰু সমসাময়িক সংগীত জগতলৈ এক নতুন মাত্ৰা যোগ কৰি শুভ মুক্তি লাভ কৰে এক ব্যতিক্ৰমী গীত ‘মেঘ দেশ’। শিল্পী সমুদ্ৰ কাজল শইকীয়াৰ কথা আৰু সুৰেৰে সজোৱা এই গীতটোত কণ্ঠদান কৰিছে জনপ্ৰিয় তথা অনন্য কণ্ঠৰ অধিকাৰী শিল্পী অনিন্দিতা পালে।
আজি বিয়লি ৫:৩০ বজাত চানমাৰিস্থিত গুৱাহাটী আৰ্টিষ্টছ গীল্ডত আয়োজিত এক বিশেষ অনুষ্ঠানত গীতটো আনুষ্ঠানিকভাবে মুকলি কৰা হয়। এই অনুষ্ঠানত গীতটোৰ মিউজিক ভিডিঅ’প্ৰদৰ্শন কৰাৰ লগতে অসমীয়া আধুনিক গীতৰ বৰ্তমানৰ ধাৰা, প্ৰৱণতা আৰু সম্ভাৱনা সম্পৰ্কে এক গাম্ভীৰ্যপূৰ্ণ আলোচনাচক্ৰও অনুষ্ঠিত হয়। উল্লেখ্য যে ‘মেঘ দেশ’ গীতটো শইকীয়াৰ ১২টি গীতৰ এলবাম পৃথিৱীৰ গানৰ প্ৰথমটো গীত ।
উল্লেখ্য যে নাট্যপৰিৱেশন বা বিভিন্ন পাৰিৱেশিক প্ৰয়োজনত সৃষ্টি হোৱা বহুতো গীত সচৰাচৰ জনচক্ষুৰ অলক্ষিতে থাকি যায়। সমুদ্ৰ কাজল শইকীয়াৰ উদ্যোগত পূৰ্বে এনেধৰণৰ গীতসমূহ ‘কাণখোৱাৰ গান’নামেৰে শ্ৰোতাই আদৰি লৈছিল। সেই ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰ ‘পৃথিৱীৰ গান’শীৰ্ষক এটা নতুন এলবামৰ পৰিকল্পনা কৰিছে, পৰৱৰ্তী সময়ত এলবামটোৰ বাকী কেইটা গীত ৰাজলৈ বুলি আগবঢ়য় দিব বুলি সদৰী কৰিছে।
‘মেঘ দেশ’ গীতটিৰ কণ্ঠশিল্পী অনিন্দিতা পালে ‘নৰ্থ ইষ্ট নাও’ক জনোৱা মতে, এই গীতটিত কণ্ঠদান কৰিবলৈ পাই তেওঁ অত্যন্ত সুখী আৰু গৌৰৱান্বিত। তেওঁ লগতে উল্লেখ কৰে যে ‘মেঘ দেশ’ গীতটিয়ে তেওঁৰ সংগীত যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে এখোজ আগুৱাই লৈ গৈছে।
বিশিষ্ট চলচ্চিত্ৰ কৰ্মী তথা চলচিত্ৰ পৰিচালক অমৰদীপ গগৈয়ে সুন্দৰকৈ আঁত ধৰা এই অনুষ্ঠানটোত ৰাজ্যৰ বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক, গৱেষক আৰু সাংস্কৃতিক কৰ্মী উপস্থিত থাকে। আমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল লেখক তথা সংগীতশিল্পী লোকনাথ গোস্বামী, বিশিষ্ট সংগীতশিল্পী মণিষা হাজৰিকা, চলচ্চিত্ৰ সমালোচক তথা লেখক উৎপল দত্ত, নাট্য সমালোচক তথা সাংস্কৃতিক কৰ্মী নয়ন প্ৰসাদ আৰু গায়িকা তথা সুৰকাৰ মনজ্যোৎস্না মহন্ত আৰু চলচ্চিত্ৰ সমালোচক তথা সাংবাদিক বিতোপন বৰবৰা আদিকে ধৰি বহু সংগীত অনুৰাগী অনুষ্ঠানটোত উপস্থিত থাকি নিজৰ মন্তব্য আগবঢ়াই অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সংগীতানুৰাগী তথা সাংস্কৃতিক কৰ্মীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। গীতটোৱে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰাৰ লগতে শ্ৰোতাৰ মন জয় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।





