হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাৰ হৰিপুৰধাৰত আজি বিয়লি এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ছিমলা জিলাৰ কুপৱীৰ পৰা সোলান অভিমুখে যাত্ৰা কৰা এখন ব্যক্তিগত খণ্ডৰ যাত্ৰীবাহী বাছে হৰিপুৰধাৰত নিয়ন্ত্ৰণ হেৰুৱাই এটা দ খাৱৈত বাগৰি পৰে, যাৰ ফলত ৮ গৰাকী যাত্ৰীয়ে থিতাতে প্ৰাণ হেৰুৱায়। জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত বাছখনত প্ৰায় ৪০ ৰ পৰা ৫০ জন যাত্ৰী আছিল আৰু পথত থকা প্ৰবল কুঁৱলীৰ বাবে চালকজনে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰিছে।
এই মৰ্মান্তিক দুৰ্ঘটনাৰ শব্দ শুনি লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষী আহি পোৱাৰ পূৰ্বেই উদ্ধাৰ অভিযান আৰম্ভ কৰে। পৰৱৰ্তী সময়ত আৰক্ষী আৰু প্ৰশাসনৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত এতিয়ালৈকে প্ৰায় ৩০ জন যাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
এই দুৰ্ঘটনাত ১২ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁলোকক ততাতৈয়াকৈ এম্বুলেন্সৰ জৰিয়তে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ছিৰমৌৰৰ আৰক্ষী অধীক্ষকে নিজেই ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্যৰ বুজ লৈছে। আহত কেইবাজনো যাত্ৰীৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে নিহত যাত্ৰীসকলৰ পৰিচয় উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে।





