• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিকিৎসক দম্পতীক ১৭ দিন ধৰি ডিজিটেলি গ্ৰেপ্তাৰ কৰি ১৪ কোটি টকা লুট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2026 1:30 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি এতিয়া মকৰা জালৰ দৰে বিয়পি পৰিছে ডিজিটেল গ্ৰেপ্তাৰৰ ভয়ংকৰ জালিয়াতি। শেহতীয়াকৈ এই প্ৰৱঞ্চনাৰ জালত পৰি সৰ্বস্বান্ত হ’বলগীয়া হৈছে এহাল জ্যেষ্ঠ চিকিৎসক দম্পতী। দক্ষিণ দিল্লীৰ গ্ৰেটাৰ কৈলাশ অঞ্চলৰ বাসিন্দা এই দম্পতীহালক প্ৰৱঞ্চকৰ দলে প্ৰায় দুসপ্তাহ ধৰি ডিজিটেলি গ্ৰেপ্তাৰ কৰি ৰাখিছিল আৰু তেওঁলোকৰ পৰা প্ৰায় ১৪ কোটি টকা লুট কৰি লৈ গৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ভুক্তভোগী দম্পতী ডাঃ ওম তানিজা আৰু তেওঁৰ পত্নী ইন্দিৰা তানিজা দীৰ্ঘদিন ধৰি বিদেশত আছিল। প্ৰায় ৪৮ বছৰ ধৰি আমেৰিকাত বাস কৰা এই চিকিৎসক দম্পতীয়ে ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক সংস্থাতো কাম কৰিছিল। ২০১৫ চনত তেওঁলোক ভাৰতলৈ উভতি আহে আৰু বৰ্তমান দিল্লীত বসবাস কৰি আছে। যিহেতু তেওঁলোকৰ পুত্ৰ বিদেশত থাকে, সেয়েহে বৃদ্ধ দম্পতীহাল ঘৰত অকলেই আছিল আৰু এই সুযোগটোকে গ্ৰহণ কৰিছিল চাইবাৰ অপৰাধীৰ দলটোৱে।

Apply Now

এই সমগ্ৰ প্ৰৱঞ্চনাৰ ঘটনাটো যোৱা বৰ্ষৰ ২৪ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীৰ ভিতৰত সংঘটিত হৈছিল। অভিযুক্তসকলে নিজকে আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ উচ্চপদস্থ বিষয়া বুলি পৰিচয় দিছিল। তেওঁলোকে দম্পতীহালক এটা ভিডিঅ’ কলৰ জৰিয়তে ডিজিটেল গ্ৰেপ্তাৰৰ ভয় দেখুৱাইছিল আৰু তেওঁলোকৰ ওপৰত ২৪ ঘণ্টাই চকু ৰাখিছিল। এই ১৭ দিনৰ ভিতৰত প্ৰৱঞ্চকসকলে ইন্দিৰা তানিজাৰ ৮টা বিভিন্ন বেংক একাউণ্টৰ পৰা পৰ্যায়ক্ৰমে মুঠ ১৪.৮৫ কোটি টকা কৌশলেৰে হস্তান্তৰ কৰি লৈ যায়।

চিকিৎসক দম্পতীহালে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, প্ৰৱঞ্চকসকলে তেওঁলোকক ইমানেই ভয় খুৱাইছিল যে তেওঁলোকে কাকো একো ক’বলৈ সাহস কৰা নাছিল। গ্ৰেপ্তাৰ কৰা আৰু আইনী জটিলতাত পেলোৱাৰ ভাবুকি দি তেওঁলোকক মানসিকভাৱে বন্দী কৰি ৰখা হৈছিল। অৱশেষত ১০ জানুৱাৰীত দম্পতীহালে বুজিব পাৰে যে তেওঁলোক এক ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈছে। লগে লগে তেওঁলোকে দিল্লী আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে আৰু বৰ্তমান চাইবাৰ ক্ৰাইম উইঙে এই ৰহস্যজনক ঘটনাৰ তদন্ত চলাই আছে। কেন্দ্ৰীয় চৰকাৰে এনে অপৰাধৰ বিৰুদ্ধে সজাগতা চলাই থকাৰ পাছতো শিক্ষিত লোকসকল এনেদৰে চিকাৰ হোৱাটোৱে সকলোকে চিন্তিত কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

শিলচৰ পৌৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ শৈক্ষিক অৰ্হতা লৈ গুৰুতৰ অভিযোগ অসম জাতীয় পৰিষদৰ

October 1, 2026 3:54 pm
এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

এছিয়ান গেমছত শ্ৰীলংকাক হৰুৱালে শ্ৰেয়াছ বাহিনীয়ে; ফাইনেলত স্বৰ্ণৰ যুঁজত ভাৰত-পাকিস্তান

October 1, 2026 2:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

এইবাৰ গুজৰাটত শক্তি বৃদ্ধি কৰিছে কংগ্ৰেছে! দলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

October 1, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd